শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ- ময়ূৰাক্ষী গগৈ

p.c. Youtube

   শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ

মানৱ জাতিৰ জটিল সন্ধিক্ষণত
তুমিয়েই পথ প্ৰদৰ্শক।
কৰোনা মহামাৰীৰ কবলৰ পৰা
ৰক্ষা কৰোঁতে কেৱল তুমিয়েই।
হে দয়াল,
তোমাক শত কোটি প্ৰণাম।
হে কৰুণাময়,
তুমিয়েই মানৱ জীৱনৰ
উপাসনাৰ জীৱন্ত গুৰু।
তোমাৰ নাম কীৰ্তনৰ ধ্বনিত
দশোদিশ আলোকিত হয়।
যজন,যাজন,ইষ্টভৃতি,স্বস্ত্যয়নী, সদাচাৰ।
এই পঞ্চনীতি দিলা
মানৱ জাতিৰ কল্যাণৰ অৰ্থে।
একবিংশ শতিকাৰ হে যুগপুৰুষোত্তম,
জীৱনৰ প্ৰতি মুহূৰ্ত্তত সেয়ে
জনাওঁ তোমাক শত সহস্ৰ প্ৰণাম।

ময়ূৰাক্ষী গগৈ
যোৰহাট।