সংগীত নাটক একাডেমী বঁটা প্ৰাপক সত্ৰ ভূষণ জগন্নাথ বায়নৰ দেহাৱসান

Pc- The Sentinel assam

সংগীত নাটক একাডেমী বঁটা প্ৰাপক সত্ৰ ভূষণ জগন্নাথ বায়নৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা বৰপেটা সত্ৰৰ ভীমা বায়ন বংশৰ বয়োজ্যেষ্ঠ বৰবায়ন, সত্ৰ ভূষণ জগন্নাথ বায়নৰ  সন্ধিয়া ৮ – ২০ বজাত নিজ বাসভৱনত দেহাৱসান ঘটে ৷ ৯৭ বছৰীয়া বৰ্ষীয়ান সত্ৰীয়া শিল্পী জগন্নাথ বায়ন বিগত কিছু দিন ধৰি শয্যাগত হৈ আছিল৷ জগন্নাথ বায়নৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত বায়নে পত্নীসহ তিনি জন পুত্ৰ আৰু চাৰি গৰাকী কন্যা সহ আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷ সৰুৰে পৰাই সত্ৰীয়া সংগীতৰ শিক্ষা গ্ৰহণ কৰি কেবাটাওঁ প্ৰজন্মক খোলৰ শিক্ষা দিছিল বায়নে ৷ কাইলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰাৰ পাছত গায়ন বায়নসহ শোভাযাত্ৰা কৰি নি সত্ৰীয়া শিল্পী গৰাকীৰ নশ্বৰ দেহ সৎকাৰ কৰা হয় ৷