এগৰাকী কৃষকৰ জীৱন গাঁথা – হৰেন কপ্তাক

Pc Freepik indian-farmer-walking-through-rice-field_1036470-999

এগৰাকী কৃষকৰ জীৱন গাঁথা

হৰেন কপ্তাক

মানুহজনৰ কান্ধত কোৰ
পিঠিত ফটা বনিয়ন এখন
প্ৰতিদিনে ওলমি আছিল,

মুষলধাৰ বৰষুণতো
বোকাৰ সৈতে বিলীন হৈ আছিল তেওঁ

চিকচিকীয়া কোৰত লাগি থকা
এচপৰা মাটিত দেখিছিল অলেখ সপোন

কোনোদিন দুখত ভাগি পৰা নাছিল তেওঁ

ভোক,শিক্ষা অৰ্থৰ কথাবোৰ
লুকাই আছিল,শেঁতা পৰা কঠীয়াত

মৰমৰীয়া বোকাৰ গোন্ধই
কাণ চুৱাই কৈ গৈছিল মানুহজনক

কঠীয়াবোৰ এদিন ধান হ’ব,
ধানবোৰ এদিন অৰ্থ হ’ব,
পুতেকৰ পঢ়াৰ খৰচ মাৰিব,
ৰংমনহঁতে বৰ মানুহটো হ’ব,
বোকাৰ ঠাইত কংক্ৰিটত খোজ দিব,
এদিন ফটা বনিয়নখনো
জিলিকি উঠিব

পুতেক আজি চুট বুট পৰিহিত বৰমানুহ,
বোৱাৰীৰ হাতত চকু চাট মাৰি ধৰা সোণৰ খাৰু

মূৰত জাপি,কান্ধত কোৰ
ফটা বনিয়ন পিন্ধা মানুহজন আজি
গৃহহীন এগৰাকী যাযাবৰী !