সংগ্ৰাম- অংশুমান বাৎস

pc- 123RF

সংগ্ৰাম
~~
মৌন ওঁঠৰ আঁৰত,
শব্দৰ লুকাভাকু…
গোপনে ৰাখিব খোজো,
নিৰ্জনতাৰ ভাৱবোৰো ।
হৃদয়ক মাথোঁন প্ৰশ্ন কৰোঁ,
এটি এটি ক্ষণ গণো
হেৰুৱাৰ ভয়ত নিতৌ,
উচুপনি গোপনাই ৰাখোঁ ।
বুজনিৰ মাজেৰে
সান্তনা নিজক যাচোঁ,
অনুভূতিৰ মায়াজালৰ
চিকাৰ মই হৈ পৰোঁ ।
ভাৱি ভাৱি পাৰ নাপাওঁ
বিচলিত হ’ব খোজোঁ,
গধুলিৰ সময়বোৰ
অনিশ্চয়তাৰে পাৰ কৰোঁ ।
আকৌ ন-আশা লৈ
হাঁহি এটি মুখত পিন্ধো ,
সপোন মই পুনৰ দেখো..
দাপোনৰ আগত নিতৌ
বিষাদবোৰো দাঙি ধৰোঁ ।
নিজক নিজে প্ৰশ্ন কৰোঁ,
উশাহৰ গভীৰতাত,
আশাৰ নতুন বাট বুলো ।

অংশুমান বাৎস