লক্ষ্ণৌৰ কোচিং চেণ্টাৰত জীৱন্তে অগ্নিদগ্ধ হৈ ১৫ শিক্ষার্থীৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে বিয়লি লক্ষ্ণৌৰ আলিগঞ্জ এলেকাস্থিত এটা অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই অগ্নিকাণ্ডত ১৫ শিক্ষার্থীৱে কৰুণ মৃত্যুক সাৱটি লৈছে। জানিব পৰা মতে, এটা এনিমেচন কোচিং চেণ্টাৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডৰ পিছত অট্টালিকাটো কলা ধোঁৱাই আৱৰি ধৰে। ইয়াৰ পাছতে কোচিং চেণ্টাৰটোত থকা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত হুলস্থুলৰ সৃষ্টি হয়। কোচিং চেন্টাৰটোত অধ্যয়নৰত বহুতো পঢ়ুৱৈয়ে নিজৰ প্ৰাণ বচাবলৈ দ্বিতীয় মহলাৰ পৰা তললৈ জঁপিয়ায়। আশংকা কৰা হৈছে কোচিং চেণ্টাৰটোৰ ভিতৰত অনেক লোক আবদ্ধ হৈ আছে। ঘটনাটোক লৈ অঞ্চলটোত হুৱাদুৱা লাগে। প্রত্যক্ষদর্শীয়ে জনোৱা মতে, কোচিং চেণ্টাৰটোত জুই জ্বলি উঠাৰ পিছতে নিজৰ প্রাণ বচাবলৈ বহু পঢ়ুৱৈয়ে তললৈ জাঁপ মাৰে। তেওঁলোকৰ ভিতৰত বহুতেই গুৰুতৰভাৱে আহত হয়। অগ্নিকাণ্ডৰ খবৰ পাই ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনী। আৰম্ভ হয় অগ্নি নিয়ন্ত্ৰণৰ প্রচেষ্টা। কিন্তু জুই দদপাই জ্বলি থকাত আৰু বহু ঠাই আগুৰি পেলোৱাত প্রাথমিকভাৱে জুই নুমুওৱাৰ ক্ষেত্ৰত সমস্যাত পৰে অগ্নিনির্বাপক বাহিনীৰ কৰ্মীসকল। এই ঘটনাত আহত লোকসকলক উদ্ধাৰ কৰি ওচৰৰ এখন চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। ইফালে, লক্ষ্ণৌৰ অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে আলিগড় ভ্ৰমণৰ মাজভাগত বাতিল কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আলিগড়ত থকা উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠানৰ সময়তে তেওঁ এই শোকাৱহ ঘটনাৰ বিষয়ে জানিব পাৰে। লগে লগে মুখ্যমন্ত্রী গৰাকী লক্ষ্ণৌলৈ ৰাওনা হয়৷ অগ্নিকাণ্ডৰ কাৰণ উদঘাটন কৰাৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। আনহাতে, এই ঘটনাত শোকপ্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। নিহত সকলৰ নিকট আত্মীয়লৈ ২ লাখ টকাৰ সাহায্য ঘোষণা কৰাৰ লগতে আঘাতপ্রাপ্তসকলক ৫০ হাজাৰ টকাকৈ সাহায্য দিয়া হ’ব বুলি জানিবলৈ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে।
