লোকসংগীত-নৃত্যৰে মুখৰ শিল্পগ্ৰাম মহোৎসৱ

লোকসংগীত-নৃত্যৰে মুখৰ শিল্পগ্ৰাম মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- বাৰেৰহনীয়া লোকসংগীত-নৃত্যৰ হৈছে শিল্পগ্ৰাম মহোৎসৱ-২০২২ ৰ সাংস্কৃতিক অনুষ্ঠান। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ(এন.ই.জেড.চি.চি.),ডিমাপুৰৰ উদ্যোগত ১৭-২০ জানুৱাৰীলৈ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্ৰাম চৌহদত অনুষ্ঠিত হৈছে । ৰাষ্ট্ৰীয় সাংস্কৃতিক মহোৎসৱটি এইবাৰ সম্পূৰ্ণ ক’ভিড-১৯ বিধি অনুসৰি ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত কৰা হৈছে, য’ত ক’ভিড-১৯ সম্পূৰ্ণ টীকা গ্ৰহণযুক্ত লোকশিল্পীয়ে অংশগ্ৰহণ কৰিছে। উত্তৰ পূবৰ অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা ৰাজ্যৰ লগতে ওড়িষা, মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগই লোককলা-কৌশলীয়ে ‌অংশগ্ৰহণ কৰা‌ মহোৎৱৰ প্ৰথম দিনা ‘ অনৈক্যৰ মাজত ঐক্য’ শীৰ্ষক এক নৃত্য পৰিৱেশিত হয়। ভাৰতৰ ৯ খন ৰাজ্যৰ লোক-নৃত্যৰ আধাৰত বিশিষ্ট নৃত্য পৰিচালক ড্ৰিমলী গগৈৰ পৰিচালনাত পৰিৱেশিত এই লোকনৃত্য সংগমৰ মননশীল নৃত্যানুষ্ঠান একেলগে মঞ্চত ১৩৫ গৰাকী লোকশিল্পীয়ে দেশৰ লোক পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰে। এন.ই.জেড.চি.চি. সঞ্চালক গৌৰি বাসু, যুটীয়া সঞ্চালক দি. ভাচুম, আৰু শিল্পগ্ৰাম বিষয়া ভি. ফেচাৱে বন্তি প্ৰজ্বলনেৰে এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানটি শুভাৰম্ভ হয়। ইফালে মহোৎসৱৰ দ্বিতীয় দিনা ভাৰত সৰ্বমুঠ নখন ৰাজ্যৰ ক্ৰমে অসমৰ বিহুনৃত্য, অৰুণাচল প্ৰদেশৰ নক্তে লোকনৃত্য, মেঘালয়ৰ ৱাংগালা নৃত্য, মিজোৰামৰ ছেইলাম নৃত্য, ত্ৰিপুৰাৰ হোজাগিৰি নৃত্য, নাগালেণ্ডৰ লোথা লোক নৃত্য, ওড়িশাৰ চম্বলপুৰী নৃত্য, মহাৰাষ্ট্ৰৰ লাৱনীনৃত্য আৰু পশ্চিম বংগৰ পুৰলিয়া চাও নৃত্য পৰিৱেশন কৰা হয়। সন্ধিয়া কন্ঠশিল্পী লাকী গগৈ সংগীতানুষ্ঠানে সকলোকে মোহাচন্ন কৰে। উল্লেখ যোগ্য যে, আজি তৃতীয় দিনাৰ মহোৎসৱ গুৱাহাটীৰ গন্ধৰ্ব কলাকেন্দ্ৰৰ শিল্পী সকলৰ দ্বাৰা এক সত্ৰীয়া, বৰগীত আৰু গুৰু বন্দনাৰ ধ্ৰুপদীনৃত্যৰ অনুষ্ঠান, লুইত কোঁৱৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা গুৰু ৰামকৃষ্ণ তালুকদাৰ নৃত্য ৰচনা আৰু পৰিচালনা সত্ৰীয়া নৃত্য, গুৰু বন্দনা আৰু বিষ্ণু কথা আৰু অসমৰ বিভিন্ন বাৰেৰহণীয়া নৃত্য পৰিৱেশন কৰে। ইফালে শেষত জনপ্ৰিয় কণ্ঠশিল্পী চুৰেখা ছেত্ৰী সংগীতানুষ্ঠানে আপ্লুত কৰে।