বিজেপিত যোগ দিব ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰে

pc-Facebook

বিজেপিত যোগ দিব ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰে

অনলাইন বাৰ্ত্তাসেৱা– বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি ভৱেশ কলিতাই এআইইউডিএফ ৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰা সন্দৰ্ভত চৰ্চা চলি থকা সময়ছোৱাত ভৱানীপুৰত তেওঁ ঘোষণা কৰে যে বিধায়কগৰাকীয়ে বিজেপিত যোগদান কৰাটো নিশ্চিত। ১ ছেপ্টেম্বৰত ভৱানীপুৰ বিধানসভা সমষ্টিৰ এআইইউডিএফ ৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব। বিধায়ক ফণীধৰ তালুকদাৰে এআইইউডিএফ দল ত্যাগ কৰাৰ লগতে বিধায়ক পদো ত্যাগ কৰিব। ভৱানীপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হʼব। ভৱেশ কলিতাই কয় যে উপ-নিৰ্বাচনত ভৱানীপুৰ সমষ্টি বিজেপিয়ে দখল কৰাটো এশ শতাংশই নিশ্চিত। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত কয় যে যোৱা নিৰ্বাচনত ভৱানীপুৰ বিধানসভা সমষ্টিত অগপ দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু বিধায়ক ফণীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰিব, গতিকে তেওঁ বিজেপি দলৰ হৈ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এইবাৰৰ বাজেটত গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছে।

 

(RT)