ঢকুৱাখনাৰ সোমদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

pc The Sentinel Assam

ঢকুৱাখনাৰ সোমদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- ঢকুৱাখনা মহকুমাৰ সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সোমদিয়া দলঙত সন্ধিয়া প্ৰায় ৭.৩০ বজাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত  থিতাতে নিহত হয় কনিষ্ঠ অভিযন্তা বাপী দত্তৰ । লগতে তিনিজনৰ অৱস্থা সংকটজনক । নিহত লোকজন মাজুলীৰ কমলাবাৰী চিভিল তিনিআলিৰ বাসিন্দা তথা লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা বাপী দত্ত(৩২)ৰ লগতে আহত তিনিগৰাকী হৈছে ক্ৰমে কমলাবাৰী দৰিয়া গাঁৱৰ ৰিকি বৰুৱা, ওপৰ কাটনিৰ উৎপল শইকীয়া আৰু দৰিয়া অংকিত বালমিকী বৰ্তমান সংকট অৱস্থাত গড়মূৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।  কমলাবাৰীৰ এই চাৰিগৰাকী লোক আজি বিশেষ কামত এখন ছূইভ ডিজেয়াৰ গাড়ীৰে ঢকুৱাখনালৈ যায় । মাজুলী কমলাবাৰী লৈ বুলি উভতি অহা পথত সন্ধিয়া প্ৰায় ৭.৩০ বজাত ঢকুৱাখনা-জেংৰাইমুখ গড়কাপ্তানি পথৰ জেংৰাইমুখৰ পৰা উজনি লৈ প্ৰায় ছয় কিলো’মিটাৰ দৈৰ্ঘ্যৰ দূৰত্বত অৱস্থিত সোমদিয়া দলঙৰ ৰেলিঙত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত খুন্দা মৰাৰ ফলত থিতাতে মাজুলী লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা বাপী দত্তৰ মৃত্যু হোৱাৰ লগতে বাকী তিনিজন ক্ৰমে উৎপল শইকীয়া,ৰিকি বৰুৱা আৰু অংকিত বাল্মীকী সংকটজনক অৱস্হাত পৰি থকা পথচাৰীয়ে প্ৰত্যক্ষ কৰে। ঘটনাৰ সবিশেষ গম পাই ওচৰৰ মানুহবোৰে দৌৰি আহি লখিমপুৰ তথা মাজুলী জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰি উদ্ধাৰৰ চেষ্টা কৰি আহত তিনি জনক প্ৰথমে জেংৰাইমুখ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰোৱা হয়। ইয়াৰ পৰা চিকিৎসকে  গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।