সমাহাৰ নাট্য গোষ্ঠীৰ তিনিখন জিলাৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক ছুৱেটাৰ বিতৰণ

সমাহাৰ নাট্য গোষ্ঠীৰ তিনিখন জিলাৰ দুখীয়া ছাত্ৰ-ছাত্ৰীক ছুৱেটাৰ বিতৰণ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- মানুহ কেৱল মানুহৰ বাবে। এখন এখন কৈ সহস্ৰখন হাত আগবাঢ়ি আহিলে যিকোনো অসম্ভৱকো সম্ভৱ কৰিব পাৰি। এই কথাষাৰ সত্য বুলি প্ৰমাণিত কৰিবলৈ সক্ষম হ’ল আগশাৰীৰ নাট্য দল “সমাহাৰ নাট্য গোষ্ঠী আৰু তেওঁলোকৰ শুভাকাঙ্খী সকল। সমাহাৰ নাট্য গোষ্ঠীযে ২০২৩ৰ জানুৱাৰী মাহত তিনিখন জিলাৰ চাৰিখন চৰকাৰী বিদ্যালয়ৰ প্ৰায় ৫০০ ছাত্ৰ-ছাত্ৰীক দুৱেটাৰ বিতৰণ কৰে। বৰপেটা জিলাত ২ জানুৱাৰীত আৰম্ভ হোৱা এই কাৰ্যসূচী ৩০ জানুৱাৰীত কামৰূপ মেট্রোপলিটানত সমাপ্ত হয়। সৰহভাগ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে প্রচণ্ড শীতৰ সময়চোৱাত ছুৱেটাৰ যোগান ধৰিব নোৱাৰাৰ বাবে ল’ৰা-ছোৱালীসমূহে ছুৱেটাৰ অবিহনে স্কুললৈ যাব লগা হৈছে। এইকথা জ্ঞাভ হোৱাৰ পাছতে সমাহাৰৰ হাতত থকা সীমিত অর্থ লৈয়ে এই কণমানি সমূহক সহায় কৰিবলৈ আগবাঢ়ি আহে নাট্য দলটি। উল্লেখ্য যে এই পদক্ষেপক জনগণৰ ওচৰলৈ নিয়াৰ বাবে ফেচবুক, টুইটাৰৰ দৰে সামাজিক মাধ্যমৰ জৰিয়তে এটা আবেদন জনোৱা হৈছিল আৰু অভাৱনীয় সঁহাৰি পোৱা গৈছিল, যাৰ বাবে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছুৱেটাৰ বিতৰণৰ কথা ভৱা হৈছিল যদিও চাৰিখন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীলৈকে এই কাৰ্যসূচী প্ৰসাৰ কৰা হয়। নেটিজেনৰ মানৱ দৰদী এই অভাৱনীয় সহাৰিয়ে এইসকল কণমাণিক শীতার্ত দিনবোৰত স্কুললৈ যাবলৈ সহায় কৰিছে। সমাহাৰ নাট্য গোষ্ঠীয়ে প্ৰথমে বৰপেটা জিলাৰ কাটাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ ২৫০ গৰাকী ছাত্র-ছাত্রীক, দ্বিতীয়তে নলবাৰী জিলাৰ টিহুৰ সমীপৰ নমাটি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ ১৩৩ গৰাকী, তাৰপাচতে কামৰূপ মেট্রোপলিটান জিলাৰ ক্ৰমে বৰপাক প্ৰাথমিক বিদ্যালয়ৰ ৪৩ গৰাকী আৰু মালয়বাৰী প্ৰাথমিক বিদ্যালয়ৰ ৪৪ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত ছুৱেটাৰ বিতৰণ কৰে। গোটেই মাহটোৰ দীঘলীয়া কাৰ্যসূচীত বিশিষ্ট নাট্য কর্মী তথা সমাহাৰ নাট্য গোষ্ঠীৰ সাধাৰণ সম্পাদক ড° সীতানাথ লহকৰৰ লগতে অন্যান্য সদস্যসকল ক্রমে ত্রিদীপ লহকৰ, কুমুদ তালুকদাৰ, ধ্ৰুৱজ্যোতি শৰ্মা আৰু অনুপমা দাসে স্কুলসমূহত গৈ ছাত্ৰ-ছাত্ৰীৰ মাজত দুৱেটাৰ বিতৰণ কৰে। সমাহাৰ নাট্য গোষ্ঠীযে সকলো জনগণ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানক সাধ্য অনুসৰি দুখীয়া ছাত্ৰ-ছাত্ৰীখিনিক সহায়ৰ হাত আগবঢ়াবলৈ নিবেদন জনায়।