“সম্পৰ্কৰ উৰ্দ্ধত“ – জয়শ্ৰী দুৱৰা

pc Pikist

            নৱনিতা বৰুৱা দম্পত্তিৰ একমাত্ৰ সন্তান। অতি মৰমেৰে ডাঙৰ দীঘল কৰিছে মাক-দেউতাকে। ছোৱালী বুলি কেতিয়াও অৱহেলা কৰা নাই। চহৰৰ বিখ্যাত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনতে নৱনিতাৰ নামভৰ্ত্তি কৰি দিলে বৰুৱাই। পঢ়া-শুনাত নৱনিতা মেধাৱী বুলিয়েই পৰিচয় আছিল। প্ৰৱেশিকা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নৱনিতা দিল্লী বিশ্ববিদ্যালয়ত উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে। প্ৰথমতে, মাক-দেউতাকে পঠিয়াবলৈ অনিচ্ছা প্ৰকাশ কৰিছিলে যদিও শেষত পঠিয়াবলৈ মান্তি হ’ল।

            অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰি দিল্লী বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিবলৈ যো জা কৰিলে। সময়ত মাক-দেউতাকে ছোৱালীজনীক দিল্লীত থবলৈ বুলি ৰাওনা হ’ল। দিল্লী পাই তেওঁলোকে হোটেলৰ কোঠা এটা লৈ অলপ জিৰনী লৈ বিশ্ববিদ্যালয় বুলি ওলাল। টেক্সি এখন লৈ তেঁওলোকে গন্তব্য স্থান পালেগৈ। নামভৰ্ত্তিৰ সকলো কাম সুকলমে হৈ যোৱাত নৱনিতাৰ মনত বৰ আনন্দ। তাইৰ আনন্দ দেখি মান-দেউতাকেও মনত বৰ সুখ অনুভৱ কৰিলে। ৰংমনেৰে পুণৰ হোটেললৈ উভতি আহিলে। পিছদিনা ৰাতিপুৱা চাহ- জলপান খাই, থকা- মেলাৰ ব্যৱস্থা কৰিবলৈ হোষ্টেল বিচাৰি ওলাই গ’ল। বিশ্ববিদ্যালয়ৰ অলপ আতৰত এখন ব্যক্তিগত ছোৱালী হোষ্টেল পালে। হোষ্টেলৰ গৰাকীৰ পৰা জানিবলৈ পালে যে তেওঁলোকৰ তাত কেইবাগৰাকীও অসমৰ ছোৱালী আছে। ছোৱালীবোৰক তাত বৰ সুৰক্ষিত কৰি ৰখা হয়। এনেদৰে সকলো বন্দবস্ত কৰি তেওঁলোক ঘুৰি আহিল। হোটেলতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি নৱনিতাৰ দৰকাৰী বস্তুবোৰ বজাৰ কৰিবলৈ বজাৰলৈ ওলাল। বজাৰ- সমাৰ কৰি ছোৱালীজনী থিতাপি লগাই থৈ পিছদিনা মাক- দেউতাক ঘৰলৈ বুলি উভতিলে।

            একমাত্ৰ ছোৱালীজনীক এৰি থৈ আহি তেওঁলোকৰ মনটো শোকে খুন্দা মাৰি ধৰিছে। কিন্তু অস্থিৰ হোৱা নাই। কাৰণ বৰুৱা- বৰুৱানীয়ে কেতিয়াও নৱনীতাক ছোৱালী বুলি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল বুলি ভবা নাছিল। আত্মনিৰ্ভৰশীল কৰিবলৈ সদায় যত্ন কৰিছিল। নৱনিতা ল’ৰা এজনতকৈ কোনো গুনে কম নাছিল। এনেকৈয়ে সময়ৰ সোঁতত নৱনিতা পঢ়া-শুনাত ব্যস্ত হৈ পৰিল। মাক-দেউতাকেও নিজ নিজ কৰ্মত নিজকে আত্মনিয়োগ কৰিলে। টেলিফোনৰ জৰিয়তে সকলো সময়তে খবৰৰ আদান-প্ৰদান হৈয়ে থাকে।

            এদিনাখন বিশ্ববিদ্যালয়লৈ যোৱা বাটত গাড়ীৰ বাবে অপেক্ষা কৰি থাকোতে এজন অচিনাকী ল’ৰাই নৱনিতাক তাৰ বাইকতে বিশ্ববিদ্যালয় যাব পাৰিব বুলি অনুৰোধ জনালে। প্ৰথমতে তাই অস্বীকাৰ কৰিছিল যদিও অসমৰে ল’ৰা বুলি জনাত যাবলৈ মান্তি হ’ল। বাটতে তেওঁলোকৰ চা-চিনাকী হ’ল। তেওঁৰ নাম নিশান্ত। ঘৰ গোলাঘাটত। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ। এনেকৈয়ে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিল। লাহে লাহে তেওঁলোকৰ বন্ধুত্বই প্ৰেমৰ ৰূপ ল’লে। বন্ধৰ সময়ত ঘৰলৈ আহিলে দুয়ো একেলগে আহে আকৌ একেলগে উভতি যায়। এনেকৈয়ে দুয়ো পঢ়া-শুনা সমাপ্ত কৰি অসমতে চাকৰি কৰিব বুলি উভতি আহিল। ভাগ্যক্ৰমে দুয়ো গুৱাহাটীতে বেলেগ বেলেগ বিভাগত নিযুক্তি লাভ কৰিলে। মাজে মাজে নিশান্তই নৱনিতাৰ আগত বিয়াৰ কথা উলিয়াই কিন্তু মাক-দেউতাকৰ একমাত্ৰ সন্তান হোৱা হেতুকে তেওঁলোকক অলপ সময় দিয়াৰ অজুহাতত নৱনিতাই কথাটো পিছুৱাই থাকে।

            বহাগ বিহুৰ সময়ত নিশান্তই তেওঁৰ সহকৰ্মী এজনক লৈ নৱনিতাহতৰ ঘৰ ওলালগৈ। তেওঁ ভয়ে ভয়ে নৱনিতাৰ মাক-দেউতাকক বিয়াৰ প্ৰস্তাৱ দিলে। নৱনিতাৰ সন্মতি লৈ মাক-দেউতাকে তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰিলে। কাৰণ নৱনিতাৰ সিদ্ধান্ত ভুল হ’ব বুলি তেওঁলোকে নাভাৱে।

            শুভ দিন এটা চাই তেওঁলোকৰ বিবাহৰ আয়োজন কৰা হ’ল। অতি উলহ-মালহেৰে বৰুৱা দম্পত্তিয়ে নৱনিতাৰ বিয়াখন পাতিলে। বিয়া খাবলৈ অহা নিমন্ত্ৰীত অতিথিসকলে বিয়াখনক লৈ বৰ প্ৰশংসা কৰিলে। শাহু- শহুৰ, জা- বৰজনা, ভতিজাৰে এখন পূৰ্ণ ঘৰলৈ বিয়া হৈ আহি নৱনিতাই নিজকে বৰ সৌভাগ্যৱতি বুলি ভাৱিলে। নৱনিতা আৰু নিশান্তই ছুটিৰ দিনকেইটা গোলাঘাটৰ ঘৰতে থাকিবলৈ সিদ্ধান্ত ল’লে। অতি কম সময়তে নৱনিতাই নিশান্তৰ ঘৰখন আপোন কৰি ল’লে। কণমানি ভতিজাটোৱে খুৰি খুৰি কৰি নৱনিতাৰ পিছ নেৰা হ’ল। শাহু-শহুৰেও নৱনিতাক নিজৰ ছোৱালীৰ দৰেই আকোৱালি ল’লে। কিন্তু নিশান্তৰ বৌৱেকে নৱনিতাক সৰু সৰু কথাতেই অপদস্ত কৰিবলৈ ধৰে। কাৰণ নৱনিতাই বিয়া হৈ আহোতে কোনো বস্তু লগত অনা নাছিল। কাৰণ উচ্চ শিক্ষিতা নৱনিতা যৌতুকৰ ঘোৰ বিৰোধি। নিশান্তৰ ঘৰত কোনো বস্তুৰ অভাৰ নাছিল। কিবা বস্তুৰ দৰকাৰ হ’লে সেইটো হয়টো নৱনিতাই কিনি আনিব। প্ৰতিবেশীসকলকো বৌৱেকে নৱনিতাই লগত একো বস্তু ননা কথাটো বৰ ৰহণ সানি কৈ ফুৰিছিল। এনেকৈ এমাহ ঘৰত থাকি ছুটি শেষ হ’লত তেওঁলোক পুণৰ গুৱাহাটীলৈ উভতি আহিল। মাক-দেউতাকৰ একমাত্ৰ সন্তান হিচাপে নৱনিতাই পিতৃ গৃহতে থাকিবলৈ নিশান্তক অনুৰোধ জনালে। পত্নীৰ অনুৰোধ তেওঁ অগ্ৰাহ্য কৰিব নোৱাৰিলে। তাতে ঘৰত শাহু-শহুৰ দুজন অকলেহে থাকে। গতিকে কোনো ধৰণৰ অসুবিধা নহয়। এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈছে। ফোনযোগে নৱনিতাই গোলাঘাটৰ ঘৰৰ আটাইৰে খা-খবৰ লৈ থাকে।

            পূজাৰ বন্ধত তেওঁলোক গোলাঘাটৰ ঘৰলৈ যাবলৈ ওলাল। নিজৰ গাড়ীখনেৰেই তেওঁলোক গোলাঘাটলৈ ৰাওনা হ’ল। দুপৰীয়া গৈ ঘৰত উপস্থিত হ’ল। গা-পা ধূই তেওঁলোকে একেলগে ডাইনিং  টেবুলত ভাত খাবলৈ বহিল। সকলোৱে খবৰ-বাতৰি আদান-প্ৰদান কৰি খোৱাত ব্যস্ত। এনেতে বৌৱেকে ঈষৎ হাঁহি এটা মাৰি দেউৰেকক ক’লে, “নিশান্ত তুমি একেবাৰে ঘৰ জোঁৱাই হৈ গ’লা !” কথাষাৰ শুনাৰ লগে লগে সকলোৱে অবাক হৈ বৌৱেকৰ ফালে চালে। নিশান্তই কথাষাৰ পাতলাবলৈ ক’লে, “বৌ, মাক-দেউতাকৰ মৰমৰ মাজত থাকিলে ঘৰ জোঁৱাই হয় নেকি ? ভাড়াঘৰ এটাত থাকিলেটো মা-দেউতাৰ মৰমখিনি নাপালোহেঁতেন।” নৱনিতাৰ কিন্তু মনত বৰ দুখ লাগিল। ছোৱালী এগৰাকীয়ে য’দি মাক-দেউতাক, ঘৰ-দুৱাৰ সকলো এৰি আহি স্বামীৰ ঘৰখন আপোন কৰি ল’ব পাৰে, শাহু-শহুৰৰ শুশ্ৰুষা কৰিব পাৰে, ল’ৰা এজনে শাহু-শহুৰৰ ঘৰত থাকিলে কিয় ঘৰ-জোঁৱাই বুলি মানুহে ইতিকিং কৰে ? জোঁৱাইৰ শাহু-শহুৰৰ প্ৰতি কোনো দ্বায়িত্ব নাথাকে নেকি ? এই প্ৰশ্নটোৱে নৱনিতাক জুমুৰি দি ধৰিলে……… ।

            (বোৱাৰী এগৰাকীয়ে শাহু-শহুৰক মা-দেউতা বুলি ভবাৰ দৰে জোঁৱাই এজনেও শাহু-শহুৰক মা-দেউতা বুলি ভাবিলে সম্পৰ্কবোৰ মধুৰ নহ’বনে………???)

জয়শ্ৰী দুৱৰা,
মা
নপাৰা, গুৱাহাটী