শ্ৰীমন্ত শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ নাটৰ নান্দনিক বিচাৰ আৰু নাট্যকাৰৰ মৌলিকতা – দৰ্শনা দত্ত

Pc Wikipedia

শ্ৰীমন্ত শংকৰদেৱৰ ‘ৰুক্মিণী হৰণ’ নাটৰ নান্দনিক বিচাৰ আৰু নাট্যকাৰৰ মৌলিকতা

দৰ্শনা দত্ত, দেৰগাঁও,গোলাঘাট 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ(১৪৪৯-১৫৬৮) অসমীয়া সাহিত্য, সমাজ আৰু সংস্কৃতিৰ ইতিহাসৰ এটি উজ্জ্বল নক্ষত্ৰ। পঞ্চদশ শতিকাৰ অসমীয়া সমাজখনক নৱ-চেতনাৰ আলোকেৰে উজলাই তুলিবলৈ গুৰুজনাই যি সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছিল ,তাৰ একো একোটা অভিন্ন অংগ আছিল তেওঁৰ অমৰ সৃষ্টি আধ্যাত্মিকতাৰ প্ৰাণস্বৰূপ ‘বৰগীত’, সমাজ গঠনৰ মূল কেন্দ্ৰ ‘নামঘৰ-সত্ৰ সংস্কৃতি’, বৈষ্ণৱী সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুথি ‘কীৰ্তন ঘোষা’, তত্ত্বগধুৰ ধৰ্মগ্ৰন্থ ‘ভক্তি-ৰত্নাকৰ’, ভাগৱত চৰ্চাৰ অমূল্য সম্পদ ‘দশম স্কন্ধ’ আদি। তাৰোপৰি নাট্য-শিল্পৰ এক অনুপম আধাৰ হিচাপে গুৰুজনাই ‘চিহ্নযাত্ৰা’ৰে সূচনা কৰা আৰু পৰৱৰ্তী সময়ত ৰচনা কৰা ‘পত্নী প্ৰসাদ’, ‘কালিয় দমন’, ‘কেলি গোপাল’, ‘পাৰিজাত হৰণ’,’ৰুক্মিণী হৰণ’, ‘ৰাম বিজয়’ আদি কালজয়ী অংকীয়া নাটসমূহে অসমীয়া নাট্য সাহিত্যৰ ধাৰাটোকে এক যুগান্তকাৰী মাত্ৰা প্ৰদান কৰিছিল । গুৰুজনাৰ সমগ্র নাট্য-সম্ভাৰৰ ভিতৰত শিল্পগত আৰু জনপ্ৰিয়তাৰ দিশৰ পৰা ‘ৰুক্মিণী হৰণ’ নাটখন এক সৰ্বকালৰ শ্ৰেষ্ঠ কালজয়ী নাট হিচাপে পৰিগণিত হৈ আহিছে।’ৰুক্মিণী হৰণ’ নাটখনৰ মূল কাহিনীভাগ ‘ভাগৱত পুৰাণ’ আৰু ‘হৰি বংশ পুৰাণ’ৰ পৰা সংগ্ৰহ কৰা হৈছে। শংকৰদেৱ আছিল এজন মহান নাট্য-শিল্পী। তেওঁ ‘ৰুক্মিণী হৰণ’ৰ মূল পুৰাণৰ গম্ভীৰ আৰু আড়ম্বৰপূৰ্ণ আখ্যানটোক অতি নিপুণতাৰে অসমীয়া সমাজ আৰু লোক-সংস্কৃতিৰ সাঁচত ঢালি এক নব্য ৰূপ দিলে। ধৰ্মীয় দৰ্শনক সাধাৰণ মানুহৰ হৃদয়ৰ কাষ চপাই নিব পৰাটোৱেই আছিল এই নাটখনৰ প্ৰথম আৰু প্ৰধান শিল্পগত সফলতা।

নাটখনৰ কাহিনী অনুসৰি, কুণ্ডিলৰ ৰজা ভীষ্মকৰ ৰূপৱতী কন্যা ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ ৰূপ-গুণৰ কথা শুনি তেওঁক মনে মনে পতি ৰূপে বৰণ কৰে। শ্ৰীকৃষ্ণয়ো ৰুক্মিণীক বিবাহ কৰাৰ ইচ্ছা কৰে। কিন্তু ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰ আছিল অতি অহংকাৰী আৰু কৃষ্ণ-বিদ্বেষী। তেওঁ ভগ্নী ৰুক্মিণীক কৃষ্ণৰ পৰিৱৰ্তে শিশুপালৰ হাতত অৰ্পণ কৰিবলৈ স্থিৰ কৰে আৰু বিবাহৰ দিন ধাৰ্য কৰে। ভাতৃৰ এই সিদ্ধান্তত মৰ্মাহত হৈ ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ নিজৰ মনৰ কথা জনাই জৰুৰীভাৱে ‘বেদনিধি’ নামৰ এজন বিশ্বাসী ব্ৰাহ্মণৰ হাতত এখন গোপন পত্ৰ প্ৰেৰণ কৰে। পত্ৰ পাই শ্ৰীকৃষ্ণই বেদনিধিক লগত লৈ ৰথত উঠি কুণ্ডিললৈ যাত্ৰা কৰে। ইপিনে কুণ্ডিলত শিশুপালৰ সৈতে বিবাহৰ আয়োজন সম্পূৰ্ণ হৈ উঠে। ৰুক্মিণীয়ে দেৱী ভৱানীৰ মন্দিৰত পূজা দি সমাপন কৰি যেতিয়া ৰাজসভাত উপস্থিত হয়, তেতিয়াই শ্ৰীকৃষ্ণই সকলো ৰজাক স্তম্ভিত কৰি ৰাজসভাৰ পৰাই ৰুক্মিণীক নিজৰ ৰথত তুলি লৈ দ্বাৰকালৈ বুলি যাত্ৰা কৰে। এই কথাত ক্ৰোধিত হৈ শিশুপাল, জৰাসন্ধ আৰু ৰুক্মবীৰে কৃষ্ণক খেদি আহে। এক ধৰ্মযুদ্ধত শ্ৰীকৃষ্ণই সকলো ৰজাক পৰাস্ত কৰে। ৰুক্মিণীৰ ভাতৃ ৰুক্মবীৰৰ সৈতেও কৃষ্ণৰ যুদ্ধ হয়। তেওঁ ৰুক্মবীৰক বধ কৰিব ওলাওতে ৰুক্মিণীৰ অনুৰোধত তেওঁক প্ৰাণদান দিয়ে, কিন্তু শাস্তিস্বৰূপে চুলি-দাড়ি খুৰাই এৰি দিয়ে। অৱশেষত শ্ৰীকৃষ্ণই ৰুক্মিণীক দ্বাৰকালৈ আনি বিধিগতভাৱে বিবাহ কৰায় আৰু দ্বাৰকাত আনন্দ- উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়।

‘ৰুক্মিণী হৰণ’ নাটখনৰ সফলতাৰ অন্যতম মূল চাবিকাঠি হৈছে ইয়াৰ সজীৱ চৰিত্ৰ চিত্ৰায়ণ আৰু চৰিত্ৰসমূহৰ মানৱীয় উপস্থাপন। নাট্যকাৰে দেৱত্ব আৰোপ কৰাৰ পিছতো চৰিত্ৰসমূহক তেজ-মঙহৰ মানুহৰ দৰে সজীৱ কৰি তুলিছে। ইয়াত শ্ৰীকৃষ্ণক কেৱল ঐশ্বৰিক ক্ষমতাযুক্ত ভগৱানৰূপে অংকন নকৰি, এজন ব্যগ্ৰ, ব্যাকুল আৰু প্ৰেমিক নায়কৰ দৰে চিত্ৰিত কৰিছে। প্ৰেয়সীৰ আহ্বানত সঁহাৰি জনাই ব্যাকুল হৈ কুণ্ডিললৈ ঢাপলি মেলা আৰু ৰুক্মিণীৰ প্ৰেমৰ অধিকাৰ ৰক্ষাৰ বাবে যুঁজ দিয়া কৃষ্ণৰ এই প্ৰেমিক স্বৰূপটোৱে সাধাৰণ দৰ্শকক সহজে আকৰ্ষিত কৰে। আনহাতে নাটৰ নায়িকা ৰুক্মিণী কেৱল এগৰাকী ৰাজকুঁৱৰীয়ে নহয়, তেওঁ হৈছে অসমীয়া সমাজৰ এগৰাকী সৰল, লাজকুৰীয়া অথচ নিজৰ প্ৰেম আৰু অধিকাৰৰ প্ৰতি সম্পূৰ্ণ সচেতন এগৰাকী নাৰী। আনহাতে ৰুক্মিণীৰ জ্যেষ্ঠ ভ্ৰাতৃ ৰুক্মবীৰ এজন অত্যন্ত অহংকাৰী, খঙাল আৰু কৃষ্ণ-বিদ্বেষী চৰিত্ৰ হিচাপে ফুটি উঠিছে। প্ৰকৃততে, ৰুক্মবীৰৰ চৰিত্ৰটো থলুৱা অসমীয়া সমাজ জীৱনত ভনীয়েকৰ ওপৰত শাসন আৰু কৰ্তৃত্ব সাব্যস্ত কৰিব বিচৰা এক পৰম্পৰাগত জ্যেষ্ঠ ভ্ৰাতৃৰ সজীৱ প্ৰতিচ্ছবি। ভগ্নীৰ প্ৰেম বা আৱেগক নেওচি কেৱল পাৰিবাৰিক আৰু সামাজিক অহংকাৰ ৰক্ষাৰ বাবে ভগ্নীৰ ভাগ্য নিয়ন্ত্ৰণ কৰিব বিচৰা এই প্ৰৱণতাই চৰিত্ৰটোক পৌৰাণিক গম্ভীৰতাৰ পৰা আনি আমাৰ চিনাকি সমাজখনৰ এক চিৰাচৰিত ৰূপত প্ৰতিষ্ঠা কৰিছে। নাটখনত কুণ্ডিলৰ ৰজা ভীষ্মক এজন পৰম ধাৰ্মিক আৰু মৰমিয়াল পিতৃ হিচাপে প্ৰকাশ পাইছে। পুত্ৰ ৰুক্মবীৰৰ কৃষ্ণ-বিৰোধী স্থিতিৰ বাবে প্ৰথম অৱস্থাত তেওঁ অসহায় হৈ পৰিছিল যদিও,পৰৱৰ্তী সময়ত তেওঁৰ স্নেহ আৰু উদাৰতা ফুটি উঠিছে। কৃষ্ণই ৰুক্মিণীক লৈ যোৱাৰ পিছত এজন দায়িত্বশীল পিতৃৰ দৰে নিজে দ্বাৰকালৈ গৈ যথাবিহিতভাৱে কন্যাদান কৰিছে। এই গম্ভীৰ চৰিত্ৰসমূহৰ মাজত শংকৰদেৱৰ নাট্য-প্ৰতিভাৰ আটাইতকৈ অনন্য আৰু মৌলিক সৃষ্টি হৈছে বেদনিধি ব্ৰাহ্মণৰ চৰিত্ৰটো। মূল ভাগৱতৰ গম্ভীৰ ব্ৰাহ্মণগৰাকীক নাটখনত অলপ ধেমেলীয়া আৰু চতুৰ ৰূপত সজাই তুলি গুৰুজনাই নাটকখনত এক সুন্দৰ হাস্যৰসৰ ধাৰা সৃষ্টি কৰিছে, যিয়ে দৰ্শকক সহজে আমোদ দিয়ে। ইয়াৰোপৰি নাটখনৰ কাহিনীভাগক আগুৱাই নিয়াত সুৰভি আৰু হৰিদাস ভাটৰ ভূমিকাও বিশেষভাৱে উল্লেখনীয়। এই ভাট চৰিত্ৰদ্বয়ৰ মুখৰ পৰাই ৰুক্মিণীয়ে শ্ৰীকৃষ্ণৰ আৰু বিপৰীতভাৱে শ্ৰীকৃষ্ণই ৰুক্মিণীৰ ৰূপ-গুণৰ কথা প্ৰথম জানিবলৈ পাইছিল, যিয়ে দুয়োৰে মনত পূৰ্বানুৰাগ তীব্ৰ কৰি তুলিছিল।

নাট্য-শিল্পৰ নান্দনিক দিশৰ পৰা বিচাৰ কৰিলে দেখা যায় যে ‘ৰুক্মিণী হৰণ’ নাটখন বিভিন্ন ৰসৰ এক অপূৰ্ব সংগম ঘটিছে। সমগ্ৰ নাটকখনৰ মূল বা প্ৰধান ৰস হ’ল ভক্তিৰস। শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মহিমা, তেওঁৰ পৰম ঈশ্বৰস্বৰূপ ব্যক্তিত্ব আৰু চৰিত্ৰসমূহৰ (বিশেষকৈ ৰুক্মিণী আৰু বেদনিধি বিপ্ৰৰ) কৃষ্ণৰ প্ৰতি থকা অপাৰ ভক্তিৰ জৰিয়তে এই ৰস সমগ্ৰ নাটখনত প্ৰকাশ পাইছে। সুৰভি আৰু হৰিদাস ভাটৰ মুখত ইজনে সিজনৰ ৰূপ-গুণৰ বৰ্ণনা শুনি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ মনত যি পূৰ্বানুৰাগৰ সৃষ্টি হৈছিল, সি নাটখনত শৃংগাৰ ৰসৰ সৃষ্টি কৰিছে। শৃংগাৰ ৰসৰ সমান্তৰালভাৱে নাটখনত বীৰ ৰসৰ এক শক্তিশালী প্ৰৱাহ দেখিবলৈ পোৱা যায়। ৰুক্মিণীৰ হৰণক কেন্দ্ৰ কৰি শ্ৰীকৃষ্ণৰ সৈতে শিশুপাল, জৰাসন্ধ আৰু বিশেষকৈ ৰুক্মবীৰৰ যি তীব্ৰ যুদ্ধ হৈছিল, তাত শ্ৰীকৃষ্ণৰ গভীৰ বীৰত্বৰ জৰিয়তে বীৰ ৰস অতি সজীৱভাৱে প্ৰকাশ পাইছে। আকৌ,দৰ্শকক  আনন্দ দিবলৈ নাট্যকাৰে অতি নিপুণতাৰে হাস্য ৰসৰো অৱতাৰণা কৰিছে। ব্ৰাহ্মণ বেদনিধিৰ কাৰ্যকলাপ,তেওঁৰ কথা-বতৰা আৰু শ্ৰীকৃষ্ণৰ সৈতে কুণ্ডিললৈ কৰা দ্ৰুতবেগী ৰথ যাত্ৰাৰ সময়ত হোৱা বিলৈৰ বৰ্ণনাই নাটখনত এক প্ৰাণৱন্ত হাস্যৰসৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি ভাতৃ ৰুক্মবীৰক কৃষ্ণই বধ কৰিবলৈ লওঁতে ৰুক্মিণীৰ ব্যাকুলতাৰ মাজত কৰুণ ৰসৰ আভাস পোৱা যায়। এনেদৰে ভক্তিৰস তথা শৃংগাৰ,বীৰ, হাস্য আৰু কৰুণ ৰসৰ এক সুন্দৰ আৰু ভাৰসাম্যপূৰ্ণ প্ৰয়োগৰ বাবেই ‘ৰুক্মিণী হৰণ’ নাটখন নাট্য-ৰসৰ দিশৰ পৰা এক অনন্য সৃষ্টি হিচাপে পৰিগণিত হৈছে।

ৰুক্মিণী হৰণ’ নাটৰ গাঁথনিত সংস্কৃত শ্লোক আৰু ব্ৰজাৱলী ভাষাত ৰচিত ভটিমাসমূহৰ ব্যৱহাৰে নাট্যকাৰ শংকৰদেৱৰ উচ্চ নান্দনিক তথা শাস্ত্ৰীয় চেতনাৰ পৰিচয় দিয়ে। নাটকখনত নাট্যকাৰে মুঠ ৪৩ টা সংস্কৃত শ্লোক ব্যৱহাৰ কৰিছে, যাৰ এক সুন্দৰ ক্ৰমিক বৈচিত্ৰ্য দেখিবলৈ পোৱা যায়। নাটকখনৰ আৰম্ভণিতে থকা দুটা ‘নান্দী শ্লোক’ৰ ভিতৰত প্ৰথমটো শ্লোকত ভগৱানৰ গুণ-কীৰ্তন আৰু বন্দনাৰে ভৰপূৰ। আনহাতে, দ্বিতীয় নান্দী শ্লোকটোত ভগৱানৰ স্তুতি কৰাৰ লগতে নাটকখনৰ মূল কাহিনীভাগৰ এটা চমু উমান দিয়া হৈছে। নান্দীশ্লোক আৰু নান্দীগীতৰ পিছৰ শ্লোকটো হ’ল সংস্কৃত নাট্য পৰম্পৰাৰ অনুকৰণত ৰচিত বিষয় প্ৰৱেশৰ শ্লোক। ইয়াৰ পৰৱৰ্তী ৪০ টা শ্লোকে নাটকীয় কাহিনীভাগ আগুৱাই নিয়াত সহায় কৰাৰ লগতে বিভিন্ন নাটকীয় পৰিস্থিতি আৰু চৰিত্ৰৰ মানসিক অৱস্থাৰ ধাৰণা দিয়ে। একেবাৰে শেষত অৰ্থাৎ ‘মুক্তি মঙ্গল ভটিমা’ৰ ঠিক আগে আগে ব্যৱহৃত শ্লোকটোক ‘মোখনিৰ শ্লোক’ বুলি কোৱা হয়। এই নাটখনৰ সংস্কৃত শ্লোকবোৰ নাট্যকাৰৰ স্বকীয় সৃষ্টি। অতি সৰল ৰীতিত ৰচিত এই শ্লোকসমূহে নাটকখনৰ বিষয়বস্তুক এক অপূৰ্ব গাম্ভীৰ্য প্ৰদান কৰাৰ লগতে সাধাৰণ দৰ্শককো ৰসাস্বাদনত সহায় কৰে।

ৰুক্মিণী হৰণ’ নাটকত নাট্যকাৰে প্ৰধানকৈ তিনিটা শ্ৰেণীৰ ভটিমা ব্যৱহাৰ কৰিছে। ইয়াৰ আৰম্ভণিৰ ভটিমাটো হ’ল মঙ্গলাচৰণমূলক বা শ্ৰীকৃষ্ণৰ স্তুতিবাচক ভটিমা। ইয়াৰ জৰিয়তে নাটকৰ মূল নায়ক শ্ৰীকৃষ্ণৰ পৰম ঐশ্বৰিক ৰূপ, অনুপম গুণ আৰু লীলা-মাহাত্ম্যৰ বন্দনা কৰা হৈছে-

“আদি অন্ত নপাৱন্ত কেৱ।।
যাকেৰি চৰণ সৰোৰুহ ব্ৰহ্মাশঙ্কৰ কৰু-নিত্য সেৱ।।
যোহি ভয়ো অৱতাৰ।হৰলি ভূমিকেৰি ভাৰ।।”

নাটকৰ আৰম্ভণিতে ব্যৱহৃত এই ভটিমাটিয়ে দৰ্শকৰ মনত ভক্তিৰসৰ এক অপূৰ্ব জোৱাৰ তোলে। ৰুক্মিণী হৰণ’ নাটকখনৰ একেবাৰে শেষত ব্যৱহৃত হোৱা ভটিমাটি হ’ল ‘মুক্তিমংগল ভটিমা’।’ৰুক্মিণী হৰণ’ নাটৰ মুক্তিমংগল ভটিমাটিত শ্ৰীকৃষ্ণৰ পৰম বন্দনা কৰি তেওঁৰ চৰণ কমলত সেৱা জনোৱাৰ বাবে সমজুৱা তথা দৰ্শকমণ্ডলীক আহ্বান জনোৱা হৈছে। কোনো কোনো নাটকত চৰিত্ৰৰ মুখেৰে আখ্যানভাগ আগবঢ়াই নিবলৈ বা বিশেষ পৰিস্থিতি বৰ্ণনা কৰিবলৈ এক প্ৰকাৰৰ ভটিমা প্ৰয়োগ কৰা হয়। ‘ৰুক্মিণী হৰণ’ নাটত সুৰভি আৰু হৰিদাস ভাট’ নামৰ দুটা কাল্পনিক চৰিত্ৰৰ মুখত দুটা সুকীয়া ভটিমা দিয়া হৈছে। সুৰভি ভাটৰ মুখত ৰুক্মিণীৰ অপূৰ্ব ৰূপ-লাৱণ্য আৰু গুণৰাজিৰ বৰ্ণনা শুনি শ্ৰীকৃষ্ণ আকৰ্ষিত হৈছিল আৰু একেদৰে হৰিদাস ভাটৰ মুখেৰে শ্ৰীকৃষ্ণৰ বীৰত্ব আৰু মহিমা শুনি ৰুক্মিণীও ব্যাকুল হৈ পৰিছিল। এই দুই ভটিমাৰ অপূৰ্ব প্ৰয়োগে দৰ্শকৰ মনত ভক্তিৰস আৰু শৃংগাৰ ৰসৰ এক অপূৰ্ব মন্ত্ৰমুগ্ধ পৰিৱেশ গঢ়ি তোলে। ভটিমাসমূহৰ কাব্যিক সৌন্দৰ্য অতি মনোৰম আৰু উচ্চস্তৰীয়। তদুপৰি এই ভটিমাসমূহত ব্যৱহৃত ছন্দ আৰু শব্দ সংযোজনৰ নিপুণতা আৰু ভাৱগম্ভীৰতা,উপমা, ৰূপক,অনুপ্ৰাস,শব্দালংকাৰ,অৰ্থালংকাৰ আদি অলংকাৰৰ প্ৰয়োগে সাহিত্যিক গাম্ভীৰ্য বহুগুণে বৃদ্ধি কৰিছে। অংকীয়া নাটৰ অন্যতম প্ৰধান আৰু আকৰ্ষণীয় অংগ হ’ল ইয়াৰ গীতসমূহ, যিয়ে সমগ্ৰ নাট্য কাহিনীক এক গতিশীলতা প্ৰদান কৰে তথা নাটখনি পৰিসমাপ্তিৰ দিশে আগবঢ়াই নিয়া হয়। ‘ৰুক্মিণী হৰণ’ নাটত নাট্যকাৰ শংকৰদেৱৰ উচ্চ সংগীত-প্ৰতিভা ফুটি উঠিছে। এই নাটখনত সৰ্বমুঠ ৩২ টা ৰাগ-তালযুক্ত গীত আছে, যিবোৰ সম্পূৰ্ণৰূপে গুৰুজনাৰ স্ব-ৰচিত। সুহাই ৰাগৰ ব্যৱহাৰ কৰা ‘নান্দী গীত’ৰ প্ৰয়োগ ৰুক্মিণী হৰণ নাটৰ অন্যতম বিশেষত্ব।

ৰুক্মিণী হৰণ’ নাটকত শংকৰদেৱৰ নাট্যকাৰ মৌলিকতা আৰু অভিনৱত্ব অতি উজ্জ্বলভাৱে প্ৰকাশ পাইছে। ৰুক্মিণীয়ে কুণ্ডিল নগৰলৈ অহা বিভিন্ন আলহী-অতিথিৰ মুখত শ্ৰীকৃষ্ণৰ অনুপম ৰূপ, অতুলনীয় বীৰত্ব আৰু মহান গুণবোৰৰ কথা শুনিবলৈ পায়। শ্ৰীকৃষ্ণৰ অনুপম ৰূপ, অতুলনীয় বীৰত্ব আৰু মহান গুণবোৰৰ কথা শুনি তেওঁ মনে মনে কৃষ্ণকে নিজৰ স্বামী বৰণ কৰি লৈছিল। ইয়াৰ বিপৰীতে, ভগৱান শ্ৰীকৃষ্ণইও বিভিন্ন ধৰ্মপৰায়ণ লোকৰ মুখেৰে ৰুক্মিণীৰ অপূৰ্ব সৌন্দৰ্য, উদাৰ মন আৰু বিনম্ৰ স্বভাৱৰ প্ৰশংসা শুনিবলৈ পাইছিল বুলি ভাগৱতত উল্লেখ আছে। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী দুয়োজনৰে মনত পূৰ্ব অনুৰাগ সৃষ্টি কৰাৰ বাবে তথা কাহিনীভাগক অধিক গতিশীল আৰু নাট্যৰূপৰ সফল উপস্থাপনৰ বাবে চৰিত্ৰৰ বিশেষ প্ৰয়োজন আছে বুলি অনুভৱ কৰি গুৰুজনে নাটখনত নিজৰ মৌলিক প্ৰতিভাৰে ‘সুৰভি’ আৰু ‘হৰিদাস ভাট’ নামৰ দুটা সম্পূৰ্ণ কাল্পনিক চৰিত্ৰৰ অৱতাৰণা কৰিছে। ভাগৱতৰ মতে ৰজা ভীষ্মকৰ পাঁচজন পুত্ৰ আছিল যদিও শংকৰদেৱে নাটত ইমান চৰিত্ৰৰ অৱতাৰণা দীঘল আৰু আমনিদায়ক হ’ব বুলি কেৱল ৰুক্মবীৰৰ চৰিত্ৰটোহে দেখুৱাইছে। ভাগৱতত ৰুক্মিণীয়ে দ্বাৰকালৈ প্ৰেৰণ কৰা ব্ৰাহ্মণজনৰ কোনো নামৰ উল্লেখ নাছিল যদিও, শংকৰদেৱে দৃশ্য প্ৰদৰ্শনৰ সাৰ্থকতা আৰু নাটকীয় প্ৰয়োজন সুন্দৰকৈ উপলব্ধি কৰি ‘বেদনিধি’ নামৰ এটা সুনিৰ্দিষ্ট চৰিত্ৰৰ অৱতাৰণা কৰে। কেৱল সেইয়াই নহয়,শ্ৰীকৃষ্ণৰ দ্ৰুতবেগী ৰথৰ ওপৰত এই বেদনিধি ব্ৰাহ্মণৰ কাৰ্যকলাপৰ জৰিয়তে এক অতি উপভোগ্য আৰু হাস্যৰসাত্মক পৰিৱেশৰো সৃষ্টি কৰিছে, যিয়ে দৰ্শকক অনন্য আমোদ প্ৰদান কৰে। গুৰুজনাৰ আটাইতকৈ ডাঙৰ নাট্য-কৌশল প্ৰকাশ পাইছে ৰুক্মিণীৰ গোপন প্ৰেম-পত্ৰ উপস্থাপনৰ শ্ৰেষ্ঠ শৈলীত। মূল ভাগৱতত ৰুক্মিণীয়ে শ্ৰীকৃষ্ণলৈ চিঠি লিখাৰ কোনো উল্লেখ নাই। কিন্তু ভাগৱত যিহেতু কেৱল পঢ়া বা শুনাৰ বাবে আছিল আৰু অংকীয়া নাট আছিল অভিনয় আৰু দৰ্শনৰ বাবে, সেয়েহে শংকৰদেৱে নাটকত চিঠি প্ৰদৰ্শনৰ এক অভিনৱ দৃশ্য সংযোগ কৰে। আশ্চৰ্যজনকভাৱে, শ্ৰীকৃষ্ণই চিঠিখন নিজে পঢ়িলে দৰ্শকে তাৰ অন্তৰ্নিহিত ভাৱ বুজি নাপালেহেঁতেন। আকৌ বাস্তৱ জীৱনত কোনেও নিজলৈ অহা এখন অত্যন্ত গোপন প্ৰেম-পত্ৰ কেতিয়াও আনৰ আগত ডাঙৰকৈ পঢ়ি নুশুনায়, গতিকে চিঠিখন কৃষ্ণই মনে মনে পঢ়াহেতেন নাটকৰ স্বাভাৱিকতা নষ্ট হ’লহেঁতেন। সেইবাবেই নাট্যকাৰে এক অপূৰ্ব কৌশল অৱলম্বন কৰি শ্ৰীকৃষ্ণৰ মুখেৰে বেদনিধিক ক’লে— “হে গুৰু, তোহে পাঠ কৰহ। হামো শুনিয়ে ৰহো।” ইয়াৰ জৰিয়তে চিঠিৰ গোপনীয়তা আৰু গাম্ভীৰ্য ৰক্ষা পৰাৰ লগতে দৰ্শকেও ৰুক্মিণীৰ অন্তৰৰ ব্যাকুলতাৰ কথা পোনপটীয়াকৈ জানিবলৈ সমৰ্থ হয়। একেদৰে, মূল ভাগৱত পুৰাণত শ্ৰীকৃষ্ণ কুণ্ডিল নগৰলৈ অকলশৰে অহা বুলি খবৰ পাই বলোৰামে সসৈন্যে তাত উপস্থিত হৈছিল। কিন্তু শংকৰদেৱে নাটকত এক অভিনৱ মনস্তাত্ত্বিক কৌশলেৰে দেখুৱাইছে যে, মাতৃ দৈৱকীৰ উৎকণ্ঠাপূৰ্ণ অনুৰোধৰ বাবেহে বলোৰামে কুণ্ডিললৈ যাত্ৰা কৰিছিল যাৰ দ্বাৰা ঘটনা আৰু পৰিস্থিতিৰ স্বাভাৱিকতা ৰক্ষা পৰিছে। কৃষ্ণক দেখি শত্ৰু ৰজাসকলে ভয় খোৱাৰ বিপৰীতে জৰাসন্ধই তেওঁলোকক আশ্বাস প্ৰদান কৰাৰ প্ৰসংগসমূহ সম্পূৰ্ণ গুৰুজনাৰ নিজা সৃষ্টি। ৰাজসভাত ৰুক্মিণীৰ অপূৰ্ব ৰূপ-লাৱণ্যত ৰজাসকল কামমোহিত হৈ পৰিছিল। আনকি পৰৱৰ্তী সময়ত বিবাহ কাৰ্যৰ পুৰোহিত স্বয়ং ব্ৰহ্মায়ো ৰুক্মিণীৰ অলৌকিক ৰূপ দেখি লুটি খাই পৰিছিল। ৰজাসকলৰ কামুকতা আৰু ব্ৰহ্মাৰ অস্থিৰতাৰ মাজেৰে হাস্য তথা বীভৎস ৰসৰ উদ্ৰেক ঘটিছে। লগতে ৰজাসকলৰ মুখৰ সংলাপসমূহে তেওঁলোকৰ কামুকতা সক্ৰিয়ৰূপেৰে ফুটাই তুলিছে। এনে সংলাপবোৰ শংকৰদেৱৰ মৌলিক উদ্ভাৱন। মূল ভাগৱতত ৰুক্মবীৰৰ পৰাজয়ৰ পিছত বলোৰামে শ্ৰীকৃষ্ণক কৰা মৃদু ককৰ্থনা,তেওঁক প্ৰদান কৰা তত্ত্বজ্ঞান আৰু ৰুক্মিণীক দিয়া আশ্বাসবাণীৰ এক সুদীৰ্ঘ বৰ্ণনা আছিল। কিন্তু শংকৰদেৱে ভালদৰে বুজি পাইছিল যে সাধাৰণ দৰ্শকে মঞ্চত এনে দীঘলীয়া তত্ত্বমূলক আলোচনা শুনি আমনি পাব। সেইবাবেই নাট্যকাৰে এই দীঘলীয়া বৰ্ণনা নাটকৰ পৰা বাদ দি কাহিনীৰ গতিশীলতা ৰক্ষা কৰিছে। ঠিক একেদৰেই, পুৰাণৰ বৰ্ণনা অনুসৰি পৰাজিত ৰুক্মবীৰে কুণ্ডিললৈ উভতি নগৈ ‘ভোজকুট’ নামৰ নগৰ পাতি বসতি কৰাৰ যি প্ৰসংগ,তাকো শংকৰদেৱে নাটকত স্থান নিদিলে; কিয়নো পৰাজয়ৰ পিছত ৰুক্মবীৰৰ কৰণীয়ক লৈ থকা সুদীৰ্ঘ বৰ্ণনা নাটকীয় প্ৰয়োজনীয়তাই নিবিচাৰে। মূল ভাগৱতত ৰজা ভীষ্মকে দ্বাৰকালৈ গৈ কন্যাদান কৰাৰ কোনো উল্লেখ নাই, কিন্তু নাটকত তেওঁ নিজে দ্বাৰকালৈ গৈ কন্যাদান কৰা বৰ্ণনাটো গুৰুজনাৰ এক স্বকীয় আৰু মৌলিক সংযোজন। এনে কৰাৰ ফলত নাটকখনৰ পৰিণতি যিদৰে অধিক সুখাবহ হৈ পৰিছে, ঠিক তেনেদৰেই ইয়াৰ জৰিয়তে আমাৰ সমাজৰ পৰম্পৰাগত সামাজিক বিবাহৰ প্ৰথাটিও সুন্দৰকৈ প্ৰতিফলিত হৈছে।

‘ৰুক্মিণী হৰণ’ কেৱল মধ্যযুগৰ এখন ধৰ্মীয় নাটেই নহয়, বৰঞ্চ ই অসমীয়া সাহিত্য আৰু নাট্য-পৰম্পৰাৰ ইতিহাসৰ এক সৰ্বকালৰ শ্ৰেষ্ঠ কীৰ্তি।নাটকখনৰ মূল ভেটি ভাগৱতৰ আখ্যান হ’লেও, তাত ব্যৱহৃত অপূৰ্ব সম্পাদনা শৈলী,কাল্পনিক চৰিত্ৰ আৰু ঘটনাৰ উদ্ভাৱন,ৰসৰ কলাত্মক সমাহাৰ,স্ব-ৰচিত গীত- শ্লোকৰ ব্যৱহাৰ,ভটিমাৰ সৰল প্ৰয়োগ আৰু অন্যান্য স্বকীয় সংযোজনে নাট্যকাৰ শংকৰদেৱৰ যুগান্তকাৰী মৌলিক প্ৰতিভাক প্ৰমাণ কৰে।