সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাসৰ বাবেই বিদ্যালয়ত কমিছে শিক্ষার্থীৰ সংখ্যা

সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাসৰ বাবেই বিদ্যালয়ত কমিছে শিক্ষার্থীৰ সংখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা- খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত ৰাজ্যৰ আধাতে বিদ্যালয় এৰা শিক্ষার্থীক পুনৰ বিদ্যালয়মুখী কৰাৰ পদক্ষেপ হিচাপে  শিক্ষা বিভাগে সমগ্ৰ শিক্ষাৰ অধীনত ‘শিক্ষা যাত্রা: প্রত্যাহ্বানৰ পৰা প্রত্যাশালে’ শীর্ষক এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্রাস হৈছে। মাথোঁ অসমতে নহয় সমগ্র দেশত শিক্ষার্থী হ্রাস পাইছে। ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ ‘ক’ শ্ৰেণীত ২৫ হাজাৰ শিক্ষার্থী হ্রাস হৈছে। বিপৰীতে নিম্ন প্রাথমিক বিদ্যালয়ত ১৫ হাজাৰ শিক্ষার্থী হ্রাস পাইছে। ইয়াৰ অন্যতম কাৰণ ৰূপে চিহ্নিত হৈছে ৰাজ্যৰ মহিলাসকলৰ সন্তান জন্ম দিব পৰা ক্ষমতা হ্রাস হৈছে। কম পৰিয়াল সুখী পৰিয়াল ৰূপে গ্রহণ কৰিছে। চৰকাৰী বিদ্যালয়ত শিক্ষার্থীৰ সংখ্যা হ্রাস হোৱাৰ আঁৰৰ প্ৰকৃত কাৰণ এইদৰেই ব্যাখ্যা কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। ২০২৬-২৭ বিত্তীয় বর্ষত বিদ্যালয়বহির্ভূত শিশুৰ চিনাক্তকৰণ আৰু নামভৰ্তিৰ কাৰ্যসূচী অধিক শক্তিশালী আৰু ব্যাপকভাৱে ৰূপায়ণ কৰাৰ বাবে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । উল্লেখ্য সমগ্র শিক্ষা বিভাগে দিয়া তথ্য মতে PLFS Survey ২০২৫ অনুসৰি অসমৰ ১৪-১৮ বছৰ বয়সৰ বিদ্যালয়বহির্ভূত শিশুৰ সংখ্যা ৪,৫২,৩২১। বর্তমান সমগ্ৰ ৰাজ্যতে ৬০টা আৱাসিক আৰু ২০৯৪টা অনাৱাসিক বিশেষ প্রশিক্ষণ কেন্দ্ৰৰ জৰিয়তে বিদ্যালয় আধাতে এৰা অথবা বিদ্যালয়মুখী নোহোৱা শিশুক বিদ্যালয়মুখী কৰাৰ প্ৰশিক্ষণ দিয়া হয়। মন্ত্ৰীগৰাকীয়ে আৰু কয় আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রী বিচাৰি উলিয়াবলৈ ২৬০০ শিক্ষাসেৱকক প্রশিক্ষণ দিয়া হ’ব। ইফালে সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে আজিৰ তাৰিখত ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ প্ৰায় ৫ লাখতকৈ অধিক আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রী আছে বুলি প্রকাশ কৰে। তেওঁ কয় যে ইউ ডাইছ, শিক্ষাসেতু, অংগনৱাড়ী কেন্দ্ৰসমূহৰ তথ্যমতে ৫ লাখ শিক্ষার্থীয়ে আদবাটতে শিক্ষা এৰিছে। অংগনাৱাড়ী কেন্দ্ৰৰ পৰা এশ শতাংশ ছাত্ৰৰ ছাত্ৰী ক্লাছ ৱানলৈ অহা নাই। স্কুললৈ অহাৰ পথত হেৰাইছে বহু শিক্ষার্থী। একেদৰে প্রাথমিক বিদ্যালয়ৰ পৰা উচ্চ প্রাথমিক বিদ্যালয়লৈ যোৱাৰ পথত বহু শিক্ষার্থী হেৰাইছে। বিদ্যালয়ত শিক্ষা গ্রহণ কৰাটো শিক্ষার্থী অধিকাৰ শিক্ষা লাভৰ পৰা যদি আমি বঞ্চিত কৰিছোঁ। এইসকল ড্রপ আউট হোৱা শিক্ষার্থীক বিচাৰি উলিয়াই পুনৰ নিয়মীয়া বিদ্যালয়ৰ লগতে মুক্ত বিদ্যালয়তো শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইউনিচেফৰ তথ্যৰে কয় যে ছাত্ৰ-ছাত্ৰীৰ ড্রপ আউটৰ মূল কাৰণ দৰিদ্ৰতা। ৩০% শিক্ষার্থী দৰিদ্ৰতাৰ বাবে বিদ্যালয়লৈ নাহে। ইউনিফেচৰ এক অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে। ৩০% শিক্ষার্থীয়ে বুজি নাপায় কি শিক্ষাইছে শিক্ষকে। যোৱা গুণোৎসৱত পঞ্চম শ্রেণীত পঢ়া ছাত্র-ছাত্রীয়ে পঢ়িব নাজানে। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লিখিব নাজানে। শিক্ষকে কি শিকাইছে সেইটো বুজি নাপায় কিছু ছাত্র-ছাত্ৰীয়ে। যাৰ ফলত বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হয়। ৪৫ দিন একেৰাহে যি বিদ্যালয়ত অনুপস্থিত সেই সংখ্যাহে ড্রপ আউট ছাত্র-ছাত্রী হিচাপে ধৰা হয় বুলি উল্লেখ কৰি শেহতীয়াকৈ সর্বশিক্ষা অভিযানে পোহৰলৈ অনা এই সম্পৰ্কীয় তথ্যৰ উদ্ধৃতি দি ডাঃ পেগুৱে কয়- শেহতীয়াকৈ বিধানসভাৰ মজিয়াত চৰকাৰী বিদ্যালয়ত শিক্ষার্থী হ্রাসক লৈ চর্চা হৈছিল। বিধানসভাত চলা চৰ্চাৰ পাছতে শিক্ষা বিভাগে আৰম্ভ কৰিছিল এক সমীক্ষা। শিক্ষা বিভাগৰ সমীক্ষাত পোহৰলৈ আহিছে মাথোঁ এটা বছৰতে ৰাজ্যত ৫ লাখ শিক্ষার্থী নাইকিয়া হৈছে। প্রাক্প্রাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্রেণী পর্যন্ত। অংগনৱাড়ী শিক্ষার্থী স’তে হিচাপ নিমিলে বিদ্যালয়ৰ নামভৰ্তি। যাৰ বাবে আজিৰে পৰা আৰম্ভ হল শিক্ষাযাত্রা। ৰাজ্যত ২৬শ স্বেচ্ছাসেৱকে ৫ লাখ ড্রপ আউট শিক্ষার্থী বিচাৰি উলিওৱা শিক্ষার্থীক প্ৰদান কৰিব শিক্ষা। স্মৰ্তব্য যে আজিৰ অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, সমগ্র শিক্ষা অসমৰ মিছন সঞ্চলক আয়ুস গাৰ্গ, ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় শিক্ষা সংস্থানৰ ক্ষেত্রীয় কেন্দ্র গুৱাহাটীৰ সঞ্চালক ড° ৰাজেন্দ্ৰ নায়ক আদি।