আয়ুষ্মান যোজনাৰ বাবে ২০০ কোটিৰ অনুমোদন কেবিনেটৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত চিকিৎসা, উচ্চ শিক্ষা আৰু স্কুলীয়া শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে কেইবাটাও অতি গুৰুত্বপূৰ্ণ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেবিনেট সিদ্ধান্ত বিস্তৃতভাৱে প্ৰকাশ কৰি উল্লেখ কৰা অনুসৰি কেবিনেটে আয়ুষ্মান অসমক শক্তিশালী কৰাৰ লক্ষ্যৰে ২০০ কোটি টকাৰ অনুমোদন জনায়। অসমৰ ৪০ লাখৰো অধিক পৰিয়াললৈ স্বাস্থ্য সেৱাৰ সুবিধা অব্যাহত ৰখাৰ লক্ষ্যৰে মুখ্যমন্ত্রী আয়ুষ্মান অসম আঁচনিৰ বাবে এই ধনৰাশি অনুমোদন দিয়ে কেবিনেটে। একেদৰে সমগ্র শিক্ষা অভিযানৰ অধীনত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে প্ৰদান কৰা এককালীন সাহায্যৰ পৰিমাণ ৫ লাখ টকাৰ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধিত কেবিনেটে অনুমোদন জনায় ।

কেবিনেটে ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ক নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰীকৰণৰ প্ৰস্তাৱত অনুমোদন জনায় । ২০২৬-২৭ বৰ্ষৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১.৫ লাখৰো অধিক স্নাতক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীৰ নামভৰ্তি মাচুল ৰেহাইত সহযোগিতা আগবঢ়োৱা মহাবিদ্যালয়সমূহক ক্ষতিপূৰণ হিচাপে ১০৮ কোটিৰো অধিক টকা মোকলাই দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায় । ৰাজ্যিক কেবিনেটে আই আই টি গুৱাহাটীৰ ‘ৰিছাৰ্চ পার্ক’ৰ জৰিয়তে সমগ্ৰ শিক্ষা অভিযানৰ অধীনৰ বিভিন্ন বিদ্যালয়ত শিক্ষণ-শিকন সামগ্ৰীৰ উদ্ভাৱন আৰু যোগানৰ প্ৰস্তাৱত অনুমোদন জনায় । ইয়াৰ জৰিয়তে বৰ্তমানৰ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটোৱাৰ লগতে শিক্ষণ-শিকন সামগ্রীসমূহ অধিক শিক্ষার্থী অনুকূল আৰু সামগ্রিক শিক্ষণ-বিধিৰ উপযোগী কৰি তোলা হ’ব ।
