সোণোৱালী শৈশৱ-মৃগেন শৰ্মা

PC- EDSURGE

সোণোৱালী শৈশৱ
~~~~~

মৃগেন শৰ্মা

কেতিয়াবা
এৰি অহা দিনবোৰে
বাৰুকৈয়ে আমনি কৰে।

শৈশৱৰ ধূলিখেলা
বালিঘৰ সজা
বকুল ফুল বুটলি
বকুলৰ মালা গঁথা
বকুল ফুলৰ গুটিৰে
এক, দুই, তিনি, চাৰি গণনা কৰা।

শেৱালিৰ সুবাসেৰে যেতিয়া
চোতাল আমোলমোলাই
কোনে বাৰু পাহৰে
সেই সোনালী সুদিন
যি দিন আৰু নাহে পুনৰাই।

সন্ধিয়া পৰত যেতিয়া
নীলিম আকাশত
জোনাক উপচি পৰে
নগাধাৰীত বহি
ককা আইতাৰ মুখৰ পৰা শুনা
সাধুবোৰ কেনেকৈনো পাহৰো।

সাধু শুনি শুনি
টোপনি যোৱা দিনবোৰ
আহিব জানো আৰু উভটি
ভাবিলেই ওলাই চকুপানী।।