সাংবিধানিক বিধি ব্যৱস্থাক আওকান কৰি মাটি হস্তান্তৰৰ সিদ্ধান্ত মানি লোৱা নহ’ব: লুৰীণ

সাংবিধানিক বিধি ব্যৱস্থাক আওকান কৰি মাটি হস্তান্তৰৰ সিদ্ধান্ত মানি লোৱা নহ’ব: লুৰীণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অসম চৰকাৰে অসমৰ কিছু মাটি চুবুৰীয়া ৰাজ্য মেঘালয়ক এৰি দিবলৈ লোৱাক লৈ বিতৰ্ক আৰম্ভ হোৱাৰ সময়ত অসম জাতীয় পৰিষদে চৰজমিন তদন্তৰ বাবে কামৰূপ জিলাৰ মেঘালয় সীমান্তৱৰ্তী লাম্পিত উপস্থিত হয়৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত যোৱা দলটোৱে নোৱাপাৰা, পানবাৰী, লৱাৰ লাম্পি, আপাৰ লাম্পি আৰু বেংজেং আদি ঠাই ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে কথা পাতে৷ দলৰ উপসভাপতি দুলু আহমেদ, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰিন্স ফাইজুল হক, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু দেৱজিৎ অধিকাৰী, যুটীয়া সম্পাদক পংকজ লোচন গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মুজিবুদ্দিন আহমেদ, দলৰ কামৰূপ জিলা সিমিতিৰ সভাপতি সঞ্জীৱ মহন্তসহ এটি বৃহৎ দলে অঞ্চলটো ভ্ৰমণ কৰে৷ তেওঁলোকে ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হওঁতে যিখিনি ঠাইক অসম আৰু মেঘালয়ৰ সীমা হিচাপে চিহ্নিত কৰা হৈছিল, সেইখিনি ঠায়ো পৰিদৰ্শন কৰে৷স্থানীয় ৰাইজে প্ৰতিনিধি দলটোক জনোৱা মতে, মুঠ ১৭ খন ৰাজহ গাঁৱেৰে গঠিত বৃহত্তৰ লাম্পি অঞ্চলত প্ৰায় ১০ হাজাৰ লোকে বসতি কৰি আছে৷ তাৰ ভিতৰত প্ৰায় ছহেজাৰ লোক গোৰ্খা সম্প্ৰদায়ৰ৷ বাকীখিনি লোক ৰাভা, গাৰো আৰু খাচী সম্প্ৰদায়ৰ৷ ৰাজ্য চৰকাৰে মেঘালয়ক গতাব খোজা উক্ত গাওঁসমূহ এশ বছৰ পুৰণি৷ উদাহৰণ স্বৰূপে, লৱাৰ লাম্পি গাঁৱত ১৯২৮ চনত নীলবাহাদুৰ ছেত্ৰী চৰকাৰী গাঁওবুঢ়া আছিল৷ তাৰ পৰা পুৰুষানুক্ৰমে বৈ আহি বৰ্তমানে গাওঁবুঢ়াৰ দায়িত্ব পালন কৰি আছে কৃষ্ঞ শৰ্মাই৷ লৱাৰ লাম্পিত অসম চৰকাৰৰ দ্বাৰা স্থাপিত এটি আৰক্ষী চকীও আছে৷অঞ্চলটোত অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ উন্নয়নমূলক কাম-কাজ নকৰাৰ সুযোগত মেঘালয়ে অসমৰ সীমাৰ দহ কিলোমিটাৰলৈকে ভিতৰলৈ সোমাই আহি প্ৰথমে এনৰেগা আঁচনিৰ অধীনত বাট-পথ নিৰ্মাণ কৰি আঁচনিৰ নিয়ম অনুসৰি চাইনবোৰ্ড স্থাপন কৰে৷ এতিয়া সেই ছাইনবোৰ্ডবোৰকে দেখুৱাই তেওঁলোকে অঞ্চলটো নিজৰ বুলি দাবী কৰিছে৷ বৃহত্তৰ অঞ্চলটোত অসম চৰকাৰে স্থাপন কৰা এখন এম ই স্কুল আৰু দুখন এল পি আছে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ অসুবিধা আছে৷ উক্ত সুযোগ গ্ৰহণ কৰি সেই অঞ্চলত মেঘালয়ে বিগত দুটা দশকত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি মুঠ ১৯ খন স্কুল স্থাপন কৰিছে৷ লক্ষ্যণীয় যে মেঘালয়ৰ স্কুলসমূহত খাচী মাতৃভাষা পঢ়াটো বাধ্যতামূলক হোৱাৰ বাবে সেইবোৰ স্কুলত পঢ়া অসমৰ ল’ৰা-ছোৱালীয়ে বাধ্যতামূলকভাৱে খাচী ভাষাত পঢ়িবলগীয়া হৈছে৷ জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত স্থানীয় লোকসকলে লগতে কয় যে ১৯৮৬ চনত লাম্পিৰ পৰা কেইকিলোমিটাৰ নিলগৰ মেঘালয়ৰ সীমাৰ ভিতৰৰ নংষ্টেন এলেকাত বসবাসৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলক সেই ৰাজ্যৰ দুষ্কৃতিকাৰীসকলে মাৰি-কাটি তাৰ পৰা খেদি পঠিওৱাৰ লগতে তেওঁলোকৰ গৰু আদি লৈ যায় আৰু খেতিপথাৰ নষ্ট কৰি দিয়ে৷ পিছত সেই উচ্ছেদিত লোকসকলে উক্ত অঞ্চলত বসতি স্থাপন কৰিছিল৷ এতিয়া উক্ত অঞ্চল মেঘালয়ৰ হাতলৈ গুছি যোৱাৰ লগে লগে পূৰ্বৰ পৰিস্থিতিৰ পুনৰাবৃত্তি হোৱাৰ আশংকা কৰিছে তেওঁলোকে৷ ৰাইজে অৱশ্যে লগতে এই কথাও কয় যে মেঘালয়ৰ ফালৰ পৰা সুযোগ-সুবিধা পোৱা নগণ্য সংখ্যক লোক উক্ত অঞ্চলটোক মেঘালয়ৰ সৈতে চামিলকৰণৰ পক্ষ্যপাতী এইটো সত্য৷ কিন্তু যদি সকলো ৰাইজৰ মতামত নিৰপেক্ষভাৱে আৰু ভয়-ভাৱুকি নেদেখুৱাকৈ গ্ৰহণ কৰা হয়, তেনেহ’লে শতকৰা ৯৯ ভাগ লোকে অসমৰ পক্ষ্যত থকাৰ হকে মত দিব৷ তেওঁলোকে কয় যে তেওঁলোকৰ পুৰ্বপুৰুষে অসমতে জন্ম লৈছে আৰু অসমতে মৰিছে৷ কিন্তু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত জনজাতীয় ৰাজ্য মেঘালয়ৰ অন্তৰ্ভূক্ত হৈ গ’লে সেই ৰাজ্যত তেওঁলোকৰ নাগৰিক স্বাৰ্থ খৰ্ব হ’ব৷ জনজাতীয় ৰাজ্য মেঘালয়ত অজনজাতীয় লোকসহিচাপে মাটিবাৰী কিনা-বেচা কৰিব নোৱাৰাকে ধৰি নানান সমস্যাত পৰিব৷ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰাৰ পিছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে স্থানীয় ৰাইজৰ ইচ্ছাৰ বিৰুদ্ধে গৈ একপক্ষীয়ভাৱে অসমৰ মাটি মেঘালয়ক দিবলৈ লোৱাৰ সিদ্ধান্ত ভুল আৰু জনবিৰোধী৷ অসমৰ মুখ্যমন্ত্ৰীয়ে একমাত্ৰ নিজৰ ৰাজনৈতিক কৃতকাৰ্যতা প্ৰদৰ্শনেৰে উচ্চাকাঙ্খা পূৰণৰ স্বাৰ্থত অসমৰ মাটি আৰু মানুহক এনেকৈ অন্যায়ভাৱে এৰি দিবলৈ লৈছে৷ এনে সিদ্ধান্তক কোনো অৱস্থাতে মনি লোৱা নহ’ব বুলি উল্লেখ কৰি গগৈয়ে কয় যে চুবুৰীয়া ৰাজ্যৰ সৈতে সীমা বিবাদ নিষ্পত্তি হোৱাটো দলে আন্তৰিকতাৰে বিচাৰে৷ কিন্তু সেইটো হ’ব লাগিব সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেদি৷ সাংবিধানিক ব্যৱস্থাৰ মাজেৰে আক্ৰান্ত এলেকাৰ জনগণৰ মতামতক সন্মান জনাই এই কাম হ’ব লাগিব৷ তাৰ বাবে মেঘালয় ৰাজ্য গঠনৰ সময়ত যি সীমা নিৰ্ধাৰিত আছিল, সেই সীমাকে আধাৰ হিচাপে লব লাগিব৷ এই ক্ষেত্ৰত ৱাই ভি চন্দ্ৰচূড় আয়োগৰ প্ৰতিবেদনকে ধৰি অন্যান্য কমিটীসমূহ – যি পূৰ্বে মেঘালয়ৰ দাবীক নস্যাৎ কৰি থৈছে, সেইসমূহক সন্মুখত ৰাখি সিদ্ধান্ত লব লাগিব৷দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে অঞ্চলটোৰ গোৰ্খা, ৰাভা তথা অন্য জনগোষ্ঠীসমূহৰ মাজত যাতে এই বিষয়টোক লৈ বিবাদৰ সূত্ৰপাত হৈ সামাজিক ভাতৃত্ববোধ নষ্ট নহয় তাৰ প্ৰতি চৰকাৰ-প্ৰশাসনে বিশেষ নজৰ দিয়া প্ৰয়োজন৷ এই ক্ষেত্ৰত সৰ্বাধিক আক্ৰান্ত উক্ত অঞ্চলৰ গোৰ্খা আৰু ৰাভা সম্প্ৰদায়ৰ এই বিপদৰ সময়ত জাতীয় পৰিষদে জনগোষ্ঠী দুটাৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত চেষ্টাৰ ত্ৰুটি নকৰে৷