শিক্ষানুষ্ঠানৰ নির্বাচনকেন্দ্ৰিক পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অচিৰেই গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা

শিক্ষানুষ্ঠানৰ নির্বাচনকেন্দ্ৰিক পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অচিৰেই গ্ৰহণ কৰিব বিশেষ ব্যৱস্থা

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নির্বাচনে শেহতীয়াকৈ সৃষ্টি কৰি আহিছে কিছু হিংসাত্মক পৰিৱেশ। এনে পৰিস্থিতিত শিক্ষানুষ্ঠানৰ নির্বাচনকেন্দ্ৰিক পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অচিৰেই গ্ৰহণ কৰিব এক বিশেষ ব্যৱস্থা।ইউটিউব চেনেলৰ জৰিয়তে প্রতি সপ্তাহতে চৰকাৰৰ বিশেষ বিষয়ক লৈ চিন্তা-চৰ্চা প্ৰকাশ কৰি অহা মুখ্যমন্ত্ৰীগৰাকীয়ে এইবাৰ শিক্ষানুষ্ঠানৰ, বিশেষকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। এইক্ষেত্ৰত শিক্ষানুষ্ঠানৰ নিৰ্বাচনী ব্যৱস্থা পুনৰীক্ষণ কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। তেওঁ কয়- বিগত সময়ছোৱাত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন প্ৰতিষ্ঠাৰ এক যুদ্ধ হিচাপে পৰিগণিত হৈ আহিছে। নিৰ্বাচনৰ পিছত একাংশ মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ত কিছু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে। মহাবিদ্যালয়ৰ নিৰ্বাচনত যি পৰিৱেশৰ সৃষ্টি হয়, তেনে পৰিৱেশ বিধানসভা আৰু লোকসভা নির্বাচনতো নহয়। শিক্ষানুষ্ঠানসমূহত গণতান্ত্রিক পৰিৱেশ নিশ্চয়কৈ থাকিব লাগে, নির্বাচনো হ’ব লাগে আৰু যুক্তিনিষ্ঠ বিতর্ক হ’ব লাগে। এক গণতান্ত্ৰিক পৰিৱেশৰ উমান ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানৰ পৰাই কৰিব লাগে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে, নির্বাচনে হিংসাৰ সৃষ্টি কৰিব, বিশৃংখলতাৰ সৃষ্টি কৰিব। কোনো মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ পিছত হোৱা হিংসাত্মক ঘটনাক আমি বিক্ষিপ্ত ঘটনা বুলি ক’ব পাৰোঁ। কিন্তু ইয়াৰ আঁৰত লুকাই আছে ৰাজনৈতিক পেটাৰ্ন। সেয়েহে সময় আহি পৰিছে নেকি যে শিক্ষানুষ্ঠানৰ নিৰ্বাচনী ব্যৱস্থাৰ পুনৰীক্ষণ হ’ব লাগে? ক’ৰবাত নহয় ক’ৰবাত আমি ব্যৱস্থাটো সলনি কৰোঁ বা নকৰোঁ, কিন্তু ইয়াৰ আলোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত উল্লেখ কৰে যে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ নিৰ্বাচনসমূহ পুনৰীক্ষণৰ প্রয়োজনীয়তাৰ দিশ পৰ্যালোচনা কৰিবলৈ শিক্ষা উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মা ইয়াৰ বাবে লিংডু কমিটীৰ প্ৰতিবেদন কঠোৰভাৱে অনুকৰণ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। তেওঁ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাসৰ নীতি-নিয়মসমূহ সংশোধনৰ দ্বাৰা কিছু কঠোৰ হোৱাৰ প্ৰয়োজনীয়তাৰ আছে বুলিও উল্লেখ কৰে।