“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম”ৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি “সাহিত্য উদ্দীপনা বঁটা – ২০২২” প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ

“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম”ৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি “সাহিত্য উদ্দীপনা বঁটা – ২০২২” প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম”ৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সমিতিৰ আলোচনা মর্মে “সাহিত্য উদ্দীপনা বঁটা – ২০২২” প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বঁটাৰ বাবে ইচ্ছুক লেখক লেখিকা সকলে তেখেত সকলৰ ২০১৮ চনৰ জানুৱাৰী মাহৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত প্ৰকাশিত কবিতাৰ গ্ৰন্থৰ তিনিটাকৈ কপি ডাকযোগে প্ৰেৰণ কৰিব লাগিব। গ্ৰন্থ প্ৰেৰণ কৰাৰ অন্তিম তাৰিখ ১০ জুলাই। এই বঁটাত এখন সম্বৰ্ধনা পত্ৰ, এটা স্মাৰক, গ্ৰন্থৰ টোপোলা আদি থাকিব। এই বঁটাৰ বাবে গ্ৰন্থ প্ৰেৰণ কৰা লেখক লেখিকা সকলৰ বাবে কোনো নিৰ্ধাৰিত বয়সৰ সীমা নাই। যিকোনো বয়সৰ লেখক লেখিকাই তেওঁলোকৰ প্ৰকাশিত গ্ৰন্থ প্ৰেৰণ কৰিব পাৰিব। শ্রেষ্ঠ তিনিখন গ্ৰন্থৰ লেখক/লেখিকাক নির্বাচন কৰি “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসমৰ দ্বিতীয় বৰ্ষপূর্তি অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব।ডাক যোগে গ্ৰন্থ প্ৰেৰণ কৰাৰ ঠিকনা হল দেবর্ষি গৌতম, গাঁও – বনগাঁও (নপাৰা চুবুৰী), ডাকঘৰ – বনগ্রাম (চ’ক), থানা- বেলশৰ, ডাক সূচাংক – ৭৮১৩০৩, জিলা – নলবাৰী, দুৰাভাষ – ৬৯১৩৯ ৩০৮২৯।অধিক তথ্যৰ বাবে উপৰোক্ত ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছে।