সৌন্দৰ্যৰে ভৰপূৰ ত্রিকূট পাহাৰৰ বৈষ্ণোদেৱী – গোপাল জালান

pc RailYatri

সৌন্দৰ্যৰে ভৰপূৰ ত্রিকূট পাহাৰৰ বৈষ্ণোদেৱী

গোপাল জালান

প্ৰতিগৰাকী হিন্দু ধৰ্মাৱলম্বী লোকৰেই বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰাৰ হেঁপাহ থাকে। এই মন্দিৰটো দর্শন নকৰিলে যেন জীৱনটো আধৰুৱা। বৈষ্ণোদেৱী মন্দিৰ এবাৰ দৰ্শন কৰিব পৰাটো সকলোৱে পৰম সৌভাগ্য বুলি গণ্য কৰে৷ পিছে যিয়ে এবাৰ দৰ্শন কৰে তেওঁ বছৰি এবাৰ হ’লেও দেৱী দৰ্শনৰ বাবে আগ্রহ প্রকাশ কৰে। এয়া যেন দেৱীৰেই কৃপা। তেনে এক মনোভাবেৰেই প্ৰতিবছৰে বৈষ্ণোদেৱীৰ দৰ্শনৰ বাবে ওলাওঁ। বিগত বৰ্ষত কৰোনা অতিমাৰীৰ ত্ৰাসৰ বাবে বৈষ্ণোদেৱীলৈ যোৱা নহ’ল। দুজন বন্ধুৰ স’তে সিদিনা উৰাজাহাজেৰে দিল্লীলৈ যাত্ৰা কৰিলো। বন্ধু দেৱজিৎ গোস্বামী আৰু পীয়ুষ আগৰৱালাৰ স’তে প্রথমে দিল্লীলৈ উৰা মাৰিলো। তিনিও বন্ধু একেলগে যোৱা বাবে কেতিয়া দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত পদার্পণ কৰিলো গমেই নাপালো। অসমৰ পৰা পোনপটীয়াকৈ বৈষ্ণোদেৱীলৈ যোৱাৰ সুবিধা বৰ্তমানলৈকে উপলব্ধ হোৱা নাই। সেইবাবে দিল্লীলৈ যোৱাৰ পাছতহে যাত্ৰা সম্ভৱ। দিল্লীৰ পৰা জম্মু হৈ কাত্ৰালৈ দৈনিক শ্ৰীশক্তি এক্সপ্ৰেছ ৰে’লখন চলাচল কৰাৰে পৰা যাত্ৰীসকলৰ সুবিধা হৈছে। আমি তিনিওজনে ৬ এপ্রিল, ২০২১ৰ আবেলি ৫.৩০ বজাত ৰে’লত উঠিলো। পিছদিনা পুৱা গন্তব্যস্থানত উপস্থিত হলো। কাত্ৰা ষ্টেচনৰ পৰাই বৈষ্ণোদেৱী মন্দিৰটো দেখা পোৱা যায়। অতি মনোমুগ্ধকৰ পৰিৱেশ। কাত্ৰা ষ্টেচনত উপস্থিত হোৱাৰ পাছতে মনত আনন্দ লাগে। যিকোনো সৌন্দর্যপিপাসু লোকৰ বাবে এনে ঠাই আনন্দ সৃষ্টিৰ উৎস হ’ব পাৰে। পূৰ্বতে আমি বুক কৰি থোৱা হোটেলৰ পৰা অহা গাড়ীয়ে ষ্টেচনৰ পৰা আমাক লৈ গ’ল। হোটেললৈ গৈ ভালদৰে গা-পা ধুই হেলিপেডলৈ ওললো।

বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিবলৈ হেলিকপ্টাৰেৰে যোৱাৰো ব্যৱস্থা আছে। অৱশ্যে ইয়াৰ বাবে আগতীয়াকৈ টিকট বুক কৰিব লাগে। কিছুমানে খোজ কাঢ়িও পাহাৰ বগায়। তলৰ পৰা উঠিবলৈ ঘোঁৰা আৰু পাল্কিৰ ব্যৱস্থাও আছে। আমি পুৱা আঠ বজাত হেলিপেডত উপস্থিত হলো। ন বজাত হেলিকপ্টাৰৰ সময়। গতিকে এঘণ্টা সময় হেলিপেডত বহিলো। বেছ সুন্দৰ ঠাই। দেশ-বিদেশৰ যাত্ৰীৰে ভৰি আছে হেলিপেড। কেইগৰাকীমান যাত্ৰীৰ লগত কথা-বতৰা হলো। প্রায়সংখ্যক যাত্ৰীয়ে প্ৰথমবাৰৰ বাবে বৈষ্ণোদেৱী মন্দিৰলৈ আহিছে। এই মন্দিৰটো এতিয়া পৰ্যটনস্থলীলৈ পৰিৱৰ্তন হৈছে। আগৰ কেইবাৰ যাওঁতে হেলিপেডত সিমান নিয়ম নাছিল যদিও এইবাৰ ক’ৰোনা অতিমাৰীৰ বাবে বিশেষ নিয়ম বান্ধি দিছে সংশ্লিষ্ট কর্তৃপক্ষই। সেই অনুসৰি আমি তিনিওজনে পি পি কীট, মাস্ক আদি পৰিধান কৰি হেলিকপ্টাৰত উঠিলো। মাত্ৰ চাৰি মিনিটতে পাহাৰৰ ওপৰলৈ যাব পাৰি। পাহাৰৰ তলৰ পৰা খোজ কাঢ়ি গ’লে ১৩ কিলোমিটাৰ পথ অতিক্ৰম কৰিব লাগে। পাহাৰৰ ওপৰত থকা হেলিপেডত উপস্থিত হোৱাৰ পাছত মনটো এনেকুৱা লাগিল যেন স্বৰ্গপুৰীতহে আছো। ইমান সৌন্দর্য….। পৃথিৱীৰ গোটেই সৌন্দৰ্যখিনি যেন প্রকৃতিদেৱীয়ে তাতেই থূপ খুৱাইছে। হেলিকপ্টাৰত অহা-যোৱা কৰিবলৈ আঠ মিনিটত ভৰিব লাগে ৩,৪৬০ টকা। হেলিপেডৰ পৰা বৈষ্ণোদেৱীৰ মন্দিৰলৈ তিনি কিলোমিটাৰ খোজ কাঢ়িব লাগে। অৱশ্যে ঘোঁৰাৰেও যাব পাৰি। ঘোঁৰাৰে গ’লে চাৰিশ টকাকৈ লাগে। ঘোঁৰাত উঠাৰো আনন্দ বেলেগ। কাৰণ পাহাৰীয়া ঠাইত ঘোঁৰাত উঠিলে পিছলি পৰাৰো সমানেই আশংকা থাকে। অৱশ্যে এই ঠাইবোৰত ঘোঁৰাচালকসকলো সমানেই পাকৈত। তেওঁলোকে ব্যৱসায়িক ভিত্তিত এইবোৰ ব্যৱহাৰ কৰে বাবে যাত্ৰীসকলৰ স’তে সুন্দৰ ব্যৱহাৰ কৰে। ঘোঁৰাচালকৰ পৰা ঠাইখনৰ বিষয়ে বহুতো জানিব পাৰিলো। তিনি কিলোমিটাৰ পথ ঘোঁৰাৰে অতিক্ৰম কৰাৰ পাছত মন্দিৰত উপস্থিত হ’লো। পূৰ্বৰ তুলনাত এইবাৰ যাত্ৰীৰ সংখ্যা কম। ক’ভিডৰ বাবে বহুতো যাত্ৰীয়ে মন্দিৰ দৰ্শন কৰিবলৈ অহা নাই বুলি ক’লে ঘোঁচালকজনে। তেওঁ পুনৰ ক’লে যে বিগত বৰ্ষত তলাবন্ধৰ হেতু ঘোঁৰাচালকসকল আর্থিকভাৱে জুৰুলা হৈছিল। অৱশ্যে মন্দিৰ খোলাৰ লগে লগে তেওঁলোকৰ উপার্জনো স্বাভাৱিক হ’বলৈ ধৰিছে বুলি ঘোঁৰাচালকজনে ক’লে।

বৈষ্ণোদেৱী মন্দিত উপস্থিত হোৱাৰ পাছত দেৱী দৰ্শনৰ বাবে শাৰী পাতিলগীয়া হয়। অৱশ্যে এইবাৰ বৰ বেছি দীঘলীয়া শাৰী নাছিল। সেইবাবে দেৱী দৰ্শনৰ সময়ো বেছি পালো। আগতে প্ৰতিগৰাকী যাত্ৰীক ১০-১৫ ছেকেণ্ডমানহে দেৱীৰ সন্মুখত থিয় হ’বলৈ দিছিল। এইবাৰ ৫ মিনিটমান দেৱী পূজা কৰাৰ সুযোগ পালো। মনটো খুব ভাল লাগিল। দেৱীৰ সন্মুখত থিয় হৈ থাকিলে কোনখন পৃথিৱীত আছো ধৰিবই নোৱাৰি। কিয় যাত্রীসকলে ১৩ কিলোমিটাৰ পথ খোজকাঢ়ি হ’লেও দেৱী দৰ্শনৰ বাবে যায় সেই কথা নোযোৱাজনে উপলব্ধি কৰিব নোৱাৰে। দেৱী দৰ্শনৰ পাছত আমি ভৈৰৱ মন্দিৰলৈ যাওঁ। বৈষ্ণোদেৱীৰ পৰা আঢ়ৈ কিলোমিটাৰ আঁতৰত অৱস্থিত এই মন্দিৰটো। মন্দিৰটোলৈ যাবলৈ ‘ৰোপ ৱে’ৰ সুন্দৰ ব্যৱস্থা আছে। অৱশ্যে আমি প্রায় এঘণ্টা সময় অপেক্ষা কৰিবলগীয়া হ’ল। অৱশ্যে যাত্ৰীৰ মাজত থকা বাবে আমনি নালাগিল। মন্দিৰ দৰ্শন কৰি ভাল লাগিল। আগৰ কেইবাৰ এই মন্দিৰলৈ যোৱা নাছিলো। এইবাৰ বৈষ্ণোদেৱী দর্শনৰ বাবে গৈ এটা কথা লক্ষ্য কৰিলো যে বৃহত্তৰ অঞ্চলটো প্ৰতিবছৰেই উন্নতিৰ জখলাত দ্ৰুতগতিত বগাইছে। মন্দিৰ পৰিচালনা কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি ইয়াৰ স’তে জড়িত সকলো কৰ্তৃপক্ষই যেন মন্দিটোৰ লগতে অঞ্চলটোক পৰ্যটনৰ অন্যতম মাত্রা দিবলৈ চেষ্টাৰ ত্রুটি কৰা নাই। ভৈৰৱ মন্দিৰলৈ ৰোপ ৱেত অহা-যোৱা কৰিবলৈ এশ টকা লাগে। আমি যাওঁতে ৰোপ ৱেৰে গ’লেও ওভতাৰ পথত ঘোঁৰা ব্যৱহাৰ কৰিলো। ভৈৰৱ মন্দিৰৰ পৰা হেলিপেডলৈ চাৰিশ টকা লাগে। হেলিপেডৰ পৰা হেলিকপ্টাৰেৰে নামি পুনৰ হোটেললৈ আহিলো। যিহেতু আমি প্রায় চাৰি বজাত হোটেল পালোহি। সেয়েহে হাতত সময় থকাৰ বাবে জম্মু দৰ্শনৰ বাবে ওলালো। কাত্ৰাৰ পৰা দিল্লীলৈকে নিশা ১১.০৫ বজাত ৰে’লখন থকাৰ বাবে আমি কিছুসময়ৰ কাৰণে জম্মু চহৰলৈ গ’লো। জম্মুতেই আহাৰ গ্ৰহণ কৰিলো। পিছদিনা পুৱা ১০.৩০ বজাত নতুন দিল্লী পালো। তাৰ পৰা ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত উৰাজাহাজত উঠি গুৱাহাটীলৈ উভতিলো।

এইখিনিতে বৈষ্ণোদেৱী মন্দিৰলৈ যোৱাৰ পাছত বান্দৰৰ মুখামুখি হোৱা ঘটনা এটা উল্লেখ নকৰি নোৱাৰিলো। আমি দেৱী দৰ্শন কৰি প্ৰসাদ হাতত লৈ আছিলো। বাহিৰত কিছুসময় অপেক্ষা কৰাৰ পাছত ক’ৰ পৰা বান্দৰ কেইটামানে আহি আমাৰ হাতত থকা প্ৰসাদ থাপ মাৰি দিলে ততেই ধৰিব নোৱাৰিলো। আমি সকলোৱে মাথোঁ ভেবা লাগিহে চাই ৰ’লো । আমাৰ মা শ্ৰীশ্ৰী কামাখ্যা মন্দিৰত থকা বান্দৰবোৰৰ দৰেই ইয়াত উৎপাত। যদিহে যাত্ৰীসকল অলপ সাৱধান নহয় তেনেহ’লে হাতৰ পৰা বস্তু কাঢ়ি নিবই।

জম্মু ত্রিকূট পাহাৰত অৱস্থিত বৈষ্ণোদেৱী মন্দিৰ হ’ল ১০৮ খন মহাপীঠৰ অন্যতম। কাত্ৰাৰ পৰা এই মন্দিৰটোলৈ তিনিধৰণে যাব পাৰি। আজিকালি ৰাস্তা-ঘাট খুব উন্নত হৈছে। হেলিকপ্টাৰ ব্যৱস্থা আছে। খোজকাঢ়িও যাব পাৰি। তদুপৰি ঘোঁৰা আৰু পাল্কিৰো ব্যৱস্থা আছে। এতিয়া উধমপুৰৰ পৰা কাত্ৰালৈ ৰে’ল সংযোগ কৰাৰ ফলত যাত্ৰীসকলৰ যাতায়াত সুচল হৈছে। মন্দিৰটো অৱস্থিত ত্রিকূট পাহাৰটো ইমানেই সৌন্দৰ্যৰে ভৰি পৰিছে যে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। মন্দিৰটো এটি পুৰণা গুহাৰেও দৰ্শন কৰাৰ সুবিধা আছে। বছৰৰ সকলো সময়তে এই গুহাটো খোলা নাথাকে। মন্দিৰটোৰ পৰা আঢ়ৈ কিলোমিটাৰ আঁতৰত আছে ভৈৰৱ মন্দিৰ। জনশ্রুতি মতে বৈষ্ণোদেৱী মন্দিৰ দৰ্শন কৰিলে এই মন্দিৰটোও দর্শন কৰিব লাগে। ভৈৰৱনাথ নামৰ এজন স্বাৰ্থপৰ তান্ত্রিকে বৈষ্ণোদেৱীক দিপলীপ ছোৱালীৰ ৰূপত থকা অৱস্থাত ত্রিকূট পাহাৰৰ শিখৰত আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়ত বৈষ্ণোদেৱীয়ে মহাকালীৰ ৰূপ ধৰি ভৈৰৱৰ শিৰশ্ছেদ কৰিছিল। মূৰৰ খোলা ছিটিকি গৈ যি স্থানত পৰিছিল সেই স্থান আজিও ভৈৰৱঘাটিৰূপে পৰিচিত। দেৱীয়ে জানিছিল যে ভৈৰৱে দেৱীক স্পৰ্শ কৰিব খুজিছিল কেৱল মোক্ষ লাভৰ বাবেহে। সেইবাবে দেৱীয়ে ভৈৰৱক তীর্থযাত্রীয়ে দর্শন কৰিব বুলি আশীর্বাদ দিছিল।

বৈষ্ণোদেৱী মন্দিৰ একক আৰু অনন্য। মহাপীঠৰ স্থানসমূহৰ ভিতৰত চিত্রকূট পাহাৰ বৈষ্ণোদেৱীৰ দৰ্শন লাভ কৰিবলৈ সকলোৱে আশা কৰে একমাত্ৰ জীৱন ধন্য কৰিবলৈ।