শৰতৰ আগমন – হিমাদ্ৰী বৰকটকী

PC-Xahitya .org

 শৰতৰ আগমন 

প্ৰকৃতিৰ কি মনোমোহা ৰূপ
কঁহুৱা ফুলিল…
দুৱৰি তিতিল…
শৰৎ অহাৰ বতৰা আহিল
আহিনৰ সেউজীয়া পথাৰ
কুঁৱলীৰ শুভ্ৰ দলিচা পাৰি
আহিছে শাৰদী ৰানী
স্নিগ্ধ জোনাকত
শেৱালিৰ সুবাসত
প্ৰকৃতিৰ আমোলমোল
ধাৰালৈ আহক
এক নতুন দিগন্ত
সোণোৱালী শৰতক
স্বাগতম জনাইছোঁ
নীলা আকাশৰ মজিয়াত….

হিমাদ্ৰী বৰকটকী
নগাঁও