অভিৰ আনন্দ — মঞ্জুষা শৰ্মা

pc-E&tmagazine

অভিৰ আনন্দ
আজি অভিক পাই কোনে ? আজিযে এক বজাৰ পৰাই দেউতাক তাৰ লগত আছে | আনদিনা অভিয়ে গোটেই সময়খিনি তাৰ আইতাক অৰুন্ধুতীৰ লগতেই কটাই | ৰাতি যেতিয়া দেউতাক আহে তেতিয়া দূৰদৰ্শনৰ মনোৰঞ্জন অনুষ্ঠানবোৰ চাই আইতাকে বাঢ়ি দিয়া ভাত খাই দুয়ো শুই পৰে | কিন্তু আজি অভিৰ মন আনন্দত উৎফুল্লিত | পিতা – পুত্ৰ দুয়ো বহি দূৰদৰ্শনৰ অনুষ্ঠান চোৱাৰ লগতে তাৰ কথামতে দেউতাকে অনলাইনত এটা অনুবীক্ষণ যন্ত্ৰৰ অৰ্ডাৰ দিছে | গতিকে আজি সি দেউতাকৰ কথা পেলাব পৰাই নাই | হঠাৎ অভিয়ে দেখিলে যে “ব্ৰেকিং নিউজ ” ত বাৰে বাৰে ৪২ বছৰৰ পিছত ১৫ আগষ্টত অসম বন্ধ নহয় বুলি দি আছে | সি আচৰিত হৈ দেউতাকক ʼকিয় এনেদৰে দিছে বুলিʼ সুধিলে | কিন্তু দেউতাক বাতৰি চোৱাত ব্যস্ত হৈ থকা দেখি সি পুনৰ মাত মতাত তেওঁ ৰʼবাচোন বুলিহে ক’লে | তাকে শুনি আইতাক অৰুন্ধুতীয়ে নাতিয়েক অভিক নিজৰ ওচৰলৈ মাতি আনি সুধিলে – ১৫ আগষ্টতনো কি হৈছিল কোৱাচোন সোন ? অভিয়ে ক’লে কেলে আইতা ১৫ আগষ্টত আমাৰ দেশ স্বাধীন হৈছিল নহয়! কিন্তু আইতা সেইদিনটোতো আমি সকলোবোৰ ঘৰতেই থাকি দূৰদৰ্শনত দিয়া অনুষ্ঠানবোৰহে উপভোগ কৰোঁ | তোমালোকৰ দিনত তেনে নাছিল নেকি ? এইবছৰ যে বন্ধ নহয় বুলি দিছে ? তুমি ঠিকেই ভাৱিছা | এতিয়া তোমালোকে যি দেখিছা বা কৰিছা সেই ফালৰ পৰা তোমাৰ ধাৰণা শুদ্ধ | কাৰণ আমাৰ দিনত সকলোৱেই মিলি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি ১৫ আগষ্টৰ দিনটো উপভোগ কৰিছিলো | বিশেষকৈ তেতিয়াৰ দিনতো এতিয়াৰদৰে প্ৰতিখন বিদ্যালয়তে পতাকা উত্তোলন কৰে যদিও বিশেষ এখন বিদ্যালয়ত স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰে এটি অনুষ্ঠানৰ আয়োজন কৰে | তালৈ প্ৰতিখন বিদ্যালয়ৰ পৰা বচা বচা কেইজন মান ছাত্ৰ-ছাত্ৰীক এজন শিক্ষকে নিজৰ তত্তাৱধানত লৈ যায় | এনেদৰে বিভিন্ন বিদ্যালয়ৰ পৰা সেই নিৰ্দিষ্ট বিদ্যালয়ত বহুতো ছাত্ৰ-ছাত্ৰী একত্ৰিত হয় হি | তাৰ পিছত নিৰ্দিষ্ট সময়সূচী মতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাবোৰত তেওঁলোকে অংশ গ্ৰহণ কৰে আৰু শেষত তেওঁলোকলৈ সাজু কৰি ৰখা খাদ্যবোৰ লৈ পুনৰ ঘৰলৈ ঘূৰি আহে | সৌভাগ্যক্ৰমে এই অনুষ্ঠানৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবৰ বাবে প্ৰস্তুত কৰা তালিকাত মোৰ নামটো সন্নিবিষ্ট হৈ থাকে | আমাৰ যে কিমান ভাল লাগে সেই টোপোলাটো পাই ! তাত কি থাকে জানা ?তিয়াই থোৱা কেঁচা বুট , কল , বিস্কুট আৰু কি আছিল মনত পেলাব যে পৰাই নাই অ’ ! তেতিয়াৰ দিনত পেকেটবোৰ খাকী ৰঙৰ কাগজেৰেহে তৈয়াৰ কৰা হৈছিল | হঠাৎ এই আনন্দবোৰ এক বুজাব বা একোৱেই ক’ব নোৱাৰা এটা কল্পনাতীত বাস্তৱ সত্য ঘটনাৰ বাবেই স্তব্ধ হৈ পৰিল | যাৰ বাবে সেইদিনটোত যিসকল ব্যক্তি নিজৰ কৰ্তব্যৰ খাটিৰত সেই অনুষ্ঠানত উপস্থিত থাকিবলগীয়া হৈছিল তেওঁলোকৰ যেন জীৱন বিপদাপন্ন নহয় তাৰবাবে সদৌ দেশবাসীয়ে ভগৱানৰ ওচৰত নীৰৱে প্ৰাৰ্থনা জনাই ৰৈছিল আৰু কাতৰ ভাৱে প্ৰাৰ্থনা জনাইছিল যাতে সেই আনন্দ উল্লাহেৰে উদযাপন কৰা ১৫ আগষ্টৰ দিনটো পুনৰ ঘূৰি আহে | আজি উক্ত বাক্যশাৰীয়ে আমাৰ নিচিনা লোকক পুনৰ আনন্দিত কৰি তুলিছে | আশাকৰো অহাবছৰৰ পৰা তোমালোকেও আমাৰ দৰেই এই স্বাধীনতা দিৱসৰ দিনটোত অংশ গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীসমূহ নিজ নিজ বিদ্যালয়ত উপস্থিত থাকি মুকলি মনেৰে উপভোগ কৰিব পাৰা | অ… ৰʼবা ৰʼবা আচল কথাটোলৈ অহাই নাই নহয় | এই ১৫ আগষ্টৰ দিনটোতে ইংৰাজে আমাক সম্পূৰ্ণ ৰূপে স্বাধীনতা প্ৰদান কৰাৰ বাবেই পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন হোৱাৰ আনন্দতেই ইমান উল্লাহেৰে এই দিনটো উদযাপন কৰা হৈছিল | কিন্তু কি জানা !ইমান আনন্দ – ফুৰ্তি কৰাৰ ক্ষেত্ৰত কেইজনমান মহান ব্যক্তিৰ অপ্ৰাণ প্ৰচেষ্টাৰ ফলতহে সম্ভৱ হৈছিল | অশেষ কষ্ট স্বীকাৰ কৰি নিজৰ জীৱনতকৈও দেশক বেচি গুৰুত্ব দি যোৱা সেই ব্যক্তিসকলৰ নাম হয়তো তুমি শুনাই নাই ! মই এতিয়া তোমাক সেই সকলৰ ভিতৰৰে কেইজনমানৰ নামহে কম | মনত ৰাখিবলৈ চেষ্টা কৰিবা ৷
ভগত সিং , মহাত্মা গান্ধী , সুভাষ চন্দ্ৰ বসু , বাল গংগাধৰ তিলক , চন্দ্ৰ শেখৰ আজাদ , জৱাহৰলাল নেহৰু , চৰ্দাৰ বল্লভ ভাই পেটেল , ঝান্সী ৰাণী লক্ষ্মী বাই , মঙ্গল পাণ্ডে , সৰোজিনী নাইডু , ৰাম প্ৰসাদ বিচমিল , লালা ৰাজপত ৰায় , বিনায়ক দামোদৰ চাৰ্ভাকাৰ , বিপিন চন্দ্ৰ পাল , মাতঙ্গীনী হাজৰা , চিত্ৰৰঞ্জন দাস , আচফাকুল্লা খান , খুদীৰাম ব‘চ , ভিকাজি কামা , লাল বাহাদুৰ শাস্ত্ৰী , চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী , সুখদেৱ , দাদা ভাই ন’ৰজি , কে এম মুন্সী , আব্দুল হাফিজ মহম্মদ বৰকটুল্লা , বেগম হজৰত মহন , তৰুণৰাম ফুকন , নবীন চন্দ্ৰ বৰদলৈ , গোপীনাথ বৰদলৈ , তান্তিয়া তোপি , ৰাজেন্দ্ৰ প্ৰসাদ , অৰবিন্দ ঘোষ , স্বামী বিবেকানন্দ , মনিৰাম দেৱান , কুশল কোঁৱৰ , কনকলতা , ক্ষুদিৰাম , প্ৰফুল্ল চাকী আদি ৷ হ’ব দিয়া আজিলৈ মোৰ মনত পৰা নাম কেইটা থাওকতে কৈ থলো কেতিয়াবা তোমাৰ কামত আহিব ৷ পাছে পৰে বাৰু বহলাই কম দেই ৷ নহ’লে আকৌ তোমাৰ প্ৰিয় চি আই ডি গ্ৰুপৰ সকলো সদস্যই আহি দূৰদৰ্শনৰ পৰ্দাত পদাৰ্পণ কৰিবহিয়েই ৷ সঁচাকৈয়ে আইতা ৷ বলা বলা আইতা আজি বহুত ব্যক্তিৰ নামেই জানিব পাৰিলোঁ ৷ বৰ ভাল লাগিল দেই ৷ মোৰ মৰমৰ আইতাজনীয়ে বহুত কথাই জানে ৷ সেয়েহে তুমি মোৰ বৰ মৰমৰ বুলি আইতাকক সাবতি ধৰি দূৰদৰ্শনৰ নিৰ্দিষ্ট অনুষ্ঠানটি চাবলৈ গ’ল ৷

মঞ্জুষা শৰ্মা
তিতাবৰ।