“সন্ত্ৰাসজৰ্জৰ সময়ৰ পটভূমিত মানৱতাৰ অন্বেষণ”: ৰীতা চৌধুৰীৰ ‘জাহ্নৱী’ উপন্যাসৰ আধাৰত এক আলোচনা – দৰ্শনা দত্ত

Pc Goodreads

“সন্ত্ৰাসজৰ্জৰ সময়ৰ পটভূমিত মানৱতাৰ অন্বেষণ”: ৰীতা চৌধুৰীৰ ‘জাহ্নৱী’ উপন্যাসৰ আধাৰত এক আলোচনা 

দৰ্শনা দত্ত

অসমীয়া সাহিত্য জগতৰ অন্যতম সাহিত্যিক ড° ৰীতা চৌধুৰীৰ উপন্যাস মানেই এক অনন্য সোৱাদ, এক ব্যতিক্ৰমী চিন্তাৰ খোৰাক আৰু ইতিহাস তথা সমসাময়িক সমাজৰ নিখুঁত চিত্ৰণ। ‘দেও লাংখুই’(২০০৫),’এই সময় সেই সময়'(২০০৭), ‘মাকাম’(২০১০),’ মায়াবৃত্ত’,(২০১২),’বিভ্ৰান্ত বাস্তৱ'(২০১৫) আদি কালজয়ী উপন্যাসৰ স্ৰষ্টা চৌধুৰীৰ ২০০৬ চনত প্ৰকাশিত ‘জাহ্নৱী’ উপন্যাসখনো অসমীয়া সাহিত্যৰ এক অনবদ্য আৰু কালজয়ী সৃষ্টি। ‘জাহ্নৱী’ কেৱল এটা ধাৰাবাহিক কাহিনীয়েই নহয়, ই হৈছে আমাৰ সমাজখনে পাৰ কৰি অহা এক বিপৰ্যস্ত তথা সন্ত্ৰাস জৰ্জৰিত,বাৰুদৰ গোন্ধ থকা সংকট সময়ৰ প্ৰতিচ্ছবি। আশী আৰু নব্বৈৰ দশকৰ অসমৰ উগ্ৰপন্থা আৰু সামাজিক বৰ্বৰতাই কেনেকৈ একোটা সুখী,শান্ত-সমাহিত পৰিয়ালৰ বুকুলৈ হঠাতে কাল ধুমুহা আনিছিল,তাক লেখিকাই উপন্যাসখনত অতি সংবেদনশীলৰূপেৰে উপস্থাপন কৰিছে।

উপন্যাসখনৰ কাহিনীভাগ গতিশীল আৰু প্ৰাণৱন্ত হৈ উঠিছে জয়া বৰুৱাৰ সংসাৰখনক কেন্দ্ৰ কৰি। তেওঁৰ পৰিয়ালটো আছিল সম্পূৰ্ণৰূপে এক নৈতিক মূল্যবোধ আৰু আদৰ্শকেন্দ্ৰিক পৰিয়াল, য’ত পাৰিবাৰিক পবিত্ৰতা আৰু উদাৰ মানৱতাবোধক জীৱনৰ মূল ভেটি হিচাপে গণ্য কৰা হৈছিল। পৰিয়ালটোৰ বোৱাৰী হিচাপে জয়া বৰুৱাৰ কৰ্তব্যপৰায়ণতা আৰু উদাৰতা ইমান প্ৰশংসনীয় আছিল যে তেওঁৰ কোনো আচৰণতে কোনেও কেতিয়াও অলপো ভুল ধৰিব পৰা নাছিল। তেওঁৰ স্বামী, শাহু-শহুৰ সকলোৱেই আছিল অত্যন্ত উদাৰ মনৰ আৰু মৰমিয়াল ব্যক্তি,যাৰ মৰম আৰু প্ৰেৰণাই জয়া বৰুৱাক ঘৰখনৰ প্ৰকৃত লক্ষ্মী কৰি তুলিছিল। শাহু-শহুৰ আৰু স্বামীৰ বিয়োগৰ পাছত জয়া বৰুৱাই একমাত্ৰ পুত্ৰ আনন্দক লৈয়েই ঘৰখন খুব সুন্দৰকৈ পৰিচালনা কৰিছিল। আনন্দও আছিল এজন অত্যন্ত পৰিশ্ৰমী,সৰল আৰু স্বাৱলম্বী যুৱক। আনন্দৰ সুখৰ সংসাৰখন গঢ়ি উঠিছিল তেওঁৰ অন্তৰংগ বান্ধৱী নীলাক্ষীৰ সৈতে। আনন্দ আৰু নীলাক্ষীৰ মাজত থকা প্ৰেম আৰু বন্ধুত্বক সন্মান জনাই জয়া বৰুৱাই পুত্ৰৰ পছন্দ মতেই তেওঁলোকৰ বিয়াখন পাতি দিছিল। এগৰাকী বোৱাৰী আৰু পুত্ৰৰ বান্ধৱী হিচাপে জয়া বৰুৱাই নীলাক্ষীক নিজৰ জীৱনৰ সমস্ত মৰমেৰে আকোৱালি লৈছিল আৰু ঘৰখন আনন্দ-উলাহেৰে ভৰি পৰিছিল।

সুখ আৰু শান্তিময়ভাৱে চলি থকা জয়া বৰুৱাৰ এই আদৰ্শবাদী সংসাৰখনলৈ সমসাময়িক উগ্ৰপন্থী আন্দোলনে চৰম বিপৰ্যয় কঢ়িয়াই আনে। উগ্ৰপন্থীয়ে আনন্দক ধনদাবী কৰি চিঠি দিয়ে আৰু দাবী কৰা সেই ধন দিবলৈ অমান্তি হোৱাৰ বাবেই আনন্দক তেওঁৰ অন্তসত্ত্বা পত্নী নীলাক্ষীৰ সন্মুখতে চিকিৎসালয়লৈ যোৱাৰ পথত অপহৰণ কৰে। অপহৰণকাৰীয়ে আনন্দক টানি-আজুৰি লৈ যাওঁতে নীলাক্ষীয়ে তাক ধৰিবলৈ চেষ্টা কৰিছিল,কিন্তু পৰি যোৱাৰ বাবে আঘাতপ্ৰাপ্ত হৈ তাইৰ গৰ্ভস্থ সন্তানটো নষ্ট হৈ যায়। পৰৱৰ্তী সময়ত উগ্ৰপন্থীয়ে আনন্দক নিৰ্মমভাৱে হত্যা কৰে। আনন্দৰ অপহৰণ আৰু হত্যাৰ এই চৰম আঘাত নীলাক্ষীয়ে কেতিয়াও মানি ল’ব নোৱাৰিলে। স্বামী আৰু গৰ্ভস্থ সন্তান হেৰুওৱাৰ যন্ত্ৰণাত তাই মানসিক সন্তুলন হেৰুৱাই এজনী সৰু ছোৱালীৰ দৰে হৈ পৰে আৰু আনন্দ আহিব বুলি সদায় অপেক্ষা কৰি থাকে। জয়া বৰুৱাই নিজৰ দুখ-ভাগৰ পাহৰি বোৱাৰীয়েক নীলাক্ষীক নিজৰ ছোৱালীৰ দৰে বুকুত সাৱটি লৈ তাইৰ যতন লয়। তীব্ৰ মানসিক দুৰৱস্থাই আৰু বেদনাৰ বাবেই নীলাক্ষীয়ে প্ৰতিপল নিজক ন-কইনাৰ দৰে সজাই ৰাখে, হাঁহি-ফূৰ্তি কৰি থাকে আৰু শাহুৱেককো তেনেকৈ থাকিবলৈ কয়। কাৰণ আনন্দই সকলোকে সদায় এনেদৰে থকাটোৱেই বিচাৰিছিল। স্বামীৰ সেই অতীতৰ পছন্দক ধৰি ৰাখিবলৈ কৰা তাইৰ এই প্ৰয়াস আছিল আচলতে বুকুত কঢ়িয়াই ফুৰা গভীৰ শূন্যতা আৰু এক অবুজ মানসিক যন্ত্ৰণাৰ মৰ্মান্তিক বহিঃপ্ৰকাশ।

উপন্যাসখনৰ আটাইতকৈ শক্তিশালী দিশটো হৈছে গভীৰ বিপৰ্যয়ৰ মাজতো মানৱীয় মূল্যবোধৰ অন্বেষণ। পুত্ৰৰ কৰুণ মৃত্যু আৰু বোৱাৰীয়েকৰ এনে দুখলগা মানসিক অৱস্থাৰ পিছতো জয়া বৰুৱাই নিজৰ ধৈৰ্য্যতা,নৈতিক মূল্যবোধ আৰু মানৱীয়তাক বিসৰ্জন দিয়া নাই। পুত্ৰশোক বুকুত বান্ধিও তেওঁ ঘৰখনৰ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰি গৈছে। ইয়াৰ মূল কাৰণ আছিল জয়া বৰুৱাৰ আধ্যাত্মিক চেতনা আৰু ধৰ্মপৰায়ণতা। তেওঁ নিয়মিতভাৱে ভাগৱত পাঠ কৰিছিল আৰু ভাগৱতৰ সেই মহান শিক্ষা,কৰ্মযোগ তথা ঈশ্বৰ বিশ্বাসক নিজৰ জীৱনৰ আদৰ্শ কৰি লৈছিল। ভাগৱতৰ পৰা লাভ কৰা এই পবিত্ৰ শিক্ষাই তেওঁক বিপদৰ সময়তো ধৈৰ্য্য ধৰিবলৈ,আনক ক্ষমা কৰিবলৈ আৰু মানসিকভাৱে দৃঢ় হৈ থাকিবলৈ অপাৰ শক্তি যোগাইছিল। উপন্যাসখনিৰ চৰম নাটকীয় মুহূৰ্ত তেতিয়াই আহে, যেতিয়া আনন্দক অপহৰণ আৰু হত্যা কৰা উগ্ৰপন্থীৰ দলটোৰেই ৩জন সদস্য এদিন ৰাতি পুলিচৰ খেদাত পলাই আহি জয়া বৰুৱাৰ ঘৰতে আশ্ৰয় বিচাৰে। সেই দলটোত আছিল ২ জন ল’ৰা (নিপু আৰু হীৰেন)ৰ লগতে সংগঠনৰ এজন শীৰ্ষ নেতাৰ সন্তানসম্ভৱা পত্নী স্মৃতি। দলটো উগ্ৰপন্থী তথা নিজৰ পুত্ৰৰ হত্যাকাৰী বুলি প্ৰথমাৱস্থাত তেওঁ জনা নাছিল যদিও পাছলৈ জানিব পাৰিলে, তেনে লোকক ঘৰত আশ্ৰয় দিলে নিজৰ জীৱনলৈ বিপদ আহিব পাৰে বুলি জানিও জয়া বৰুৱাই তেওঁলোকৰ লগত অন্যায় কৰিব পৰা নাই,বৰঞ্চ তেওঁলোকৰ কৰুণ অৱস্থা দেখি জয়া বৰুৱাৰ অন্তৰৰ মাতৃত্ব তথা মানৱতাবোধ সাৰ পাই উঠে আৰু পুত্ৰৰ হত্যাকাৰী দলক নিজৰ ঘৰতেই আশ্ৰয় দিয়ে। স্মৃতিৰ অনাগত সন্তানটো সুৰক্ষিতভাৱে পৃথিৱীলৈ আহিবলৈ তাইক ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ কয় তথা তেওঁলোকক যিমান পাৰে সহায় কৰাৰহে সিদ্ধান্ত লয়। গভীৰ নিশা ধুমুহা বৰষুণৰ মাজতো কেৱল স্মৃতিৰ বাবেই তেওঁ আনন্দৰ অন্তৰংগ বন্ধু ডাক্তৰ প্ৰাঞ্জলৰ ঘৰলৈ যায় আৰু ৰাস্তাত পুলিচক লগ পাই নিজৰেই বোৱাৰীৰ অসুখ বুলি মিছা মাতে। যিটো উগ্ৰপন্থী সংগঠনৰ নিষ্ঠুৰতাৰ বাবেই তেওঁৰ নিজৰ পুত্ৰক হেৰুৱাইছিল,নিজৰ নিষ্পাপ মৃত নাতিক বুকুত শিল বান্ধি বাৰীৰ পাছফালে পুতি থব লগা হৈছিল, সেই একেই সংগঠনৰে এগৰাকী নাৰীৰ গৰ্ভস্থ সন্তানক পৃথিৱী দেখুৱাবলৈ জয়া বৰুৱাই কৰা এই অহোপুৰুষাৰ্থই মানৱতাৰ এক বিৰল নিদৰ্শন দাঙি ধৰে। আনকি পুলিচৰ আগমনৰ উমান পাই জয়া বৰুৱাই উগ্ৰপন্থী যুৱক দুজনক ঘৰৰ পৰা পলুৱাই পঠিয়াই আৰু আশ্ৰয়হীন সন্তানসম্ভৱা স্মৃতিক সুৰক্ষা দিবলৈ আৰক্ষীৰ সন্মুখত নিজৰ বোৱাৰী বুলি চিনাকি দি, তাইৰ নাম দিয়ে জাহ্নৱী। আনহাতে মানসিকভাৱে দুৰ্বল নীলাক্ষীয়েও প্ৰথম অৱস্থাত স্মৃতিক মৰমেৰে সহায় কৰিছিল। পাছত জয়া বৰুৱাই নীলাক্ষীক সকলো সঁচা কথা কৈ দিয়ে আৰু টকা দাবী কৰি আনন্দলৈ লিখা চিঠি দুখনো দেখুৱাই দিয়ে। নিজৰ স্বামী আৰু অনাগত সন্তানৰ হত্যাকাৰী এওঁলোকেই আছিল বুলি জনাৰ পিছতো নীলাক্ষীয়েও কোনো প্ৰতিহিংসা কৰা নাই,বৰঞ্চ মাক জয়া বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তাইও অত্যন্ত উদাৰতাৰে স্মৃতিক আদৰি লয় আৰু তাইৰ যতন লয়। জয়া বৰুৱা আৰু নীলাক্ষীৰ এই অপাৰ কৰুণা,ক্ষমা আৰু উদাৰতাৰ উমান পাই স্মৃতিৰ অন্তৰতো তীব্ৰ অনুশোচনাৰ সৃষ্টি হয়। তাই অনুভৱ কৰে যে তাইৰ স্বামী আৰু এই সংগঠনে কিমান যে নিৰ্দোষ পৰিয়ালৰ চকুপানী বোৱালে,কিমান নিৰ্দোষী লোকক মৃত্যুদণ্ড দিলে! আনন্দৰ মৃত্যুৰ চৰম সত্যটোক জয়া বৰুৱাই নীলাক্ষীক ব্যক্ত কৰি বোৱাৰীয়েকক নিজ হাতেৰে মূৰৰ সেন্দূৰ মচি পেলাবলৈ কয়। জয়া বৰুৱাৰ এই কথাই সমাজৰ আৰু পৰিস্থিতিৰ কঠোৰ বাস্তৱক স্বীকাৰ কৰাৰ মানসিক দৃঢ়তাক প্ৰকাশ কৰে। জয়া বৰুৱা আৰু নীলাক্ষীৰ বিশাল মানৱতাবোধ আৰু ক্ষমাৰ মহত্ত্বই স্মৃতিৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি দিলে। স্মৃতিৰ স্বামীৰ লগতে আনকেইজন সদস্যই তেওঁলোকে কৰা ভুলবোৰ উপলব্ধি কৰে। নিপু আৰু হীৰেনে জয়া বৰুৱাৰ ঘৰৰ পৰা বিদায় লোৱাৰ সময়ত শ্ৰদ্ধাৰে হাতযোৰ কৰি তেওঁক নমস্কাৰ জনাই আৰু ভৰি চুই প্ৰণাম জনায়। উপন্যাসখনৰ একেবাৰে শেষত দুৱাৰমুখৰ পৰা ক্ষন্তেক থমকি ৰৈ উভতি অহা মুখিয়াল যুৱকজনে “… ইয়াৰ পাছত সকলো কথা মই আকৌ এবাৰ নতুনকৈ ভাবি চাম”(‘জাহ্নৱী ‘,ৰীতা চৌধুৰী, চতুৰ্থ সংস্কৰণ: জানুৱাৰী,২০২২,পৃষ্ঠা-৭৪)—বুলি জয়া বৰুৱাক কৰা স্বীকাৰোক্তিত হিংসাৰ পথ এৰি সকলো কথা নতুনকৈ ভাবি চাবলৈ লোৱা মানসিক পৰিৱৰ্তন দেখা যায়। মুহূৰ্ততে আকাশত সূৰ্যৰ প্ৰথমটো ৰশ্মি বিয়পি পৰিবলৈ ধৰিছিল,যিয়ে কেৱল এক নতুন প্ৰভাতৰে নহয়,বৰঞ্চ সমাজৰ ক’লা অধ্যায়ৰ অন্ত পেলাই মানৱতা আৰু আশাৰ এক নতুন অধ্যায়ৰ প্ৰতীকী ইংগিত বহন কৰিছে। ইয়াৰ জৰিয়তে বাৰুদ আৰু হিংসাৰ ওপৰত মানৱতাৰ বৃহৎ জয় ঘোষিত হয়।

সন্ত্ৰাসবাদৰ জুইয়ে এখন সমাজ, এখন ঘৰ ধ্বংস কৰাৰ পিছতো যে মানৱীয় মূল্যবোধ আৰু ক্ষমা ধৰ্ম জীয়াই থাকিব পাৰে,তাৰ অন্বেষণ কৰাই হৈছে ‘জাহ্নৱী’ উপন্যাসখনৰ মূল উপজীৱ্য বা বাৰ্তা । লেখিকাই দেখুৱাইছে যে বৰ্বৰতা আৰু হিংসাৰ উত্তৰ কেতিয়াও প্ৰতিহিংসা হ’ব নোৱাৰে। পুত্ৰৰ হত্যাকাৰী উগ্ৰপন্থী দলক সমুখত পাই জয়া বৰুৱাই প্ৰতিশোধ ল’ব পাৰিলেহেঁতেন। প্ৰথম মুহূৰ্তত তেওঁ সহায় নকৰোঁ বুলি ভাবিছিল যদিও তেওঁৰ অন্তৰৰ মাতৃত্ব আৰু বিশাল উদাৰতাই সেইয়া কৰিবলৈ সন্মতি নিদিলে। জয়া বৰুৱাৰ মনৰ ভিতৰত চলা এই মনস্তাত্ত্বিক সংগ্ৰাম আৰু উদাৰতা উপন্যাসখনৰ কেইবাটাও সংলাপৰ মাজেৰে অতি হৃদয়স্পৰ্শীভাৱে প্ৰকাশ পাইছে—

১. “…কিন্তু এই মুহূৰ্তত সকলো দেওদি অন্য চিন্তাই আৱৰি ধৰিছে জয়া বৰুৱাক। এই ভয়ংকৰ ধুমুহাৰ মাজত আতুৰত পৰি অহা তিনিটা সন্তানৰ বয়সী ল’ৰা-ছোৱালীক আশ্ৰয় নিদিওঁ বুলি ওভতাই পঠাব পাৰিনে?পাৰিলেও উচিত নে? শাস্ত্ৰই উচিত বুলি কোৱা নাই। গুৰুজনেও কোৱা নাই। আশ্ৰয় বিচাৰি অহা জনক প্ৰত্যাখ্যান কৰাটো অধৰ্ম। পাপ। তেওঁলোক যিয়েই নহওক—সহায় কৰিব লাগিব।”(পৃষ্ঠা – ২৪)

২. “…তেওঁৰ মনৰ ভিতৰতো তেতিয়া ধুমুহা বলিছিল— তেওঁৰো বুকুৰ মাজত আকাশ ভাঙি বৰষুণ নামিছিল। দ্বিধা-দ্বন্দ্বৰ ঘূৰ্ণিবতাহত তেওঁ বাট নেদেখা হৈ গৈছিল। কি কৰিব এতিয়া জয়া বৰুৱাই? কি হ’ব তেওঁৰ কৰ্তব্য? এই আতুৰত পৰি আশ্ৰয় বিচাৰি অহা ল’ৰা- ছোৱালীকেইটাক তেওঁ সহায় কৰিবনে? নে তীব্ৰ কটুক্তিৰে থকা-সৰকা কৰি দুৱাৰ খুলি উলিয়াই দিব ধুমুহা বৰষুণৰ মাজলৈ?এই মুহূৰ্তত তেওঁৰ তাকেই কৰিবলৈ মন গৈছে। হিংস্ৰ হাতেৰে ছিন্ন-ভিন্ন কৰি পেলাবলৈ মন গৈছে বিপদত পৰি নিৰীহৰ দৰে বহি থকা হত্যাকাৰী ল’ৰাবোৰক।”( পৃষ্ঠা – ২৯)

৩.” প্ৰাণপণে নিজকে সংযত কৰিলে জয়া বৰুৱাই। পাশৱিকতাৰ ওচৰত পৰাজিত হ’লে নহ’ব। নিজক জয় কৰিব লাগিব। এজনী জীৱন- মৃত্যুৰ দোমোজাত থিয় হৈ থকা আসন্ন প্ৰসৱা নাৰীক সহায় কৰিব লাগিব।”(পৃষ্ঠা -৫৮)

৪. “…এই মুহূৰ্তত সিহঁতক যি ইচ্ছা তাকেই কৰিব পাৰে জয়া বৰুৱাই। নীলাক্ষীৰ হাতত ধৰাৰ কাৰণে—নীলাক্ষীক কন্দুওৱা কাৰণে—গালি পৰা কাৰণে সিহঁতক মাৰি মাৰি ক্ষত-বিক্ষত কৰিব পাৰে—সিহঁতৰ মুখলৈ থুৱাই দিব পাৰে—আনকি—আনকি প্ৰাঞ্জলক আঁতৰাই আনি স্মৃতি নামৰ ছোৱালীজনীকো চৰম যন্ত্ৰণা অথবা মৃত্যুলৈ ঠেলি দিব পাৰে—যেনেকৈ সিহঁতৰ কোনোবাই নীলাক্ষীৰ পেটৰ কেঁচুৱাটোক মাৰিছিল—যেনেকৈ নীলাক্ষীক ঠেলি দিছিল—চৰম যন্ত্ৰণা আৰু জীৱন-মৃত্যুৰ দোমোজালৈ— জয়া বৰুৱাও সিহঁতৰ দৰে হ’ব নেকি?সিহঁতৰ দৰে নিৰ্মম ? সিহঁতৰ দৰে স্বাৰ্থপৰ?সিহঁতৰ দৰে যুক্তিহীন?অন্যায়কাৰী?”(পৃষ্ঠা – ৫৮,৫৯)

আনহাতে অসহায় স্মৃতিক আইনী মেৰপাকৰ পৰা ৰক্ষা কৰিবলৈও তেওঁ এক পৰিকল্পনা হাতত লয়। পুলিচৰ চকুত ধূলি দিবলৈ তেওঁ নিজৰ সংসাৰ আৰু চৰিত্ৰসমূহক নতুনকৈ সজাই তোলে। পুলিচৰ আগত মিছা মাতে যে তেওঁৰ দুজন পুত্ৰ আছে —আনন্দ আৰু দিগন্ত। এই পৰিকল্পনা মতেই তেওঁ সন্তানসম্ভৱা স্মৃতিক নিজৰ সৰু পুত্ৰ দিগন্তৰ পত্নী বুলি চিনাকি দিয়ে আৰু তাইক সুৰক্ষিত কৰিবলৈ ‘জাহ্নৱী’ নামটো প্ৰদান কৰে। কেৱল পৰিচয় দিয়াই নহয়, পুলিচ আহিলে কেনেকৈ নিজক বচাই মিছা মাতিব লাগিব, সেই সকলোবোৰ কৌশল তেওঁ স্মৃতিক শিকাই দিয়ে—

“তোমাৰ নাম স্মৃতি নহয়— তোমাৰ নাম জাহ্নৱী। তুমি মোৰ বোৱাৰী। মোৰ ডাঙৰ ল’ৰাৰ নাম আনন্দ। তাক তিনি মাহ আগতে উগ্ৰপন্থীয়ে অপহৰণ কৰি লৈ গেছে। তাৰ মৃতদেহ আমি ঘূৰাই পোৱা নাই। মোৰ সৰু ল’ৰাৰ নাম দিগন্ত। তোমাৰ স্বামীৰ নাম দিগন্ত বৰুৱা। বজাৰত থকা ষ্টেচনাৰী দোকানখনৰ বাবে বস্তু কিনিবলৈ সি গুৱাহাটীলৈ গৈছে। নাপাহৰিবা। তোমাকে কোনেও নোসোধে। তথাপি কৈ থ’লো। এওঁৰ নাম প্ৰাঞ্জল কাকতি। আনন্দৰ বন্ধু। মোৰ নাম জয়া বৰুৱা। আনন্দৰ দেউতাকৰ নাম ৰজত বৰুৱা…”(পৃষ্ঠা-৬৩)।

স্মৃতিক সম্পূৰ্ণৰূপে ঘৰৰ বোৱাৰী সজাবলৈ তেওঁ নীলাক্ষীৰ অলংকাৰসমূহ আনি তাইক পিন্ধাই দিয়ে। শিৰত সেন্দূৰ দি দিয়ে। যি অলংকাৰ আৰু সেন্দূৰ আছিল আচলতে জয়া বৰুৱাৰ মৃত পুত্ৰ আনন্দৰ বৈবাহিক প্ৰেমৰ একো একোটা পৱিত্ৰ স্মৃতি,সেই আদৰৰ,মৰমৰ চিনবোৰকে তেওঁ আজি শত্ৰুৰ সন্তানসম্ভৱা পত্নীৰ গাত পিন্ধাই দিবলগীয়া হৈছিল—যিটো আছিল এগৰাকী মাতৃৰ বাবে চৰম বুকুভঙা ত্যাগ আৰু মনস্তাত্ত্বিক সংগ্ৰামৰ মুহূৰ্ত—

” ‘গহনাবোৰ খুলি পেলা নীলাক্ষী।’কঠোৰ বিচাৰকৰ মুখৰ পৰা ওলোৱা মৃত্যুদণ্ডৰ দৰে উচ্চাৰিত হৈছে বাক্যটো। ৰঙীণ নাইটি পিন্ধা শিলৰ নাৰীমূৰ্তিয়ে এটাও শব্দ উচ্চাৰণ নকৰাকৈ এপদ এপদকে খুলি থৈছে অলংকাৰবোৰ। এপদ এপদকৈ হাত পাতি লৈছে জয়া বৰুৱাই।…এপদ এপদকৈ গহনাবোৰ স্মৃতিক পিন্ধাই গৈছে জয়া বৰুৱাই। তাৰ পিছত ড্ৰেছিং টেবুলৰ পৰা লৈ আনিছে ৰূপৰ সেন্দূৰৰ টেমা । স্মৃতিৰ কঁপালত ফোঁট আৰু শিৰত সেন্দূৰ পিন্ধাই দিছে। তাৰ পিছত আঁতৰাই থৈছে আনন্দ আৰু নীলাক্ষীৰ যুগ্ম ফটোখন।”

জয়া বৰুৱাৰ মহত্ত্বই আটাইতকৈ হৃদয়বিদাৰক ৰূপ লয় তেতিয়া,যেতিয়া তেওঁ উগ্ৰপন্থী যুৱক দুজনক পুলিচৰ হাতৰ পৰা বচাই পলাই যাবলৈ নিৰ্দেশ দিয়ে। তেওঁ প্ৰাণৰ পুত্ৰ আনন্দই এটা ঘৰ সাজিব বিচাৰিছিল, কিন্তু তাৰ মৃত্যুৰ পিছত সেই সপোনৰ ঘৰটো আধাসজা হৈয়েই ৰৈ গ’ল। জয়া বৰুৱাই অতি আৱেগিক অথচ দৃঢ়ভাৱে সেই হত্যাকাৰী ল’ৰা দুজনক আনন্দৰ সেই আধাসজা ঘৰটোতে সোমাই থাকিবলৈ কয়। নিজৰ পুত্ৰৰ আধাতে থমকি ৰোৱা সপোনৰ ঘৰটোতে পুত্ৰৰে হত্যাকাৰীক লুকাই থাকিবলৈ কোৱাৰ লগতে তেওঁলোকক খাবলৈ গৰম গাখীৰ খাবলৈ দিয়ে। নীলাক্ষীয়ে মৃত স্বামী আনন্দ কোনোবা দিনা ঘূৰি আহিব—এই অবাস্তৱ আশা বুকুত বান্ধি তাই সদায় ডাইনিং টেবুলত ভাত সজাই থয়। আনন্দলৈ সজাই থোৱা সেই ভাতখিনি তেওঁলোক দুজনলৈ আগবঢ়াই জয়া বৰুৱাই মাতৃত্বৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে।

উপন্যাসখনত নীলাক্ষীৰ চৰিত্ৰটোও মানৱতাৰ উজ্জ্বল আৰু পৱিত্ৰ ৰূপেৰে প্ৰকাশ পাইছে। উগ্ৰপন্থীৰ হাতত নিজৰ স্বামী আৰু সন্তানক হেৰুৱাই চৰম মানসিক আঘাত ভোগ কৰাৰ পিছতো তাইৰ অন্তৰৰ নিৰ্মল মানৱীয়তা অলপো ম্লান পৰা নাছিল। ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণ পোৱা যায় যেতিয়া তাই নিজৰ ঘৰত আশ্ৰয় লৈ থকা সন্তানসম্ভৱা অসহায় নাৰী স্মৃতিক প্ৰত্যক্ষ কৰে।স্মৃতিৰ দুৰ্দশাপূৰ্ণ অৱস্থা দেখি মানসিকভাৱে অসুস্থ যদিও নীলাক্ষীৰ অন্তৰ কাৰুণ্যৰে খুলি উঠিছিল আৰু তাই স্মৃতিৰ শুশ্ৰূষা কৰিছিল। নীলাক্ষীৰ কেইবাটাও হৃদয়স্পৰ্শী সংলাপৰ মাজেৰে স্মৃতিৰ প্ৰতি থকা গভীৰ যত্ন আৰু মৰমৰ আকুলতা ফুটি উঠিছে —

১. ” … কেঁকাই থকা ছোৱালীজনীক পৰিচৰ্যা কৰাত ব্যস্ত হৈ আছিল নীলাক্ষী। একো নজনাকৈ—একো নুবুজাকৈ। ‘পানী অকণমান খাওঁকচোন’, পানীৰ গিলাচটো হাতত লৈ স্মৃতিৰ ওচৰত বহি দায়িত্বশীল গৃহিণীৰ দৰে মৰমেৰে ক’লে নীলাক্ষীয়ে।”(পৃষ্ঠা -৪৮)

২. ” আপুনি কিন্তু আৰু দালমুট-চালমুট বেছিকৈ নাখাব দেই —অসুখ নহ’লে ভাল নহ’ব।”(পৃষ্ঠা-৪৯)

৩. “আপুনি চাহ অকমান খাব নেকি? কৰি দিওঁ? খালে ভাল লাগিব।”(পৃষ্ঠা -৫০)

৪. আপুনি অলপ সময় শুই থাককচোন। বহি থকাৰ কাৰণে বেছিকৈ বিষাইছে কিজানি।”(পৃষ্ঠা -৫১)

৫. ৰ’ব মই গামোছা এখন তিয়াই মুখখন মচি দিওঁ — ভাল লাগিব।”(পৃষ্ঠা -৫২)

তাৰোপৰি তাই নিপু আৰু হীৰেনক কাপোৰ সলাবলৈ আনন্দৰ দুযোৰ কাপোৰ আৰু দুখন গামোচা আলমাৰিৰ পৰা উলিয়াই দিছিল।পৰৱৰ্তী সময়ত জয়া বৰুৱাই যেতিয়া নীলাক্ষীক সকলো সঁচা কথা খুলি ক’লে যে আনন্দলৈ ধনদাবী কৰা চিঠি কেইখন এওঁলোকৰে কোনোবাই লিখিছিল আৰু এই স্মৃতিয়েই হৈছে তাইৰ স্বামীৰ হত্যাকাৰীৰ পত্নী। তেওঁ নীলাক্ষীক সকলো ব্যক্ত কৰাৰ লগতে তেনে কঠিন পৰিস্থিতিত গভীৰভাৱে বুজাইছিল যে আমাৰ কোনো শাস্ত্ৰই কাৰো প্ৰতি অধৰ্ম আচৰণ কৰিবলৈ কোৱা নাই। জয়া বৰুৱাই নিজৰ অতীতৰ কথা সুঁৱৰি কয় যে তেওঁ এইখন ঘৰলৈ বোৱাৰী হৈ অহাৰ দিনৰে পৰা আজিলৈকে কেতিয়াও এই ঘৰখনত কোনো অন্যায় হোৱা দেখা নাই। গতিকে সেই সততা আৰু ধৰ্মক ৰক্ষা কৰিবলৈ হ’লে আৰু গৰ্ভৱতী স্মৃতিক বচাবলৈ হ’লে নীলাক্ষীয়ে সঁচা কথাবোৰ জনাৰ প্ৰয়োজন আছিল। জয়া বৰুৱাৰ মুখৰ পৰা শাস্ত্ৰ আৰু মানৱ ধৰ্মৰ এই মহান শিক্ষা লাভ কৰাৰ পিছত নীলাক্ষীয়ে এজনী অবোধ সৰু ছোৱালীৰ দৰে ব্যাকুল হৈ সুধি উঠে— “মই এতিয়া কি কৰিব লাগিব মা? নীলাক্ষীৰ এই এটা মাত্ৰ সংলাপে তাইৰ অন্তৰৰ নিস্পাপতাক প্ৰমাণ কৰে। পৰৱৰ্তী সময়ত ঘৰলৈ অহা পুলিচ অফিচাৰজনকো তাই সঁচা কথা ক’ব পাৰিলেহেঁতেন । কিন্তু সন্তান আৰু স্বামীৰ হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ লোৱাৰ বিপৰীতে তাইও জয়া বৰুৱাৰ আদৰ্শকেহে অনুসৰণ কৰি পৰৱৰ্তী সময়ত স্মৃতিক এটা কাপোৰ টোপোলা দিছে। কেৱল সেয়াই নহয়, স্মৃতিৰ মচিবলৈ ধৰা সেন্দূৰখিনিলৈ চাই এক গভীৰ কৰুণতাৰে তাই কৈছিল— ” নমচিব। আপোনাক বৰ ধুনীয়া দেখাইছে। সেন্দূৰ নোহোৱা কেঁচুৱাৰ মাকবোৰক দেখিবলৈ ভাল নালাগে।”(পৃষ্ঠা -৬৯)।

এইয়া আছিল আচলতে এক গভীৰ আৱেগিক মুহূৰ্ত। কাৰণ স্মৃতিৰ স্বামী তথা উগ্ৰপন্থী সংগঠনৰ নিষ্ঠুৰতাই নীলাক্ষীৰ কপাল উকা কৰি,তাইক বিধৱা কৰি মানসিকভাৱে পংগু কৰিলে। অথচ, সেই গৰাকী নীলাক্ষীয়েই শত্ৰুতাৰ ভাৱ পাহৰি স্মৃতিৰ কপালৰ সেন্দূৰক মৰ্যাদা দিয়াৰ এই ঘটনাই নীলাক্ষীৰ অন্তৰৰ মহান পৱিত্ৰতাকে প্ৰতিষ্ঠা কৰিছে। উগ্ৰপন্থী জৰ্জৰিত সমাজখনত জয়া বৰুৱাৰ দৰে নীলাক্ষীৰ চৰিত্ৰটোও হৈছে ক্ষমা,উদাৰতা আৰু মানৱীয়তাৰে জিলিকি থকা এটি মহান চৰিত্ৰ।

উপন্যাসখনত বন্ধুত্ব,ত্যাগ আৰু মানৱতাৰ আন এক অনন্য নিদৰ্শন দাঙি ধৰিছে আনন্দ আৰু নীলাক্ষীৰ অন্তৰংগ বন্ধু প্ৰাঞ্জলৰ চৰিত্ৰটোৱে। প্ৰাঞ্জল আছিল বিপদৰ সময়ত সৰ্বস্ব ত্যাগ কৰিব পৰা আনন্দৰ এজন প্ৰকৃত বন্ধু। আনন্দ আৰু নীলাক্ষীৰ বিয়াত অতি আগ্ৰহেৰে সহায় কৰা প্ৰাঞ্জলে আনন্দৰ বিপৰ্যয়ৰ সময়তো নীৰৱে এক অভূতপূৰ্ব ভূমিকা পালন কৰিছিল। উগ্ৰপন্থীয়ে যেতিয়া আনন্দক পইচা দাবী কৰিছিল,তেতিয়া তাক সেই বিপদৰ পৰা বচাবলৈ প্ৰাঞ্জলে নিজে টকা যোগাৰ কৰাৰ বাবে সংগ্ৰাম কৰিছিল। আনকি বন্ধুত্বৰ খাতিৰত সি নিজৰ নতুনকৈ কিনা গাড়ীখনো বিক্ৰী কৰি দিছিল আৰু আনন্দক এৰি দিবলৈ উগ্ৰপন্থীৰ ওচৰত কাতৰ কাকূতি-মিনতি কৰিছিল। আশ্চৰ্যজনকভাৱে, প্ৰাঞ্জলৰ এই নিঃস্বাৰ্থ ত্যাগৰ কথা আনন্দই জনা নাছিল,আনকি জয়া বৰুৱাও এই বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। আনন্দৰ মৃত্যুৰ পিছত মানসিক সন্তুলন হেৰুওৱা নীলাক্ষীৰ অৱস্থা দেখি চিন্তিত হৈ প্ৰাঞ্জলে তাইক আনন্দৰ মৃত্যুৰ সঁচা কথাবোৰ ক’বলৈ বাধা দিছিল,চিকিৎসাৰ বাবে মনোৰোগ বিশেষজ্ঞৰ কাষ চপাৰ কথাও চিন্তা কৰিছিল।পৰৱৰ্তী সময়ত,জয়া বৰুৱাই উগ্ৰপন্থীৰ এজনৰে সন্তানসম্ভৱা পত্নী স্মৃতিৰ প্ৰসৱৰ বাবে প্ৰাঞ্জলৰ ঘৰলৈ সহায় বিচাৰি গৈছিল,প্ৰাঞ্জল প্ৰথমতে ক্ৰোধত ফাটি পৰিছিল। কাৰণ যি উগ্ৰপন্থী সংগঠনে তাৰ প্ৰাণৰ বন্ধু আনন্দক নিৰ্মমভাৱে হত্যা কৰিলে,সেই পক্ষৰে কাৰোবাক আশ্ৰয় দিয়াটো সি সহজে গ্ৰহণ কৰিব পৰা নাছিল। কিন্তু জয়া বৰুৱাই যেতিয়া তাক এজন বন্ধুৰ সলনি এগৰাকী অসহায় নাৰীক জীৱনদান দিয়া এজন ‘ডাক্তৰ’ হিচাপে কৰ্তব্য পালন কৰিবলৈ অনুৰোধ কৰিলে,জয়া বৰুৱাৰ সেই মহান আদৰ্শ আৰু কথাৰ ওচৰত প্ৰাঞ্জলৰ ক্ৰোধ শান্ত হ’ল তাৰ মনটো কোমল পৰিল। সি এজন চিকিৎসকৰ ধৰ্ম পালন কৰিবলৈ মান্তি হ’ল আৰু শেষত অত্যন্ত নিয়াৰিকৈ স্মৃতিৰ এটি সুস্থ ল’ৰা সন্তান জন্ম হোৱাত সহায় কৰিলে। এইদৰে, প্ৰাঞ্জলৰ চৰিত্ৰটোৱে প্ৰতিশোধৰ ভাৱনাক নেওচি চিকিৎসাৰ ধৰ্ম আৰু মানৱীয়তাক সৰ্বোপৰি স্থান দিলে। উপন্যাসখনৰ মূল ভাব অৰ্থাৎ ‘সন্ত্ৰাসজৰ্জৰ ভয়াৱহ পৰিস্থিতিত মানৱতাৰ প্ৰকাশ’ প্ৰাঞ্জলৰ চৰিত্ৰটোতো পৰিলক্ষিত হয়।

স্মৃতি আছিল উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকা এগৰাকী নাৰী। হিংসা আৰু সংগ্ৰামৰ পথটোৱে তাইক আশ্ৰয়হীন কৰাৰ সময়তে জয়া বৰুৱাৰ ঘৰত আশ্ৰয় লাভ কৰে। তাত জয়া বৰুৱা আৰু মানসিকভাৱে অসুস্থ নীলাক্ষীৰ অপাৰ কৰুণা দেখি স্মৃতিৰ অন্তৰত তীব্ৰ অনুশোচনাৰ সৃষ্টি হয়। তাই গভীৰভাৱে অনুভৱ কৰে যে এই উগ্ৰপন্থী সংগঠনে বহুতো নিৰ্দোষ পৰিয়ালৰ সুখৰ সংসাৰ ছাৰখাৰ কৰিলে। তীব্ৰ আত্মগ্লানিত দহি তাই নিজৰ অতীতৰ ভুল পথটোক ধিক্কাৰ দিয়ে। জয়া বৰুৱাই যেতিয়া তাইক পুলিচৰ গ্ৰাসৰ পৰা বচাবলৈ সমাজৰ আগত নিজৰ বোৱাৰী ‘জাহ্নৱী’ বুলি পৰিচয় দিয়ে আৰু মৃত নাতিটোৰ বাবে থোৱা কাপোৰ,নীলাক্ষীৰ কাপোৰ-অলংকাৰ সঁপি দিয়ে, তেতিয়া স্মৃতিয়ে মনটো অস্থিৰ হৈ উঠে। তীব্ৰ ক্ষোভেৰে তাই নিজৰ স্বামীক ধিক্কাৰ দি কয়-

১. “আনন্দ বৰুৱাক মাৰি পেলালা তোমালোকে- কিয় মাৰিলা- কিয় মাৰিলা তোমালোকে নিৰ্দোষী ল’ৰাটোক?”(পৃষ্ঠা -৭০)

২. “এই ঘৰখন দেখিছা ? এই ঘৰখন ? এইখন ঘৰত পাপৰ ধন নাই- কিয় খুজিছিলা তাক টকা—”(পৃষ্ঠা -৭০)

৩. “সেই কাৰণে তাক মৃত্যুদণ্ড দিলা-তুমি-তোমালোক- তোমালোক কাৰো মনুষ্যত্ব নাই- তুমি যেতিয়া নিৰ্দোষী ল’ৰাটোক মৃত্যুদণ্ড দিছিলা- তেতিয়া তোমাৰ সন্তান জন্ম হ’বলৈ ৰৈ আছিল- তুমি এটা হত্যাকাৰী- কি অধিকাৰত তুমি পিতৃহ’ব খোজা ? আনক মৃত্যুদণ্ড দি তুমি নিজৰ সন্তান বিচাৰা ? এইঘৰৰ, – আনন্দ বৰুৱাৰ মানুহজনীও- তায়ো গৰ্ভৱতী আছিল-আনন্দক বচাবলৈ যাওঁতে বাটত পৰি তাইৰপেটৰ কেঁচুৱাটো পেটতেই মৰি গ’ল- কি অধিকাৰত- কি অধিকাৰত তুমি পিতৃ হ’বা?…….আশ্ৰয় বিচাৰি অহা মানুহক শত্ৰু হ’লেও, অপৰাধী হ’লেও বিমুখ কৰিব নাপায় ! কি শিকাবা তাক ? কাম কৰি খোৱা নিৰপৰাধী মানুহক মাৰি-কাটি ডকা-হকা দি জীয়াই থাকিবলৈ ? বিপ্লৱ কৰিছা- এয়া তোমালোকৰ বিপ্লৱ- মই নিজকে বিপ্লৱী হিচাপে ধিক্কাৰ দিছোঁ-ময়ো তোমালোকতকৈ বেলেগ নহয়- ছিঃ ছিঃ – ইমানবোৰ মৃত্যুৰ পাপ কঢ়িয়াই মই কেনেকৈ যে তোমাৰ লগত—”( পৃষ্ঠা – ৭১)”

৪”….মই ইয়ালৈ নহা হ’লে ময়ো নুবুজিলোহেঁতেন— তোমাৰ বীৰত্বত মুগ্ধ হৈ বিপ্লৱৰ স্বপ্নত বিভোৰ হৈ ময়ো নৰকলৈ নামি গৈ থাকিলোহেঁতেন— মই আৰু নাথাকোঁ— কেতিয়াও তোমালোকৰ লগত নাথাকোঁ— মোৰ তোমালৈ ঘিণ লাগিছে— মোৰ নিজলৈ ঘিণ লাগিছে— কি কৰোঁ মই এতিয়া— কি কৰোঁ— এই কেঁচুৱাটোক লৈ মই ক’লৈ যাওঁ—”( পৃষ্ঠা -৭১,৭২)

এক মানসিক ধুমুহাৰ অন্তত স্মৃতি শান্ত হৈ এক শিলামূৰ্তিৰ দৰে মজিয়াত আঁঠুকাঢ়ি বহি পৰে। নিজৰ নিষ্পাপ কেঁচুৱাটো মাটিত থৈ আঠুকাঢ়ি নিজকে এগৰাকী অপৰাধী হিচাপে স্বীকাৰ কৰে—

“মোক শাস্তি দিয়া। মাৰি পেলোৱা মোক। মাৰি পেলোৱা এই কেঁচুৱাটোক। এই নিৰ্মম হত্যাকাৰীটোৱে বুজক— তিলতিলকৈ বুজক— বুকুৰ মাজৰ পৰা সন্তান গুচি গ’লে কেনে লাগে— আত্মীয় গুচি গ’লে কেনে লাগে। জীয়াই থাকিব নোখোজো। আপোনালোকৰ ওচৰত অপৰাধী হৈ মই জীয়াই থাকি কি কৰিম?”

স্মৃতিৰ এই সংলাপ খিনিৰ মাজৰেই উপন্যাসখনৰ নামকৰণ ‘জাহ্নৱী’ৰ আটাইতকৈ ডাঙৰ সাৰ্থকতা আৰু আধ্যাত্মিক ব্যঞ্জনা প্ৰকাশ পাইছে। জয়া বৰুৱাই যেতিয়া স্মৃতিক সুৰক্ষাৰ কৱচ হিচাপে ‘জাহ্নৱী’ নামটো প্ৰদান কৰিলে, সেই মূহূৰ্তৰ পৰাই স্মৃতিৰ মনৰ পৰা উগ্ৰপন্থী জীৱনৰ সমস্ত কলুষতা, ক’লা অধ্যায় আৰু হিংসাৰ মলিনতা চিৰদিনৰ বাবে ধুই-মচি নিকা হৈ গ’ল। গংগা নদীৰ আন এটা নাম জাহ্নৱী। গংগা(জাহ্নৱী)নদীয়ে যেনেকৈ পৃথিৱীৰ সকলো আৱৰ্জনা আৰু পাপ নিজৰ বুকুত লৈও নিজে চিৰ-পৱিত্ৰ হৈ বৈ থাকে আৰু স্পৰ্শ কৰা প্ৰতিগৰাকী মানুহকে পবিত্ৰ কৰে,তেনেকৈয়ে জয়া বৰুৱা, নীলাক্ষীৰ নিঃস্বাৰ্থ মৰম আৰু ‘জাহ্নৱী’ নামৰ নতুন পৰিচয় লাভ কৰাৰ পিছত স্মৃতিৰ কলুষিত মনটোও সম্পূৰ্ণ সলনি হৈ এক পবিত্ৰ,পাপমুক্ত আৰু নিকা সত্তালৈ ৰূপান্তৰিত হ’ল। গতিকে দেখা যায় যে, উপন্যাসখনৰ নামকৰণ কেৱল এটা চৰিত্ৰৰ নামৰ মাজতে আৱদ্ধ হৈ থকা নাই; বৰঞ্চ ই অন্তৰৰ পবিত্ৰকৰণ আৰু এক নতুন জীৱন-প্ৰবাহৰ জীৱন্ত প্ৰতীক হৈ পৰিছে। সেয়েহে উপন্যাসখনৰ নামকৰণ ‘জাহ্নৱী’ সম্পূৰ্ণ সাৰ্থক আৰু সৰ্বাঙ্গসুন্দৰ হৈ উঠিছে। সন্ত্ৰাসবাদ আৰু বাৰুদৰ গোন্ধ থকা সময়তো মানৱতা,ক্ষমা আৰু প্ৰেমৰ যি আধ্যাত্মিক জয় হ’ল— সিয়েই এই উপন্যাসখনক এক কালজয়ী মৰ্যাদা প্ৰদান কৰিছে।