দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰী সীতাৰমণক সাক্ষাৎ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ গতি ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে। উত্তৰ-পূবৰ ৰাজ্য দুখনত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পৰ গতি ত্বৰান্বিত কৰি আন্তঃগাঁথনি আৰু সামাজিক খণ্ডত নতুন বিনিয়োগৰ পথ মুকলি কৰাৰ বাবেও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ লগতে আলোচনাত মিলিত হয় । নৱনির্মিত কর্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বিভিন্ন বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা সামাজিক আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

বৈঠকৰ পাছত সামাজিক মাধ্যম এক্সৰ পৃষ্ঠাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, উত্তৰ-পূৰ্বাঞ্চলত মূলধনী ব্যয় আৰু বিনিয়োগ বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীকনৰাড চাংমাৰ সৈতে মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নির্মলা সীতাৰমন ডাঙৰীয়ানীৰ সৈতে হোৱা সাক্ষাতে নতুন সমৃদ্ধি প্রদান কৰিলে। তেওঁ লগতে কয় যে, অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পৰ গতি ত্বৰান্বিত কৰি আন্তঃগাঁথনি আৰু সামাজিক খণ্ডত নতুন বিনিয়োগৰ পথ মুকলি কৰাৰ বাবে আলোচনাকালত বিশেষভাৱে প্রাধান্য দিয়া হয়। মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ইতিবাচক সঁহাৰি জনাই এই দিশত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে।অসম আৰু মেঘালয়ে আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত বৃদ্ধিত সহায় কৰিবলৈ অধিক বিনিয়োগ সংগঠিত কৰাৰ বাবে বৈঠকখনে তাৎপৰ্য গ্ৰহণ কৰিছে । আলোচনাকালত অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়াও উপস্থিত থাকে।
