হাজোৰ কয়াতল-মৰিগাঁৱৰ চনকা পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ব্ৰহ্মপুত্ৰৰ গতিপথ সলনি হোৱা স্থানৰ ভূমি ব্যৱহাৰযোগ্যকৈ পুনৰুদ্ধাৰৰ অৰ্থে এক বৃহৎ প্রকল্প গ্ৰহণৰ চিন্তা-চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মৰিগাঁও আৰু কামৰূপ জিলা ভ্ৰমণ কৰি এই ভূমি উদ্ধাৰ প্ৰকল্প তথা মথাউৰি শক্তিশালীকৰণৰ বুজ লয় । মুখ্যমন্ত্রী ড° শর্মাই কামৰূপ জিলাৰ হাজোৰ কয়াতল আৰু মৰিগাঁও জিলাৰ মায়ঙৰ চনকাত উপস্থিত হৈ দুয়োটা স্থানৰে প্ৰস্তাৱিত প্ৰকল্পৰ চৰজমিন বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে নদীৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ বাবে চলি থকা কাৰ্যসূচীৰ পৰ্যালোচনা কৰে । পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অসমত প্ৰতি বছৰে গড়ে প্ৰায় ৮,০০০ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যায়, যদিও নদীৰ অন্য প্ৰান্তত পলস পৰি নতুন চৰ বা ভূমিৰ সৃষ্টি হয় ।মুখ্যমন্ত্ৰীয়ে প্রথমে কয়াতলত উপস্থিত হৈ অঞ্চলটোত প্রস্তাবিত প্রকল্পটো সম্বন্ধীয় বিভিন্ন দিশ বিভাগীয় মন্ত্রী আৰু শীর্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰে। ইয়াৰ পিছতে তেওঁ মায়ঙৰ চনকাতো অনুৰূপ আলোচনাত মিলিত হয়।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰিবলগীয়া বৃহৎ প্রকল্পটো সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয় যে বিগত বর্ষসমূহত অসমত গৰাখহনীয়াত বহু মাটি ব্রহ্মপুত্ৰত জাহ গৈছে। ইয়াৰ ফলত অসমত ব্যৱহাৰযোগ্য ভূমি হ্রাস পাইছে। আনহাতে, সময়ৰ সোঁতত নদীখনে বিভিন্ন স্থানত গতিপথ সলনি কৰাৰ ফলত বহু ভূমি নদীখনৰ বুকুৰ পৰা মুকলি হৈছে। ধেমাজি জিলাত যথেষ্ট পৰিমাণৰ ভূমি এইদৰে মুকলি হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন ঠাইত খহনীয়াৰ কবলত পৰি পৰৱৰ্তী সময়ত নদীৰ বক্ষৰ পৰা বাম হৈ ওলাই অহা ভূমি বিজ্ঞানসম্মত অধ্যয়নৰ আধাৰত পুনৰুদ্ধাৰৰ প্ৰকল্প এটা গ্ৰহণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰি আছে। লুইতৰ বুকুৰ পৰা এইদৰে পুনৰুদ্ধাৰ কৰা ভূমি খেতি-বাতি কৰা, উদ্যোগ স্থাপন বা মানুহৰ বসতিৰ বাবে উপযুক্ত কৰি তুলিব পৰা যাব। কামৰূপ জিলাৰ কয়াতলৰ প্ৰস্তাৱিত প্রকল্পটোৰ বিষয়ে মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে হাজোৰ লাহেশ্বৰী মন্দিৰৰ সমীপৰ পৰা শ্ৰীহাটীলৈকে এসময়ত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা ২ হাজাৰ বিঘাৰো অধিক ভূমি পুনৰুদ্ধাৰৰ চিন্তা-চৰ্চা কৰিছে।

আনহাতে, চনকা অঞ্চলৰ কাছশিলাৰ পৰা নৰসিংহ পাহাৰলৈ প্ৰায় ১ হাজাৰ বিঘা ভূমি পুনৰুদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, নৰসিংহ পাহাৰৰ পৰা গণেশ পাহাৰলৈ প্ৰায় ১,৫০০ বিঘা ভূমি পুনৰুদ্ধাৰৰ আন এটা প্ৰকল্পৰ প্ৰস্তাৱ কৰা হৈছে। অঞ্চলটোত এনেধৰণৰ তৃতীয় এটা প্রকল্পৰো পৰিকল্পনা কৰি থকা হৈছে। এই প্রকল্পসমূহৰ জৰিয়তে ৪-৫ হাজাৰ বিঘা ভূমি পুনৰুদ্ধাৰ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ লগতে জানিবলৈ দিয়ে যে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আয়ুক্তসকলে এইধৰণৰ বহুকেইটা স্থান চিনাক্ত কৰিছে। সেয়ে এটা বৃহৎ প্রকল্প গ্ৰহণৰ দ্বাৰাহে ভূমি পুনৰুদ্ধাৰৰ কাম সম্ভৱ হ’ব। এইধৰণৰ প্ৰকল্প গ্ৰহণৰ পূৰ্বে বিজ্ঞানসন্মত বিভিন্ন অধ্যয়নৰ জৰিয়তেহে ৰাজ্য চৰকাৰে সিদ্ধান্ত ল’ব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে এই প্রকল্প ৰূপায়ণৰ বাবে যথেষ্ট পুঁজিৰ প্রয়োজনীয়তাও আহি পৰিব।

ইফালে, মুখ্যমন্ত্রীয়ে চনকাত অৱস্থিত শ্রীশ্রী নৰসিংহ মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কল্যাণৰ বাবে সেৱা জনায়। তদুপৰি, তেওঁ এই দুয়োটা স্থান পৰিদৰ্শন কালত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু ৰাইজে জনোৱা বিভিন্ন অভাৱ-অভিযোগসমূহ যথাসম্ভৱ পূৰণৰ আশ্বাস প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে হাজোৰ কয়াতল পৰিদৰ্শন কালত মন্ত্রী সুশান্ত বৰগোহাঁই, স্থানীয় বিধায়ক প্রকাশ চন্দ্ৰ দাসৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা, বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাছীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে। আনহাতে, মায়ঙৰ চনকা পৰিদৰ্শন কালত মন্ত্রী পীযূষ হাজৰিকা, সুশান্ত বৰগোহাঁই, সাংসদ দেৱাশিস শৰ্মাৰ উপৰি মুখ্য সচিব ড° ৰবি কোটা প্ৰমুখ্যে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া আৰু বিশিষ্ট ব্যক্তিয়ে মুখ্যমন্ত্রীক সংগ দিয়ে।
