সকলোৰে বাবে বিনামূলীয়া ভেকছিন, ২১ জুনৰ পৰা প্ৰতিষেধক প্ৰক্ৰিয়া চম্ভালিবলৈ কেন্দ্ৰঃ প্ৰধানমন্ত্ৰী মোডী

pc The indian Express

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে ২১ জুনৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ সকলোকে টিকাকৰণৰ বাবে ৰাজ্যসমূহক বিনামূলীয়া কৰোনাভাইৰাছ ভেকছিন প্ৰদান কৰিব আৰু অনাগত দিনত দেশত ভেকছিনৰ যোগান যথেষ্ট বৃদ্ধি কৰা হ’ব বুলি দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰে, “ভাৰত চৰকাৰে নিজেই ভেকছিন নিৰ্মাতাসকলৰ পৰা মুঠ ভেকছিন উৎপাদনৰ ৭৫% ক্ৰয় কৰিব আৰু ৰাজ্য চৰকাৰসমূহক বিনামূলীয়াকৈ দিব।” বিভিন্ন ৰাজ্য চৰকাৰৰ দ্বাৰা ভেকছিন প্ৰক্ৰিয়াৰ বিকেন্দ্ৰীকৰণৰ দাবীসন্দৰ্ভত মোদীয়ে কয়, “দেশত কৰোনাভাইৰাছৰ ঘটনা হ্ৰাস হোৱাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ আগত বিভিন্ন পৰামৰ্শ আহিবলৈ আৰম্ভ কৰে, বিভিন্ন দাবী উত্থাপন কৰা আৰম্ভ হয়।”