আমাৰ সেউজীয়া ঘৰ – পংকজ দাস

Pc StockCake

আমাৰ সেউজীয়া ঘৰ

পংকজ দাস, চিলঠিয়া,ব্ৰক্ষ্মাজান 

আকাশ নীলা, বতাহ মিঠা, নৈৰ পানী স্বচ্ছ,
এইখনেই আমাৰ ঘৰ, নাম দিলোঁ ‘পৃথিৱী’।
গছ-গছনি চৌপাশে, চৰাই গায় গীত,
প্ৰকৃতিৰ কোলাত আমি সুখেৰে নিতৌ জীয়াই থাকোঁ ।
য’তেই ত’তেই প্লাষ্টিক নেপেলাবা
ডাষ্টবিন ব্যৱহাৰ কৰা
প্লাষ্টিকে পৃথিৱীখন কৰে লেতেৰা
গছত তুমি নাকাটিবা ,গছে‌ই  আমাৰ প্ৰাণ
গছেই আমাৰ মান।
এজোপা গছ ৰুই নিতৌ দিয়াপানী
তেহে হ’ব সেউজীয়া ধৰণী।
চাফা ৰাখা ঘৰ ,চাফা ৰাখা  চুবুৰী,
চাফা ৰাখা মন,
আৱৰ্জনা ডাষ্টবিনত পেলোৱা, বুজিছা কণল’ৰা ?
যদি আমি সকলোৱে হাতত হাত ধৰোঁ,
সেউজীয়া পৃথিৱীখন আৰু সুন্দৰ কৰোঁ।
গছেই প্ৰাণ, পানীয়েই জীৱন, বতাহেই উশাহ,
পৰিৱেশ বচাওঁ আহাঁ, ল’ৰা-ছোৱালী-বুঢ়া সকলোৱে মিলি।
নহ’লে আমাৰ পিছৰ পুৰুষক কি দিবা তুমি
মৰুভূমি নে মৰমৰ এই সেউজীয়া ধৰণী ?