সাধাৰণ জ্ঞান শিকো আঁহা = স্বাগতা বৰুৱা গোস্বামী

সাধাৰণ জ্ঞান শিকো আঁহা

ছয় বছৰীয়া ৰিমিক লৈ মাক সৰলা বৰ চিন্তিত হৈছে। কাৰণ তাইৰ মৰমৰ জী ৰিমিয়ে General knowledge ত বৰ কম নম্বৰ পাইছে। পৰীক্ষাৰ বহীখন দেখাৰ পৰা ৰিমি আৰু তাইৰ মাক দুয়ো বহীখনকেই ঘূৰাই পকাই চাই আছে।কি ভুল হ’ল আৰু কিহত ভুল হ’ল।দুপৰীয়াৰ আহাৰ খাবলৈও যেন তেওঁলোকৰ মন নাই।তেনেতে দেউতাক আহি পালেহি।মাক জীয়েক দুয়োৰে গোমা মনৰ কাৰণ কি বুলি সুধিলে?মাকে বোলে আমাৰ ৰিমিয়ে General knowledge ত ইমান ক’ম নম্বৰ পাইছে তাৰবাবে মনটো বেয়া লাগিছে।এই অনলাইন ক্লাছৰ বাবে পঢ়াবোৰ তাই আয়ত্ব কৰিব পৰা নাই যেনেহে লাগিছে দেখোন।সেইটো তোমাৰ মনৰ ধাৰণাহে সৰলা।তেনেকে হোৱা হ’লে দেখোন তাই অন্য বিষয় সমূহতো বেয়া ফলেই দেখুৱালেহেতেন।এতিয়া আমি এই অনলাইন শিক্ষা ব্যৱস্থাটোৰ লগতেই খাপ খাব লাগিব কাৰণ আমাৰ অতিমাৰী কেতিয়া শেষ হ’ব কেতিয়াকৈ আমাৰ মাইনাহ’তে আগৰ দৰে বিদ্যালয়লৈ যাব পাৰিব তাকলৈ এতিয়াও অনিচ্ছিত তথাপিও অতি সোনকালেই সুদিন ঘূৰি আহিব বুলি আমি আশাবাদী।বাৰু এতিয়া মূল বিষয়টোলৈ আহোঁ,ৰিমিক মাতাছোন।তেনে সময়তে ৰিমি আহি দেউতা বুলি মাত লগালে।দেউতাকে বোলে ৰিমি মই মাৰাৰ পৰা সকলোখিনি গ’ম পালো।এইবোৰ হ’ল সৰু সৰু কথা তাতে তুমি পঢ়াৰ আদি পাঠ আৰম্ভ কৰিছাহে এতিয়াই যদি হতাশ হৈ যোৱা নহ’ব নহয় | ইংৰাজীত এষাৰ কথা আছে Failure is the pillar of success আৰু সদায় মনত ৰাখিবা ভুল হ’লেহে শিকিব পাৰিবা আৰু তোমাৰ লগত দেউতা আছে যেতিয়া কোনো কথাতেই চিন্তা নকৰিবা।
এতিয়া আহাছোন আমি প্ৰথমতে জানি লওঁ general knowledge মানেনো কি? General knowledgeৰ অসমীয়া শব্দ হ’ল সাধাৰণ জ্ঞান।আমি দেখি থকা ঘটনা বোৰ আৰু চৌপাশৰ বস্তু বোৰৰ পৰা যি জ্ঞান আহৰণ কৰো সেয়াই সাধাৰণ জ্ঞান।এই জ্ঞান কেৱল যে কিতাপৰ পৰাহে আহৰণ কৰিব পাৰি তেনে নহয় আমাৰ দৈনন্দিন জীৱনৰ পৰা বিশেষকৈ ঘৰখন,আমাৰ চৌপাশ, আমাৰ চুবুৰীটো এই সকলো বোৰৰ পৰাই আহৰণ কৰিব পাৰো।যেনে ধৰাহ’ল তোমালোকৰ প্ৰশ্নত আহিল বাকলি থকা মাছ আৰু বাকলি নথকা মাছৰ নাম, এইটো যদি আমি বজাৰৰ পৰা মাছটো আনিলেই লক্ষ্য কৰো তেতিয়া আমি মাছৰ নামৰ লগতে বাকলি আছেনে নাই জানিব পাৰো আৰু এইদৰে ব্যৱহাৰিক মাধ্যমৰ যোগেদি শিকিলে পাহৰি নাযায়।আকৌ মিঠাতেল ক’ৰ পৰা উৎপন্ন হয়?সেইটো প্ৰশ্ন ও তেলটোৰ পেকেটটোত আঁকি থোৱা সৰিয়হ,চয়াবিন আৰু বেলি ফুলপাহ চালেই আমি গ’ম পাই যাম।আকৌ ঘেহুঁৰ পৰা কি উৎপন্ন হয়? আতা…ইত্যাদি ইত্যাদি।আকৌ গাওঁ কাক বোলে ?চুক বা চুবুৰি মানেনো কি?বৰষুণ দিয়াৰ পিছত ৰ’দ ওলালে যে ৰামধেনু ওলায় গৰম দিনত হোৱা শাক পাচলি যে ভাতকেৰেলা,ভেণ্ডি এই সকলোবোৰেই আমি কিতাপ নপঢ়িলেও মনত ৰাখিব পৰা বস্তু।মুঠৰ ওপৰত আমাৰ সাধাৰণ জ্ঞানৰ ভঁৰালটো চহকী কৰিবলৈ মন থাকিলে পঞ্চ ইন্দ্ৰিয় অনবৰতে সস্তম কৰি ৰাখি ভালদৰে আমাৰ চৌপাশ, ঘৰখন লক্ষ্য কৰিব লাগিব।ৰিমিৰ লগতে আমাৰ মাইনাহতঁ তোমালোকেও আজিৰ পৰাই সকলোবোৰ বস্তু পুংখানুপুংখ ভাবে পৰ্যবেশন কৰা আৰু আটাইতকৈ সহজ বিষয় সাধাৰণ জ্ঞান বুলি তেতিয়াই বুজিবা।

স্বাগতা বৰুৱা গোস্বামী