শিপা
বনজিত দাস
ৰিহাবাৰী , বজালী
শিপাত জিপাল
সেউজীয়া সপোনেৰে ভৰা নিৰ্জন বন
পাতে পাতে বতাহৰ স্পৰ্শ
মাটিৰ গোন্ধত জাগে অনুভৱৰ হৰ্ষ
শিপাই কয়
ভাঙি নপৰাকৈ জীয়াই থাক
প্ৰতিটো সেউজীয়া শ্বাসত
লুকাই থাকে জীৱনৰ অনুৰূপ ৰাগ
শিপা খান্দে
অভিলাসী ভবিষ্যতলৈ
অন্তৰ্নিহিত হৈ হেৰাই যায়
গছৰ ছাঁ
সেউজীয়া জীৱনৰ ইতিহাস
বাৰে বাৰে খান্দে নিজৰ কবৰ
নিজৰ হাতেৰেই ভাঙে
আশাৰ আপোন ঘৰ
তথাপিও শিপাই কয়
ধংসৰ মাজতেই জন্ম লয়
এটা নতুন অঙ্কুৰ ।
