সমাজ – অঞ্জুমণি শইকীয়া

pcThe Guardian

 সমাজ 

আমাৰ ঘৰখন মধ্যবিত্ত শ্ৰেণীৰ ৷ সৰুৰে পৰা একেলগে ডাঙৰ হোৱা ল’ৰা এজনৰ লগত মোৰ প্ৰেম হ’ল ৷ আমাৰ এই সম্পৰ্ক দুয়োখন ঘৰত জানিছিল যদিও কঠোৰ শাসন কৰা নাছিল ৷ কৰিবইনো কিয় ? আমি দুয়োখন ঘৰ একেই জাতৰ (সেই সময়ত বিবাহৰ ক্ষেত্ৰত জাতিৰ কথা আছিল ) ৷ কিছুমান ল’ৰা – ছোৱালীৰ দৰে আমি মনে মনে বা দেখাকৈও ফুৰা নাছিলো ৷

ল’ৰাজনৰ চাকৰি হোৱাৰ পিছত বিবাহৰ কথা আহিল ৷ এইখিনিতে সমাজৰ বান্ধোন / নীতি নিয়মৰ কথা আহি পৰিল ৷ ল’ৰাৰ মাক – দেউতাকে আমাৰ চোতালত “ হোমাগ্নি কৰিবলৈ দিলেহে ছোৱালী নিম’’ বুলি ক’লে ৷ আমাৰ ঘৰত আকৌ “ নাম কীৰ্ত্তন কৰিহে ছোৱালী নিব পাৰিব ’’ বুলি ক’লে৷ দেউতাৰ ভয় , হোমাগ্নি কৰি ছোৱালী দিলে সমাজে এৰিব ৷ দুয়োখন ঘৰ নিজৰ নিজৰ মতত থাকিল ৷ মোৰ প্ৰেমিকৰ মাক দেউতাকে পুতেকক ক’লে , “ তোৰ পচন্দক আমি না কৰা নাই ৷ গতিকে তয়ো আমাৰ কথা পেলাব নোৱাৰ ৷ ”

অৱশেষত ঘৰৰ পচন্দমতে মোৰ প্ৰেমিকে অন্য ছোৱালীক বিয়া পাতিলে ৷ এই দুখ মই সহিব নোৱাৰিলো ৷ লাহে লাহে মোৰ অসুখ হ’ল ৷ ঘৰত মোক ডাক্তৰক দেখুৱালে , কবিৰাজক দেখুৱালে ৷ জৰা ফুকাও কৰালে ৷ কিন্তু ভাল ন’হল ৷ মোৰ অৱস্থা দেখি বা’ৰ চিনাকি ল’ৰা এজনে মানুহ দুজনমান গোটাই মোৰ শিৰত সেন্দূৰ দিলে ৷ মইও তাৰ মাজত মোৰ প্ৰেমিকক বিচাৰিলো , কিন্তু নাপালো ৷ কেতিয়াবা ৰাষ্টাইদি যোৱা পুৰুষ দেখিলে মোৰ প্ৰেমিকৰ নামেৰে মাতো ৷ এনেকুৱা অশান্তি হৈ থকা দেখি মোৰ স্বামীক তেওঁলোকৰ ঘৰৰ মানুহে অন্য এজনীক পত্নী কৰি আনি দিলে ৷ মাজে মাজে মই ঘৰ এৰি ক’ৰবাত থাকো ৷ আকৌ বা’হঁতে বিচাৰি আনে ( এইবোৰ কথা মই পিছত জানিছিলো ) ৷

অৱশেষত মোক মানসিক চিকিৎসা কৰা ডাক্তৰ এজনক দেখুৱালে ৷ লাহে লাহে মই সম্পূৰ্ণ সুস্থ হ’লো ৷ ঘৰৰ পৰা আঁতৰি কোম্পানীৰ চাকৰিত সোমাই ব্যস্ত হ’লো ৷ সময়ৰ সোঁতত মোৰ কাহিনীও পাহৰণিৰ গৰ্ভত বিলীন হ’ল ৷

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ( তিনি আলি ) ৷