শ্বেত কুষ্ঠ বা বগা দাগ আৰু আয়ুৰ্বেদিকত চিকিৎসা- ডাঃ বিজিতা চুতীয়া

Pc Jagonews24

শ্বেত কুষ্ঠ বা বগা দাগ আৰু আয়ুৰ্বেদিকত চিকিৎসা

ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ, যিয়ে আমাৰ ব্যক্তিত্ব ধৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। সেয়ে আমি সকলোৱে ছালখন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। বর্তমান যুগত ছালৰ নানা সমস্যাই দেখা দিছে। তাৰ ভিতৰত শ্বেত কুষ্ঠ বা ভিটিলিগ’ অন্যতম ৰোগ। শ্বেত মানে বগা দাগ আৰু কুষ্ঠ মানে আয়ুৰ্বেদৰ ভাষাত ছালৰ ৰোগ। অৰ্থাৎ এই ৰোগত শৰীৰৰ যিকোনো ঠাইত বগা দাগ হোৱা দেখা যায়। এই ৰোগত আক্রান্ত ৰোগী বিভিন্ন ভ্ৰান্ত ধাৰণাৰ চিকাৰ হয়। তেওঁ ভাবে যে এয়া ঈশ্বৰৰ অভিশাপ, দুৰাৰোগ্য ৰোগ, সোঁচৰা ৰোগ ইত্যাদি। ৰোগীৰ মন দুশ্চিন্তাৰে ভৰি পৰে। কিন্তু ৰোগীয়ে ভাবি লোৱাৰ দৰে এই ভ্ৰান্ত ধাৰণাবোৰৰ এটাও সত্য নহয়। উপযুক্ত আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে এই ৰোগ আৰোগ্য কৰিব পৰা যায়।

শ্বেত কুষ্ঠ ৰোগৰ লক্ষণ :

(১) সকলো বয়সৰ লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে।

(২) সাধাৰণতে মূৰ, মুখমণ্ডল, কপাল, বুকু, পিঠি, হাত-ভৰি, আঙুলি আদিত এই ৰোগে আক্ৰমণ কৰা দেখা যায়।

(৩) কেতিয়াবা এটা তিলৰ সমান বগা দাগ শৰীৰৰ উক্ত ঠাইবোৰত দেখা যায় আৰু পৰৱৰ্তী সময়ত শৰীৰত বিয়পি পৰে।

শ্বেত কুষ্ঠ ৰোগৰ কাৰণ ঃ

(১) বংশগত প্রভাব

(২) স্নায়বিক তথা স্নায়ুজনিত কাৰক

(৩) বিভিন্ন ধৰণৰ ঔষধৰ পাৰ্শ্বক্ৰিয়া

(৪) মানসিক দুশ্চিন্তা

(৫) আন কিছুমান ৰোগৰ প্ৰভাৱ যেনে— ডায়েবেটিছ, থাইৰয়ড গ্ৰন্থিৰ ৰোগ ইত্যাদি।

আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি বিসংগতিপূৰ্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাস আদি শ্বেত কুষ্ঠৰ কাৰণ বুলি উল্লেখ আছে। বর্তমান যুগত প্রায়ভাগ লোকেই মানসিক চাপৰ কবলত পৰা দেখা যায়। মানসিক চাপৰ প্রভাৱত আমাৰ দেহৰ স্নায়ুসমূহত একপ্ৰকাৰ অনিষ্টকাৰী ৰাসায়নিক পদার্থ ‘কেটেকোলেমাইন’(Catecholamine) নির্গত হয়। এইবিধ পদার্থই ছালত বগা দাগ সৃষ্টিত অৰিহণা যোগায়। ছালত নিহিত হৈ থকা ‘মেলানোছাইট’ নামৰ ৰং সৃষ্টি কৰা কোষবিধে আমাৰ ছালৰ স্বাভাৱিক ৰং উৎপাদন কৰে। এইবিধ পদাৰ্থৰ অভাৱত ছালৰ স্বাভাৱিক ৰং বিনষ্ট হয়।

শ্বেত কুষ্ঠৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি ঃ

শ্বেত কুষ্ঠ ৰোগ নিৰাময়ৰ বাবে ৰোগৰ আৰম্ভণিতে এই ৰোগৰ চিকিৎসা কৰা উচিত। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি ৰোগ সৃষ্টিকাৰী কাৰণসমূহ পৰিত্যাগ কৰা অৰ্থাৎ নিদান পৰিবৰ্জন কৰিবলৈ উপদেশ দিয়া হৈছে।

আয়ুৰ্বেদিক শাস্ত্ৰত ইয়াৰ চিকিৎসাৰূপে বিভিন্ন ধৰণৰ পঞ্চকৰ্ম চিকিৎসা যেনে—ৰক্তমোক্ষণ, বিৰেচন, বমন আদিৰ উল্লেখ আছে। তদুপৰি উপবাস, বিলেপি সেৱন, বিভিন্ন ধৰণৰ তেল যেনে—ভল্লাতক তৈল, জ্যোতিষ্মা তৈল, সোমৰাজি ঘৃত, পঞ্চতিক্ত ঘৃত, বাকুচি আদি লেপ, মন শিলাদি লেপ ইত্যাদি উল্লেখনীয়। তদুপৰি বিভিন্ন ধৰণৰ ঔষধি যেনে—বাকুচি, ত্রিফলা, ভূংগৰাজ, গক্ষুৰ আদিৰ উল্লেখ আছে।

মনত ৰাখিব এই ৰোগ সম্পূৰ্ণ নিৰাময় হয়। মনলৈ অহা দুশ্চিন্তা দূৰ কৰাৰ বাবে পুৱা আৰু গধূলি আধা ঘণ্টা ধ্যান অভ্যাস কৰক। এই ব্যৱস্থাৰ দ্বাৰা ৰোগীৰ মানসিক দুশ্চিন্তা কমি যাব আৰু কেটেকোলেমাইন নির্গত হোৱাত বাধা প্ৰদান কৰিব । তদুপৰি শৰীৰৰ ৰোগ প্ৰতিষেধক ক্ষমতা বঢ়াবলৈ বিভিন্ন যোগাভ্যাস যেনে— ভ্রমণ, প্রাণায়াম, শৱাসন, কপালভাতি, বিপৰীতকৰণী মুদ্ৰা ইত্যাদি কৰা উচিত।

শ্বেত কুষ্ঠ ৰোগীৰ বাবে পথ্য ঃ

শ্বেত কুষ্ঠ ৰোগীয়ে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগে। আমিষ খাদ্যৰ লগতে গুৰুপাকী, অধিক মছলাযুক্ত খাদ্য, টেঙাজাতীয় খাদ্য বর্জন কৰিব। নিচাজাতীয় খাদ্য পৰিহাৰ কৰিব। অতিমাত্রা মিঠা বস্তু, চাহ, কফি নাখাব। সেউজীয়া শাক-পাচলি, ঢেঁকীয়া শাক, পদিনা আদিয়ে ছালৰ স্বাভাৱিক ৰং অহাত সহায় কৰে। তদুপৰি এণ্টি অক্সিডেন্ট, বিটা-কেৰ’টিন, ফাইট’কেমিকেলসমৃদ্ধ খাদ্যই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই শ্বেত কুষ্ঠ ৰোগ আৰোগ্য হোৱাত সহায় কৰে। গতিকে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগতে আয়ুৰ্বেদত উল্লিখিত বিভিন্ন ধৰণৰ পঞ্চকর্ম চিকিৎসাৰ জৰিয়তে শ্বেত কুষ্ঠ ৰোগ নিৰাময় কৰা সম্ভৱ।

ডাঃ বিজিতা চুতীয়া
বি.এ. এম.এচ., এম.ডি.( আয়ুৰ)
আয়ুৰ্বেদিক বিশেষজ্ঞা