আধুনিক প্ৰযুক্তিত কণ-কণ শিশুসকলৰ আসক্তি: মাতৃসকলৰ ভূমিকা

দীপিকা ফুকন,চুঙাজান, গোলাঘাট
আধুনিক প্ৰযুক্তি বুলি ক’লে আমি বৰ্তমান সময়ত সৰ্বত্ৰতে সৰ্বলোকে ব্যৱহাৰ কৰা মোবাইল ফোনৰ কথা উল্লেখ কৰিব লাগিব। এই মোবাইল ফোনৰ ব্যৱহাৰক আমি প্ৰয়োজন বা ফ’বিয়া দুয়োটা শব্দৰেই অভিহিত কৰিব পাৰোঁ। মোবাইল ফোনৰ প্ৰয়োজনীয়তা আমি এই সময়ত কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ । আনহাতে হকে-বিহকে মোবাইল ফোন হাতত লৈ অনাহকত অবাবতে সময় পাৰ কৰাটো,বা মোবাইল ফোন অবিহনে থাকিব নোৱাৰা হোৱাটো এটা মানসিক ৰোগৰ লক্ষণ বুলি ক’লেও ভুল কোৱা নহ’ব। আজিকালি প্ৰায় শিশুকেই মোবাইল ফোনত ব্যস্ত হৈ থকা দেখা যায়। আনকি মোবাইল নোচোৱাকৈ ভাত নোখোৱা, প্ৰথমে অলপ সময় মোবাইল চাবলৈ দিলেহে পঢ়িবলৈ বহা আদি অনৰ্থক অভ্যাস কিছুমানো প্ৰায় শিশুৰে গঢ় লৈ উঠিছে।যোৱা কেইবছৰমানৰ পৰা মোবাইলৰ প্ৰতি এই লৈআসক্তি শিশুৰ বাবে এক মাৰাত্মক ব্যাধি হৈ পৰিছে। ড্ৰাগছ আৰু ক’কেইনৰ দৰে মাদক দ্ৰব্যই যিদৰে এটা প্ৰজন্মক ধ্বংসৰ মুখলৈ নিব পাৰে, ঠিক সেইদৰে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰেও শিশুক মানসিকভাৱে পংগু কৰিব পাৰে।
মনোৰোগ বিশেষজ্ঞ ডাঃ সংগীতা দত্তই শিশু দিৱস উপলক্ষে আৱাজ-দ্য ভইচ’ৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎক কয়, “সময় পৰিৱৰ্তনশীল। কেৱল শিশুৱে নহয় সময়ৰ লগে লগ প্ৰতিটো বস্তুৰে পৰিৱৰ্তন ঘটে। শিশুৰ ক্ষেত্ৰত আমি এই পৰিবৰ্তন যোগাত্মক নে বিয়োগাত্মক লক্ষ্য কৰা উচিত। কিন্তু অতি পৰিতাপৰ কথা যে বৰ্তমান সময়ত শিশুসকলৰ পৰিৱৰ্তনৰ কথা কবলৈ গলে আমি সৰহভাগেই নেতিবাচক দিশত পৰিৱৰ্তন হোৱা দেখা পাও। কিয়নো বৰ্তমান যুগটো তথ্য-প্ৰযুক্তিৰ যুগ অৰ্থাৎ মোবাইল ফোন, ইণ্টাৰনেট, সামাজিক মাধ্যম, হোৱাটচ এপ ইত্যাদিৰ যুগ। যিহেতু শিশু সকলৰ মনটো অপৰিপক্ক হয় তেওঁলোকে ভাল কোনটো, বেয়া কোনটো বুজি নাপায়। তেনেকুৱা সময়ত কেৱল শিশুৱে নহয়, কিশোৰ-কিশোৰী যুৱক-যুৱতীয়ে এই সা-সুবিধাসমুহৰ সঠিক ব্যৱহাৰ কৰিছে নে নাই, সেয়া আমি লক্ষ্য ৰাখিব লাগিব।”
ক’ভিড মহামাৰীৰ পিছৰে পৰা শিশু সকলৰ মাজত মোবাইল ফোনৰ প্ৰতি আকৰ্ষন অধিক বৃদ্ধি পালে।ক’ভিড মহামাৰীৰ সময়ত সম্পূৰ্ণ দুটা বছৰ শিশুসকলে স্কুললৈ যাব পৰা নাছিল। কিয়নো ক’ভিডৰ বাবে হোৱা লকডাউনৰ সময়ত সকলোৱে দিনৰ দিনটো ঘৰতে আৱদ্ধ হৈ থাকিব লগা হৈছিল। শিশু মানেই খেলৰ উৎস বা শিশু মানেই খেলৰ অপূৰ্ব সমাহাৰ।শিশুৱে খেলা-ধুলা কৰি যথেষ্ট ভাল পায়।হঠাতে সেই চাৰিবেৰৰ মাজত আবদ্ধ তেওঁলোকৰ কি কৰো কি নকৰো এটা তথৈবচ অৱস্থাক সুস্থিৰ ৰূপ দিবলৈ অভিভাৱকৰ হাহাকাৰ লাগিল।এনে সময়তে শিক্ষা বিভাগে অনলাইন পদ্ধতিৰে শিক্ষা ব্যৱস্থা চলাই নিবলৈ চেষ্টা কৰাত আমি সকলোৱে সৰগ ঢুকি পোৱাদি পালোঁ। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল।দিন অতিবাহিত হোৱাৰ লগে- লগে শিশুহঁত মোবাইলৰ সকলো দিশতে পাকৈত হৈ পৰিল।পঢ়াৰ সময়কনৰ পাছতো মোবাইল নেৰা হ’ল। এদিন লকডাউন শেষ হ’ল কিন্তু শিশু সকলৰ মাজত মোবাইল প্ৰেম শেষ নহ’ল,বৰঞ্চ বাঢ়িহে গ’ল।বিভিন্ন ধৰণৰ খেল, ভিডিঅ’, কাৰ্টুন, নাচ-গান আদি চোৱাত তেওঁলোক অভ্যস্ত হৈ পৰিল। অভিভাৱক সকলেও সেই সময়ত বিশেষ একো চিন্তা কৰা দেখা নগ’ল। আজিকালি শিশুহঁতৰ বাবে অতি প্ৰিয় খেলনা হৈছে মোবাইল ফোন । তেওঁলোকে দৰা-কইনা পুতলা, গাড়ী আদি একো নিবিচাৰে। যি অতি ভয়াবহ। কিয়নো শিশুসকলে প্ৰথমে খেলনা হিচাপে খেলে যদিও পিছত যেতিয়া সিহঁতে গান ভিডিঅ’ আদি উপভোগ কৰিব পৰা হয়, তেতিয়া তেওঁলোকৰ মোবাইলৰ প্ৰতি আসক্তিও বাঢ়ি যায়। যাৰ ফলৰ তেওঁলোকৰ মাজত কিছু নেতিবাচক পৰিৱৰ্তন ঘটা দেখা যায়। যেনে –তেঁওলোকে অভিভাৱকৰ কথা মানিবলৈ টান পোৱা হয়।ভাত খোৱা,গা ধোৱা, কিতাপ পঢ়া আদি কামবোৰ কৰিবলৈ “মোবাইল দিলেহে কৰিম” বুলি জেদ ধৰে, আলহী আহিলে মাতিবলৈ টান পায়।এনে ক্ষেত্ৰত অভিভাৱকসকল সজাগ হোৱা প্ৰয়োজন।
স্মাৰ্ট ফোন হাতত লবলৈ পায় আমাৰ ল’ৰা- ছোৱালীবোৰ অধিক স্মাৰ্ট হ’ল।মোবাইলৰ প্ৰতি আসক্ত হৈ বহু শিশুৱে ইউটিউব চোৱা, যৌনগন্ধী বিষয়বস্তু চোৱা, অনলাইন জুৱা খেলাৰ দৰে নকৰিবলগীয়া কাম কৰাও দেখা গৈছে। যাৰ ফলত বহু শিশুৰ শাৰিৰীক আৰু মানসিক জগতত প্ৰভাৱ পৰিছে। পিতৃ-মাতৃ ওচৰত থাকিলে মোবাইলত পঢ়াৰ ভাও ধৰে,আৰু ওচৰত নাথাকিলে ভিডিঅ’ চাই থাকে। একেৰাহে মোবাইল চোৱা বাবে বহু শিশু ,কিশোৰ-কিশোৰী,যুৱক-যুৱতী স্প’ণ্ডেলাইটিচত ভূগা দেখা গৈছে, দৃষ্টি শক্তি কমি গৈছে। ৰাজহাড়ৰ ডিঙিৰ অংশত সমস্যাৰ সৃষ্টি হৈছে, কম বয়সতে মেদবহুলতাই দেখা দিছে। তদুপৰি তেওঁলোক খিংখিঙীয়া হৈ পৰিছে, স্মৃতিশক্তি হ্ৰাস পাইছে, হতাশগ্ৰস্ততা বৃদ্ধি হৈছে, উদ্বিগ্নতাত ভুগিছে। ইয়াৰোপৰি বহুত বেছি সময় ইণ্টাৰনেটৰ জগতখনত ব্যস্ত হৈ থকাৰ ফলত তেওঁলোক বাস্তৱৰ জগতৰ পৰা ক্ৰমান্বয়ে আঁতৰি কাল্পনিক জগতত বিচৰন কৰিবলৈ লৈছে। বৈজ্ঞানিক গৱেষনা অনুসৰি মোবাইল ফোনত আসক্ত হৈ পৰিলে ইয়াৰ ৰেডিয়েচনৰ বাবে যিকোনো ব্যক্তিৰ মস্তিষ্কত থকা হিপোকেম্পাছ নামৰ অংশটো সংকুচিত হবলৈ আৰম্ভ কৰে। যাৰ ফল মন মগজুৱে কাম নকৰা হয় ।
আমি অনুভৱ কৰিছোঁ,মোবাইলফোনৰ প্ৰতি থকা আসক্তিয়ে শিশুৰ পঢ়া শুনাত মনোযোগ দিয়া কমাই দিছে, অতি দৰকাৰী কাম নকৰি তেওঁলোকে ফোনত ব্যস্ত হৈ থাকে। শিশু আৰু অভিভাৱকৰ মাজত এই কথাটোৰ বাবে একপ্ৰকাৰ সংঘাটৰ সৃষ্টি হৈছে। শৃংখলাবদ্ধতা নাইকীয়া হৈ যোৱাৰ দৰেই হৈছে। ইণ্টাৰনেট জৰিত অপৰাধবোৰত তেওঁলোক লিপ্ত হোৱা দেখা গৈছে। এটি কিশোৰেও ধৰ্ষণ, ডকাইটি, চুৰি কাৰ্য্যৰ দৰে অপৰাধ সংঘটিত কৰিছে।
বৰ্তমান আতধুনীকতাৰ প্ৰকোপত শিশুৰ শৈশৱৰ আনন্দখিনি যেন কৰোবাত হেৰাই গৈছে। শিশুৰ বাবে বৰ্তমান সময়ত মোবাইল ফোনটো খুউব আমোদজনক অপৰিহাৰ্য সামগ্ৰী যেন হৈ পৰিছে। কোনো শিশুৱে মাতৃৰ গৰ্ভতে মোবাইফোনৰ ব্যৱহাৰ,আধুনিক প্ৰযুক্তি এইবোৰ শিকি নাহে। এটি শিশুৱে পৃথিবীলৈ আহি জনাবুজা হৈ চাৰিওফালে দেখি দেখি সকলোবোৰ অনুসৰন কৰে। ৪-৫ বয়সৰ পিছতে এটা শিশুৱে চিন্তা কৰিবলৈ শিকে। সেয়ে শিশুসকল মোবাইল ফোনৰ প্ৰতি আসক্ত হৈ পৰা কথাটোত আমি কেৱল তেওঁলোককে দোষাৰূপ কৰিব নোঁৱাৰো। ইয়াৰ বাবে অধিক দোষী অভিভাৱক সকলহে। কিয়নো অভিভাৱক সকলে নিজৰ কিছুমান কাম সহজ কৰিবলৈ গৈ,বা কামৰ সময়ত শিশুসকলৰ পৰা আমনি নাপাবলৈ শিশুক মোবাইলটো দি ব্যস্ত কৰি ৰাখে। এইটো মুঠেই উচিত নহ’য়;এনেকৈয়ে শিশুটি মোবাইল ফোনৰ সতে পৰিচয় হয় আৰু সময়ত আসক্ত হৈ পৰে। কথাটো অতি গুৰুত্বপূৰ্ণ আৰু চিন্তনীয়।শিশু সকলক এই কু-প্ৰভাৱ কাৰী পৰিবেশৰ পৰা সু-পথলৈ উভতাই আনি এটা সুস্থ পৰিবেশ দিয়াটো বৰ্তমান সময়ত প্ৰতিগৰাকী অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰতিগৰাকী সমাজ সচেতন ব্যক্তিৰ অতি গুৰুত্বপূৰ্ণ দ্বায়িত হৈ পৰিছে । এই দায়িত্ব ঠিক মতে পালন কৰিব পাৰিলেহে আমাৰ ভৱিষ্যতটো নিৰাপদ হ’ব।
এই সন্দৰ্ভত ডাঃ সঙ্গীতা দত্তই কৈছে যে-“শিশুসকলক মানৱসম্পদ হিচাপে গঢ়ি তুলিবলৈ অভিভাৱক সকল তেওঁলোকৰ আদৰ্শ ব্যক্তি হব লাগিব। কিয়নো বৰ্তমান সময়ত যদি এটি শিশুক সোধা তুমি কাৰ দৰে হব বিচৰা বা তোমাৰ আদৰ্শ ব্যক্তি কোন তেওঁলোকে বিমোৰত পৰে, কাৰ নাম কব বিবেচনা কৰিব নোৱাৰে। কিন্তু পূৰ্বতে শিশুসকলে তপৰাই উত্তৰ দিছিল যে মই মোৰ দেউতাৰ দৰে হব বিচাৰো, মই মোৰ মাৰ দৰে হ’ব বিচাৰো। সেয়ে মই কব বিচাৰিছোঁ যে অভিভাৱকসকলে নিজৰ সৎ কৰ্মৰ জড়িয়তে সন্তানৰ বাবে আদৰ্শ ব্যক্তি হ’ব লাগিব। সন্তানৰ বাবে আদৰ্শ ব্যক্তি হবলৈ হলে অভিভাৱকে নিজে কৰা কিছুমান কাম এৰিব লাগিব । যিমান ব্যস্ত হলেও অভিভাৱকসকলে দৈনিক নিজৰ সন্তানক গুনগত সময় দিব লাগিব। দুই-তিনি ঘণ্টা সময় নিজৰ সন্তানৰ সৈতে কটাব লাগিব, তেওঁলোকৰ কথা পাতিব লাগিব। সন্তানৰ মনৰ ভিতৰত কি চলি আছে, কাৰ লগত কি কথা পাতিছে, ইণ্টাৰনেট কিমান সময় ব্যৱহাৰ কৰিছে, এই সকলোবোৰ জানিবৰ বাবে সন্তানৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক গঢ়ি তুলিব লাগিব। সন্তানক সময় আৰু বয়স উপযোগী কিছুমান কথা বুজাই দিব লাগিব। তেওঁলোকে কৰা কিছুমান ভাল কামৰ বাবে তেওঁলোকক মৰম আদৰ কৰাৰ উপৰিও কেতিয়াবা কেতিয়াবা উপহাৰো দিব লাগিব। ইয়াৰোপৰি তেওঁলোকক মূল্যবোধৰ লগতে সফলতাৰ সংজ্ঞা কি সৰুৰে পৰা বুজাব লাগিব।”
আমি এটি শিশুক ভগৱানৰ এক উপহাৰ বুলি কওঁ। কিন্তু বৰ্তমান সময়ত ভগৱানৰ এই উপহাৰটো আমি উপহাৰ হিচাপে ৰাখিবলৈ অভিভাৱক সকলে বহু প্ৰত্যাহ্বানৰ সন্মূখীন হৈছোঁ। এই প্ৰত্যাহ্বান আমি অভিভাৱক সকলে বিশেষকৈ মাতৃসকলে দূৰ কৰিব লাগিব।সন্তানে দেউতাকতকৈ মাকৰ লগত বেছি মিলা মিচা কৰে বা মাকৰ লগত এটি শিশুৰ দিনটোৰ বেছিভাগ সময় অতিবাহিত হয়। গতিকে এগৰাকী মাতৃয়ে তেওঁৰ সন্তানৰ শিক্ষা, অধিকাৰ, সুৰক্ষা, আৰু ভৱিষ্যতটো সুৰক্ষিত কৰি সময় উপযোগীকৈ গঢ় দি অধুনিক প্ৰযুক্তিৰ কুপ্ৰভাৱৰ পৰা নিলগাই ৰাখি তেওঁলোকক ভাল মানুহ হিচাপে গঢ়িব লাগিব । প্ৰহ্লাদ দৈত্যৰ সন্তান যদিও মাতৃৰ প্ৰভাৱত হৰিভক্ত হৈ ৰ’ল। ধ্ৰুৱক মাতৃয়েহে হৰি সেৱা শিকালে। এয়া মাত্ৰ উদাহৰণহে!মাতৃৰ মহিমা অপাৰ।অপাৰ মহিমাৰে মহিমামণ্ডিত হৈ আইসকলে নিজকে উৎসৰ্গিত কৰক, সমাজৰ চিত্ৰপট আমি বিচৰা ধৰণে মনোমোহা হ’ব।
