প্রবৃত্তিৰ লগে লগেই বন্ধ হ’ল কামাখ্যাধামৰ মূল দ্বাৰ

Pc Assam TV9

প্রবৃত্তিৰ লগে লগেই বন্ধ হ’ল কামাখ্যাধামৰ মূল দ্বাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   ভক্তপ্রাণ লোকৰ শংখধ্বনি, আয়তীৰ উৰুলিৰ মাজেৰে সোমবাৰৰ পৰা দেশৰ অন্যতম শক্তিপীঠ নীলাচল পাহাৰস্থিত কামাখ্যাধামত আৰম্ভ হ’ল অম্বুবাচীমহাযোগ। তান্ত্রিক সাধনা, শক্তিৰ উপাসনা আৰু আধ্যাত্মিকতাৰ মিলনেৰে ২২ জুনৰ পৰা অহা ২৬ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া দেৱী কামাখ্যাৰ ঐশ্বৰিক শক্তিসম্পন্ন এই অনুষ্ঠানত অংশ ল’বলৈ দেশ-বিদেশৰ পৰা বহুসংখ্যক সাধু-সন্ন্যাসী কামাখ্যাধামত উপস্থিত হৈছে। সোমবাৰে নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তিৰ লগে লগে বন্ধ কৰা হ’ল কামাখ্যাধামৰ মূল দুৱাৰ।  সমান্তৰালভাৱে গুৱাহাটী মহানগৰীও হৈ পৰিছে ভক্তপ্রাণ লোকৰ পদধূলাৰে উখল-মাখল। অকল শক্তি সাধনাই নহয়, অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিকতাৰ পৰিচয়ৰো গুৰুত্বপূৰ্ণ অংশ হৈছে অম্বুবাচী মহাযোগ। এই সময়ছোৱাত জনবিশ্বাস অনুসৰি ঋতুমতী হয় বসুমতী। অসমৰ নাৰী সমাজক প্রতিনিধিত্ব কৰা দেৱী কামাখ্যাও ঋতুমতী হয় আৰু এইবাবেই প্রচলিত পৰম্পৰাক প্রাধান্য দি তিনি দিনলৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে কামাখ্যা মন্দিৰৰ লগতে ৰাজ্যৰ সকলো মঠ-মন্দিৰৰ নিত্য-নৈমিত্তিক পূৰ্জা-অর্চনা। অম্বাবাচীৰ শক্তি সাধনাৰ অংশীদাৰ হ’বলৈ দেশৰ লগতে বিদেশৰ পৰাও আহিছে অসংখ্য ভক্তপ্রাণ। সাত্ত্বিক ফলাহাৰেৰে সম্পূৰ্ণ ব্রত পালন কৰি সাধুসকলে তান্ত্রিক শক্তি প্রাপ্তিৰ বাবে এইকেইদিন দেৱীক পূজা- অৰ্চনা কৰিব। এক অর্থত ক’বলৈ হ’লে হোমযজ্ঞ, আহুতিৰে এইকেইদিন সম্পূর্ণ পৱিত্ৰ হৈ পৰিব নীলাচলৰ বায়ুমণ্ডল। চৌদিশে দেৱী কামাখ্যাৰ নাম স্মৰণেৰে মহানগৰী গুৱাহাটীও হৈ পৰিব দ্বিতীয় বৈকুণ্ঠপুৰী। অকল সাধু- সন্ন্যাসীয়েই নহয়, দেৱীৰ এই মহাআয়োজনত অংশ ল’বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দলেবলে আহিছে সাধাৰণ লোক।  প্রশাসনক সম্পূর্ণ সহযোগ কৰি কোনো ধৰণৰ অসন্তুষ্টি নকৰাকৈ ৰাইজেও মা কামাখ্যাৰ নাম-জপ কৰি দিনৰ ভাগৰে পৰা যাত্ৰা আৰম্ভ কৰিছে। মাজে মাজে দুই-এজাক বৰষুণো আহিছে। কিন্তু দেৱী কামাখ্যা নামৰ শক্তিৰ মাহাত্ম্য উপলব্ধি কৰি ৰাইজে সকলো দুখ-বেজাৰ একাষৰীয়া কৰি থৈ কেৱল অম্বুবাচী ব্ৰতৰ অংশীদাৰ হ’বলৈ যাত্ৰা আৰম্ভ কৰিছে। অৱশ্যে যাত্ৰীসকলৰ সুবিধার্থে এইবাৰ কামাখ্যা দেৱালয়ৰ তৰফৰ পৰা মন্দিৰ চৌহদলৈ সমগ্র পথটোতে পাৰি দিয়া হৈছে সেউজীয়া কার্পেট। প্রচণ্ড ৰ’দত ৰাজপথ উত্তপ্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বহু যাত্ৰীয়ে খালী ভৰিৰে যাত্ৰা কৰাত অসুবিধাৰ সন্মুখীন হয়। গতিকে, যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এনে ব্যৱস্থা গ্রহণ কৰিছে দেৱালয় পৰিচালনা সমিতিয়ে। তদুপৰি সমগ্ৰ পথছোৱাত স্বচ্ছতা অটুট ৰাখিবলৈও গুৱাহাটী পৌৰ নিগমকে ধৰি বিভিন্ন বেচৰকাৰী সংস্থাই সম্ভৱপৰ সকলো প্ৰয়াস অব্যাহত ৰাখিছে। পাণ্ডু বন্দৰত আয়োজিত এক অনুষ্ঠানত অম্বুবাচী মহাযোগ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পর্যটন মন্ত্রী অজন্তা নেওগে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰয়াসক স্বীকাৰ কৰি পৰ্যটন মন্ত্রী নেওগে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবেই কামাখ্যাধামৰ অম্বুবাচী মেলাই সমগ্র দেশজুৰি ৰাইজৰ গুৰুত্ব লাভ কৰিছে। নীলাচল পাহাৰৰ কামাখ্যাধামক ভাৰতবৰ্ষৰ প্ৰাচীন ধর্মীয় স্থান বুলি উল্লেখ কৰি মন্ত্ৰী নেওগে কয় যে দেরী কামাখ্যাৰ এই উৎসৱৰ বাবে ভাবিব নোৱাৰাকৈয়ে ধর্মীয় পৰ্যটনৰ এক আধ্যাত্মিক পৰিৱেশ অসমত ৰচনা হৈছে।  এই আধ্যাত্মিক পৰিৱেশ সম্পূর্ণ শৃংখলাবদ্ধভাৱে হোৱাৰ কামনা কৰি মন্ত্ৰী নেওগে কয় যে অতিথি পৰায়ণতাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষতে অসমৰ সুনাম আছে। ইয়ালৈ অহা প্ৰতিগৰাকী ভক্ত-অতিথিক সেৱা প্ৰদান কৰাই আমাৰ উদ্দেশ্য। ইয়াৰ লগতে সু-শৃংখলিত ব্যৱস্থা সকলোৱে বৰ্তাই ৰাখিব লাগিব। বিগত ২০১৩ বৰ্ষৰ পৰা অম্বুবাচী মেলাত ভক্তৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে এইবাৰ ৮ লক্ষাধিক ভক্তৰ সমাগম হ’ব বুলি আশা কৰিছোঁ। ভক্তৰ আগমনে ৰাজ্যখন যে সকলো দিশতে আগুৱাই গৈছে ইয়াৰ  শুভ সংকেত প্ৰদান কৰিছে। কামাখ্যা দেৱীয়ে সমগ্ৰ ৰাজ্যবাসীক আশীর্বাদ প্রদান কৰিছে। সেইবাবেই অম্বুবাচী মহাযোগৰ এটা বিশেষ গুৰুত্ব আছে। মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে অম্বুবাচী পৰিচালনাৰ সৈতে জড়িত সকলো চৰকাৰী-বেচৰকাৰী সংস্থাক সম্পূৰ্ণ সু-শৃংখলিতভাবে অম্বুবাচী মহাযোগৰ বৃহৎ আয়োজনক আগুৱাই নিবলৈ আহ্বান জনায়। উল্লেখ্য যে অহা ২৫ জুনৰ মাজনিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব। অৱশ্যে নিশাই মন্দিৰ খোলা নহয়। ২৬ জুনৰ পুৱা নিত্য-নৈমিত্তিক  পূজা-অর্চনাৰ পিছতেই প্রায় ৯ বজাত ভক্তপ্রাণ লোকৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। অৱশ্যে ২৬ আৰু ২৭ জুনত কোনো ধৰণৰ বিশেষ ভিভিআইপি দৰ্শনৰ ব্যৱস্থা নাথাকে বুলিও দেৱালয় পৰিচালনা সমিতিয়ে সদৰী কৰিছে। ভক্তৰ সমাগম কমাৰ পিছতে পূৰ্বৰ দৰে ভিভিআইপি দৰ্শনৰ ব্যৱস্থা পুনৰ মুকলি কৰা হ’ব।