সুগন্ধি এপাহ ৰজনী গন্ধা
ৰুক্মিণী দাস শ্ৰীহাটী
জিল মিল জোনাক ৰাতি
তৰাভৰা আকাশত দেখিলো
তোমাৰেই প্ৰতিচ্ছবি ।।
তুমি যেন চাই আছা
সৌ পাহাৰৰ জুৰিটিৰ পৰা
লাজুক লাজুক চাৱনি ৰে
মোৰ হৃদয় যেন স্পৰ্শ কৰিলা ।।
মই যেন জোনাক বীহিন
এটি আকাশৰ
পপীয়া তৰা
তুমি যেন সদ্যস্নাতা
তৰাৰ দীপ্তি শিখা ।।
মুৰ ভূমি তপ্ত বালিত
ফুলা এপাহ সুগন্ধি
ৰজনী গন্ধা
লয়লাসে আহিবানে বাৰু
মোৰ হৃদয় জুৰাবা ।।
