শুভ নৱবৰ্ষ ২০২৩ – সংযুক্তা দত্ত

PC - Dreamstime

শুভ নৱবৰ্ষ ২০২৩

 সংযুক্তা দত্ত,
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

বছৰৰ আৰম্ভণিত এটা শুভেচ্ছা নিজক দিব। এটা বছৰ আমি পোৱা মানে সেয়া হ’ল আমাৰ বাবে এক উপহাৰ। নতুন বছৰে আমাৰ বাবে নতুন নতুন আশাবোৰ লৈ আহে। ৰং বিৰংঙৰ সপোন দেখুৱাই। পিছৰ বছৰত কৰি অহা কামবোৰ আৰু ভালদৰে কৰিবলৈ মন যায়। বছৰৰ লগে লগে আমাৰ বয়স বোৰো বাঢ়ি যায়। ঠিক এনেদৰে যেনেদৰে ২৪ ঘণ্টা যোৱা মানে এদিন গুচি যায় । ৩০ দিন যোৱা মানে এটা মাহ গুচি যায় । ৩৬৫ দিন ১২মাহ ৫২ সপ্তাহ গুচি যোৱা মানে এটা বছৰ শেষ হোৱা । এনেদৰেই মানুহৰ বয়স আৰু বছৰ গুচি যায়। বছৰো নৰয় আৰু বয়সো। নতুনক আদৰাৰ হেপাঁহ সকলোৱে থাকে। এনেও আমাৰ নতুন শব্দটো শুনিলেই মনটো ভাল লাগি যায়। নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ । নিজে ভালে থাকক আৰু আনকো ভালে ৰাখক।