ষষ্ঠদশ বিধানসভাত ১ ঘণ্টা ১৫ মিনিট ভাষণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ষষ্ঠদশ বিধানসভাত ১ ঘণ্টা ১৫ মিনিট ভাষণ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ষষ্ঠদশ বিধানসভাৰ দ্বিতীয় দিনটোত ভাষণ প্রদান কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। এই ভাষণতে ৰাজ্যৰ জনজাতীয়, খিলঞ্জীয়া লোকৰ সুৰক্ষা, ভূমিৰ অধিকাৰ, নিৰাপত্তা-সাংবিধানিক স্বার্থ সুৰক্ষিত কৰি ৰাখিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন দৃঢ় প্রতিজ্ঞ বুলি মন্তব্য কৰে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই। শক্তিশালী জনাদেশ  আৰু যোৱা ৫ বছৰৰ সাফল্যৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ৫ বছৰৰ বাবে নতুন চৰকাৰখনে এক স্পষ্ট পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি ভাষণত ৰাজ্যপালগৰাকীয়ে কয়- নতুন চৰকাৰে গ্ৰহণ কৰা এই পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হৈছে অসমৰ যুৱক-যুৱতীসকলৰ বাবে বৃহৎ পৰিসৰত নিযুক্তিৰ সুযোগ সৃষ্টি কৰা। ৰাজ্যখনৰ যুৱপ্ৰজন্মক অসমৰ বিকাশ আৰু সমৃদ্ধিৰ সক্রিয় অংশীদাৰ কৰি তোলাৰ বাবেও এই চৰকাৰ প্ৰতিশ্রুতিবদ্ধ।সদনত ১ ঘণ্টা ১৫ মিনিটৰ দীঘলীয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়,  অহা ৫ বছৰত খিলঞ্জীয়াৰ অধিকাৰ আৰু জনসংখ্যাৰ সুৰক্ষাৰ বাবে আইনী তথা প্রশাসনিক পৰিকাঠামো অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হ’ব। অবৈধ অনুপ্ৰৱেশকাৰীসকলক চিনাক্ত কৰা আৰু এই লোকসকলক ঘূৰাই পঠিওৱাৰ প্ৰক্ৰিয়া দ্রুত কৰিবলৈ ইমিগ্রেন্টছ (এক্সপালছন ফ্রম আছাম) এক্ট ১৯৫০ বলবৎ কৰাৰ বাবে ফলপ্রসূ পদক্ষেপ গ্রহণ কৰা হ’ব। ৰাজ্যখনৰ জনসংখ্যাৰ ভাৰসাম্য আৰু সামাজিক-সাংস্কৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ নতুন চৰকাৰে আইনগত আৰু ধাৰাবাহিক ব্যৱস্থা গ্রহণ অব্যাহত ৰাখিব। ৰাজ্যৰ জনজাতি আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ প্ৰসংগত ভাষণত ৰাজ্যপালগৰাকীয়ে কয়- জনজাতীয় আৰু খিলঞ্জীয়া লোকসকলৰ পৰম্পৰাগত অধিকাৰ, ৰীতি-নীতি আৰু সামাজিক প্রতিষ্ঠানসমূহক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি উমৈহতীয়া দেৱানি বিধি প্রণয়ন আৰু কাৰ্যকৰী কৰাত চৰকাৰে কাম কৰিব। ইয়াৰ উদ্দেশ্য হ’ল অসমৰ খিলঞ্জীয়া সমাজৰ অনন্য সাংস্কৃতিক ঐতিহ্য আৰু পৰম্পৰাগত ব্যৱস্থাক সংৰক্ষণ কৰি সমতা আৰু ন্যায় নিশ্চিত কৰা। খিলঞ্জীয়া লোকৰ ভূমিৰ ওপৰত অবৈধ বেদখল, সংগঠিত আন্তঃসীমান্ত গৰু সৰবৰাহ আৰু সামাজিক সম্প্রীতি, ৰাজহুৱা শৃংখলা আৰু বৈধ শাসনৰ বাবে ক্ষতিকাৰক আন কার্যকলাপসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বিধায়িনী আৰু প্রশাসনিক ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা হ’ব। ৰাজ্যৰ বিত্তীয় ব্যৱস্থাৰ কথা উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়- অসমৰ অৰ্থনীতিয়ে শক্তিশালী স্থায়িত্ব আৰু বিকাশৰ গতি ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰি আহিছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন (জিএছডিপি) ৮.৭১ লাখ কোটি টকা বুলি অনুমান কৰা হৈছে, যিটো ২০২১-২২ বিত্তীয় বৰ্ষৰ ৪.১১ লাখ কোটি টকা আছিল। যোৱা ৫ বছৰত স্থাপন কৰা শক্তিশালী অর্থনৈতিক ভেটিৰ ওপৰত ভিত্তি কৰি চৰকাৰে এতিয়া এই সাফল্যসমূহক একত্ৰিত কৰাৰ লগতে পূর্বনির্ধাৰিত লক্ষ্যৰ আগতেই, অর্থাৎ ২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিৰ দিশত আগুৱাই নিছে। ৰাজ্যৰ অৰ্থনৈতিক দিশত সংস্কাৰ আনিবলৈ আৰু প্ৰশাসন ব্যৱস্থাক অধিক শক্তিশালী কৰিবলৈ বৰ্তমানৰ চৰকাৰে এক বলিষ্ঠ কৌশল গ্রহণ কৰিব। ২০২৫-২৬ বিত্তীয় বর্ষত বাজেটৰ ধন ব্যৱহাৰ প্রায় ৮৫ শতাংশলৈ বৃদ্ধি পাইছিল আৰু ৰূপায়ণৰ সক্ষমতাও বৃদ্ধি পাইছে। ৰাজ্যখনত নিজা উৎসৰ পৰা অহা ৰাজহ ২০২১-২২ বিত্তীয় বৰ্ষৰ ২৩,১১৩ কোটি টকাৰ পৰা বৃদ্ধি হৈ ২০২৫-২৬ বিত্তীয় বর্ষত ৩৯,২৯৪ কোটি টকালৈ বৃদ্ধি পাইছে, যিটোৱে কৰ ব্যৱস্থা, আবকাৰী শুল্ক আৰু অন্যান্য ৰাজহ সৃষ্টিকাৰী খণ্ডত কৰা সংস্কাৰৰ প্ৰভাৱক প্ৰতিফলন কৰে। নিযুক্তি প্রসংগ উত্থাপন কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়-চৰকাৰে স্বচ্ছ, যোগ্যতাভিত্তিক আৰু প্ৰযুক্তি নিৰ্ভৰ নিয়োগ ব্যৱস্থাৰ জৰিয়তে জনসেৱা প্ৰদান শক্তিশালী কৰিছে। বিগত ৫ বছৰত ১.৬৪ লাখৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰা হৈছে। এই সফলতাৰ ওপৰত ভিত্তি কৰি আগন্তুক ৫ বছৰত অতিৰিক্ত ২ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰস্তাৱ ইতিমধ্যে আগবঢ়োৱা হৈছে। একে সময়তে ৰাজ্যজুৰি বৃহৎ ব্যক্তিগত বিনিয়োগৰ কাৰ্যকৰীকৰণ বাস্তৱায়িত হৈ থকাৰ ফলত খনন, উৎপাদন আৰু সেৱাখণ্ডত ব্যাপক নিয়োগৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনৰ খিলঞ্জীয়া, জনজাতীয় আৰু দুৰ্বল সম্প্ৰদায়ৰ লোকসকলৰ বাবে নিৰাপদ, স্বচ্ছ আৰু ন্যায়সংগত ভূমিস্বত্ব নিশ্চিত কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়- যোৱা ৫ বছৰত ভূমি সংস্কাৰ ব্যৱস্থাসমূহে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভূমি সম্পৰ্কীয় সেৱাসমূহত জনসাধাৰণৰ সুগমতা উন্নত কৰাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। মিছন বসুন্ধৰাৰ অধীনত ৩.৫৬ লাখৰো অধিক পৰিয়ালক ৪.৫৩ লাখ বিঘা মাটিৰ পট্টা প্ৰদান কৰা হৈছে। চৰকাৰে অতিৰিক্ত ৩.২ লাখ চাহ বাগিচাৰ পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদানৰ প্রচেষ্টা অব্যাহত ৰাখিব। একে সময়তে জনজাতীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু স্বার্থ সম্পূর্ণ সুৰক্ষা নিশ্চিত কৰা হ’ব। সত্ৰৰ ভূমি সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সত্ৰ সংৰক্ষণ আৰু উন্নয়ন আয়োগ আইন কাৰ্যকৰী কৰাৰ কথা উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়- এই আইনৰ জৰিয়তে সত্ৰৰ ভূমি আৰু বৈষ্ণৱ সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা, পুনৰুদ্ধাৰ আৰু সংৰক্ষণ নিশ্চিত কৰা হ’ব। চৰকাৰে অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সভ্যতাৰ প্ৰতিষ্ঠানসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰিবলৈ প্রতিশ্রুতিবদ্ধ। এডভান্টেজ আছামৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যপালে কয়- এডভান্টেজ আছাম ২.০ৰ পদক্ষেপৰ জৰিয়তে ৰাজ্যত পৰিৱৰ্তনৰ ভেটি ইতিমধ্যে স্থাপন কৰা হৈছে। ২০২৫ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত সম্মিলনখনত ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰা হৈছিল। ৩.১০ লাখ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰা হৈছে। এই প্রকল্পসমূহৰ প্ৰায় ৬০ শতাংশ অগ্রগতি বিভিন্ন পর্যায়ত আছে আৰু ইয়াৰে বহুকেইটা প্রকল্প ইতিমধ্যে কাৰ্যকৰী হৈ উঠিছে। ষ্টার্ট-আপ, উদ্যমিতা, এমএছএমই, দক্ষতা-বিকাশ আৰু বৃহৎ বিনিয়োগে সন্মিলিতভাৱে অসমৰ অৰ্থনৈতিক ৰূপান্তৰৰ পৰৱৰ্তী পর্যায়তো গতি দিব। বিগত কেইবছৰমানৰ ভিতৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, অসম এমএছএমই উদগনি নীতি আৰু এডভান্টেজ আছাম ২.০ৰ যুগান্তকাৰী সফলতাই উদ্যোগচালিত বিকাশ, ঔদ্যোগিক সম্প্ৰসাৰণ আৰু কৰ্মসংস্থাপনৰ সৃষ্টিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিব। এডভান্টেজ আছাম ২.০ৰ জৰিয়তে লাভ কৰা বিনিয়োগৰ গতিশীলতাৰ ওপৰত ভিত্তি কৰি চৰকাৰে বৃহৎ পৰিসৰৰ বিনিয়োগ আকৰ্ষণ কৰাৰ লগতে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ ঔদ্যোগিক চহৰ, বিশেষ অর্থনৈতিক অঞ্চল, ল’জিষ্টিক হাব আৰু লেণ্ড বেংকসমূহৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে। টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প, নামৰূপ এম’নিয়া-ইউৰিয়া প্রকল্প আৰু নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ দৰে বৃহৎ প্রকল্পসমূহে অহা ৫ বছৰত অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনক আগুৱাই নিব। ৰাজ্যৰ সন্ত্ৰাসৰ্জৰ্জৰ পৰিৱেশৰ অন্ত পেলাই দীর্ঘস্থায়ী শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰখনে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি ৰাজ্যপালে আজি কয়- ৰাজ্যখনত দীর্ঘস্থায়ী শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰিবলৈ বিভিন্ন শান্তিচুক্তিৰ ধাৰাবাহিক ৰূপায়ণৰ লগতে আত্মসমর্পণ কৰা কেডাৰসকলৰ পুনৰ সংস্থাপন, দক্ষতা বিকাশ আৰু সামাজিক-অর্থনৈতিক সংহতিৰ ব্যৱস্থা অব্যাহত থাকিব। অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়- আগন্তুক ৫ বছৰত অসম চুক্তিৰ মুখ্য সমলসমূহ অধিক তৎপৰতাৰে ৰূপায়ণ আৰু অসমৰ ভাষাগত, সাংস্কৃতিক আৰু খিলঞ্জীয়া পৰিচয় সুৰক্ষাৰ ক্ষেত্ৰত অধিক শক্তিশালী ব্যৱস্থা গ্রহণ কৰা হ’ব। অসম চুক্তিৰ ৬নং দফাৰ ক্ষেত্ৰত উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শসমূহ ৰূপায়ণৰ বাবে চৰকাৰে সক্রিয়ভাৱে কাম কৰি যাব আৰু অসমীয়া জনসাধাৰণৰ অধিকাৰ, ঐতিহ্য আৰু আশা-আকাংক্ষাসমূহ সুৰক্ষিত কৰাৰ বাবে চৰকাৰী ব্যৱস্থা অধিক শক্তিশালী কৰা হ’ব। সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ আৰু আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থাৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যপালে তেওঁৰ ভাষণত কয়-চুবুৰীয়া দেশৰ পৰা হোৱা অবৈধ অনুপ্রৱেশ অসম তথা দেশৰ বাবে গুৰুতৰ নিৰাপত্তাজনিত সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিশেষকৈ পশ্চিমবংগৰ একাংশত থকা সুৰুঙা আৰু বেৰহীন অংশসমূহৰ বাবে বছৰ বছৰ ধৰি অনুপ্ৰৱেশ ৰোধৰ প্রচেষ্টাত বাধা আহি পৰিছিল। পশ্চিমবংগৰ নতুন চৰকাৰে সীমান্তৰ বেৰ নিৰ্মাণৰ বাবে প্রয়োজনীয় ভূমি হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ আৰু আদৰণীয়। ইয়াৰ ফলত ভাৰত-বাংলাদেশ সীমান্তৰ বাকী থকা বেৰহীন অংশসমূহৰ নিৰ্মাণকাৰ্য দ্রুততৰ হ’ব। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি দায়বদ্ধ কেন্দ্ৰীয় চৰকাৰে এতিয়া অসম আৰু পশ্চিমংগৰ মাজত ঘনিষ্ঠ সমন্বয়ৰে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। সীমান্তৰ দীৰ্ঘদিনীয়া প্রত্যাহ্বান মোকাবিলা কৰিবলৈ অচিৰেই এক শক্তিশালী আৰু সংহত পদক্ষেপ লোৱা হ’ব। শিলিগুৰিৰ কৰিড’ৰৰ দৰে কৌশলগতভারে স্পৰ্শকাতৰ অঞ্চলকে ধৰি সীমান্তৰ বেৰ নিৰ্মাণ সম্পূর্ণ কৰিবলৈ সীমান্ত ব্যৱস্থাপনা যথেষ্ট শক্তিশালী হ’ব আৰু অনুপ্ৰৱেশৰ ক্ষেত্ৰত অধিক ফলপ্রসূভাৱে ব্যৱস্থা ল’ব পৰা যাব। ৰাজ্যপালে তেওঁৰ ভাষণত ইয়াকো উল্লেখ কৰে যে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটত ইউচিচি বা উমৈহতীয়া দেৱানি বিধি বলৱৎ সম্পর্কীয় প্রস্তাৱ অনুমোদন জনোৱাটো উল্লেখযোগ্য দিশ। ইউচিচি বলবৎ হ’লে সামাজিক সম্প্রীতি, ন্যায়, লিংগ সমতা আৰু এক আধুনিক প্রগতিশীল সমাজ গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।