বন বিষয়া-কর্মচাৰীক কঠোৰ সকীয়নি প্ৰদান বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বন বিষয়া-কর্মচাৰীক কঠোৰ সকীয়নি প্ৰদান বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বন বিভাগৰ মন্ত্ৰী হিচাপে প্রথমখন পর্যালোচনা বৈঠকতেই জয়ন্তমল্ল বৰুৱাই দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীক দিলে কঠোৰ সকীয়নি- টকা দি ট্রেঞ্চফাৰ-পাষ্টিং নহ’ব। খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বান আৰু পৰিৱেশ বিভাগৰ বিষয়াসকলৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰৱাই সকলো বিষয়াকে একপ্ৰকাৰ সকীয়নি দি তেওঁলোকক সততা, স্বচ্ছতা আৰু কৰ্মদক্ষতাৰে বিভাগটো সুচাৰুৰূপে চলাই নিবলৈ আহ্বান জনায়। নিজৰ বক্তব্যত মন্ত্ৰীগৰাকীয়ে কয় যে বনাঞ্চলৰ ভূমি সুৰক্ষা আৰু চৰকাৰৰ বনাঞ্চলৰ বেদখল উচ্ছেদ অভিযান কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভাগটোৱে লোৱা ভূমিকাৰ বাবে ইতিমধ্যে স্বীকৃতি অর্জন কৰিছে। ইয়াৰ বিপৰীতে মন্ত্ৰীগৰাকীয়ে বক্তব্যত স্পষ্টভাৱে কয় যে বন বিভাগত চাকৰি ট্রেন্সফাৰ আৰু প’ষ্টিঙৰ ক্ষেত্ৰত কোনো কাৰণতে দুর্নীতি সহ্য কৰা নহ’ব। মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ মতে বন বিভাগত বিভিন্ন সংমণ্ডল তথা ভাল ঠাইত ট্রেন্সফাৰ আৰু প’ষ্টিঙৰ বাবে ২০ লাখ, ৩০ লাখ, ৫০ লাখ টকাপর্যন্ত দিয়াৰ অভিযোগ আছে। জয়ন্ত মল্লবৰুৱা বনমন্ত্রী হৈ থকালৈকে বন বিভাগত বদলি, নিযুক্তিৰ নামত এটকাও দুর্নীতি নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰ পৰা ট্রেন্সফাৰ-প’ষ্টিঙৰ নামত বন বিভাগত কোনো কাৰণত ধনৰ লেনদেন হ’ব নোৱাৰিব। ট্রেন্সফাৰ-প’ষ্টিঙৰ নামত টকা দিয়াৰ ছিষ্টেম আজিৰ পৰা খতম। টকা দি প’ষ্টিং ল’লে বিষয়াৰ ধ্বংস হ’ব কেৰিয়াৰ। বন বিষয়াক সন্মুখত ৰাখি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কয়- কোনোবাই বদলিৰ বাবে কাৰোবাৰ ওচৰলৈ গ’লে জীৱনত ভাল ঠাইলৈ বদলি নাপাব। তেওঁক বেয়া ঠাইলৈহে বদলি কৰা হ’ব। এই প্ৰসংগতে মন্ত্ৰীগৰাকীয়ে উক্ত বিষয়াগৰাকীৰ চাকৰিৰ বিৱৰণী বেয়া কৰিব বুলিও সকীয়াই দিয়ে। কোনোবাই মন্ত্ৰীৰ নাম লৈ বদলি, নিযুক্তিৰ কথা ক’লে তেওঁক ব্যক্তিগত হোৱাটছএপ নম্বৰত মেছেজ দিবলৈও আহ্বান জনায় জয়ন্ত মল্লবৰুৱাই। মন্ত্ৰী বৰুৱাই বদলিৰ নামত কোনো বিষয়া মন্ত্ৰীৰ ঘৰলৈ আহিলেই তেওঁৰ কেৰিয়াৰ খতম বুলিও সতর্কবাণী প্ৰদান কৰে। কেৱল চাকৰি ট্রেন্সফাৰ আৰু প’ষ্টিঙৰ ক্ষেত্ৰতে নহয়, মন্ত্রী জয়ন্ত মল্লবৰুৱাই বন বিভাগত চলি থকা আন কেতবোৰ অনিয়মৰ ক্ষেত্রতো বিষয়াসকলক জবাবদিহি কৰে। তেওঁ কয় যে তিনি বছৰ ধৰি কোনো বিষয়া এটা সংমণ্ডলত থাকিব নোৱাৰিব। আনহাতে এই বৈঠকত পকেট গৰম কৰি চৰকাৰৰ ৰাজহ ক্ষতি কৰা বিষয়াসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয়- টার্গেট ফিলআপ কৰাৰ নামত বিষয়াসকলে জধেমধে ব্যৱসায়ীৰ পৰা ফাইন কাটি ৰাজহ সংগ্ৰহত লাগি যায়। সেয়ে মানুহে চৰকাৰখনক গালি দিয়া আৰম্ভ কৰে। তেনেকুৱা ৰাজহ আমাক নালাগে।দিনজোৰা পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে বন বিভাগত ৰাজহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। তেওঁ কয় যে দক্ষ পৰিচালনা, স্বচ্ছতা আৰু উন্নত কার্যব্যৱস্থা গ্ৰহণৰ জৰিয়তে বিভাগটোৱে বর্তমানে আহৰণ কৰা ৰাজহতকৈ বহুগুণে অধিক ৰাজহ সংগ্ৰহ কৰিব পাৰে। মন্ত্ৰীগৰাকীয়ে বিষয়া-কৰ্মচাৰীসকলক য’তেই যি পদবীতে নাথাকক কিয়, সততাৰে কাম কৰিবলৈ, সেৱাৰ মনোভাবেৰে, বিনাসংকোচেৰে দুৰ্নীতিৰ খবৰ দিবলৈ আৰু সততা, দক্ষতা আৰু জনসেৱাৰ জৰিয়তে বন বিভাগৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়।