লকডাউন : লিখক – কুমুদ চন্দ্ৰ মেধি

লকডাউন
কুমুদ চন্দ্ৰ মেধি

মুনৰ মনটো হঠাৎ নি©xভ হৈ গ’ল। মনৰ আনন্দ নোহোৱা হৈ গ’ল যেতিয়া নন্দই ক’লে যে শুক্ৰবাৰে হেনো জনতা কাৰ্ফিউ হ’ব। কোনো ক’তো যাব নোৱাৰা অৱস্থা। ঘৰত সোমাই থাকিব লাগিব। মুনৰ মনত এইবাবে দুখ লাগিছে যে সি তাৰ নিজৰ ঘৰত যাব নোৱাৰিব। আজি তিনি বছৰে সি কিবা বেছি অসুবিধা নহ’লে প্ৰতি শুক্ৰবাৰে পিচবেলা তাৰ গাওঁৰ ঘৰলৈ যায় আৰু শনিবাৰে গধূলি টাউনলৈ ঘূৰি আহে নিজৰ কৰ্মস্থলীলৈ।
মুন দাসৰ ঘৰ বাইহাটা চাৰিআলিৰ ওচৰৰ এখন গাওঁত। গাওঁৰ হাইস্কুলত পঢ়ি কলেজিয়া শিক্ষাৰ বাবে চাৰিআলিলৈ আহিবলগীয়া হ’ল কিয়নো তাৰ গাওঁৰ ওচৰৰ কলেজ সেই×খনেই। তেউতাকৰ লগত খেতিৰ কাম কৰি পাঁচ কিলোমিটাৰ দূৰৰ কলেজলৈ চাইকেলেৰে অহা যোৱা কৰি হায়াৰ চেকেণ্ডাৰী পাচ কৰিলে যদিও ডিগ্ৰী পঢ়াৰ সোভাগ্য নহ’ল। দেউতাকৰ আকষ্মিক বিয়োগত সি দিশহাৰা হৈ পৰিল। ঘৰৰ একমাত্ৰ ল’ৰা হোৱা বাবে ঘৰখনৰ দায়ীত্ব মূৰ পাতি লবলৈ সক্ষম বাধ্য হ’ল। মুনৰ তলত দুজনী ভনী। সিঁহতক পঢ়েৱাৰ ব্যৱস্থা সি কৰিব লাগিব। অষ্টম আৰু দশম শ্ৰেণীত পঢ়ি থকা দুই ভনীয়েকক সি চাব লাগিব। মাকৰ নিসহায় মুখখন চাই সি আগলৈ নপঢ়াৰ সিদ্ধান্ত ল’লে। দুবছৰ মন দি খেতিকাৰ্য্যত লাগিল। ওচৰৰ দুই এজনে পঢ়াৰ পৰামৰ্শ দিছিল যদিও আৰ্থিক সহায়ৰ বাবে কিন্তু কোনো আগবাঢ়ি নাহিল। খেতিপথাৰৰ নদন বদন ধান দেখি মুনৰ মন ভৰি পৰিল। ঘৰৰ পিছফালে থকা পুখুৰীটোত মাছৰ পোনা আনি দিলে। মন প্ৰাণ দি কবি খেতিও কৰিলে। সৰু পৰিয়ালটো সুখেৰে চলাই নিব পৰা দেখি মুনে দেহৰ কষ্ট অনুভৱ নকৰিলে। গাওঁখনৰ সকলোৱে মুনক প্ৰশংসা কৰিলে। পঢ়াশুনা কৰিও নিজে স্বাৱলম্বী হোৱা বাবে আশীৰ্বাদ জনালে।
দুবছৰ ভালদৰে পাৰ হৈ গ’ল। ডাঙৰ ভনীয়েকক কলেজত নাম লিখি দিলে। অহা যোৱা কৰাৰ বাবে দেউতাকে দি যোৱা চাইকেলখন বিক্ৰী কৰি দি নতুন এখন ভনীয়েকক আনি দিলে। সুখ্যাতিৰে পাচ কৰি ভনীয়েকে গাওঁখনলৈ নাম কঢ়িয়াই অনা বাবে আনৰ লগতে মুনেও নেদেখাজনক ধন্যবাদ জনালে। গৌৰৱ অনুভৱ কৰিলে। যাহওঁক তাৰ কষ্টখিনি অথলে যোৱা নাই। সততা আৰু সাহস মূলধন হিচাপে লৈ সি নিজকে আগুৱাই লৈ গ’ল।
মনৰ উৎসাহ আৰু উদ্দীপনা মুনৰ শেষ হৈ গ’ল যেতিয়া মাজ নিশা বলিয়া বানে মথাউৰি ছিগি গাওঁখন প্লাৱিত কৰি পেলালে। ইমানদিনে গাওঁখন ৰক্ষা কৰি থকা মথাউৰিটো ভাঙি যোৱাত মানুহবোৰৰ আলাই আথানি নোহোৱা হ’ল। পানী শুকাই যোৱাৰ পিচত কোনোমতে ঘৰখন ঠান-ঠিত লগালে। ঘৰটো মেৰামতি কৰোঁতে ৰিছু পইচা খৰচ হ’ল।
সেইদিনা আছিল শনিবাৰ। ৰাতিপুৱা গাধুই গোসাঁই ঘৰত চাকি লগাই আহি মুনে দেখা পালে যে তাৰ স্কুলীয়া বন্ধু নন্দ ডেকা বাৰাণ্ডাত বহি আছে। বহু দিনৰ মূৰত লগ পাই দুয়ো বন্ধুৱে বহুতো কথা পাতিলে। দশম শ্ৰেণী উত্তীৰ্ণ হ’ব নোৱাৰি নন্দই পঢ়াৰ ফালে পিঠি দিলে। গাওঁত উৎপাদন হোৱা শাক-পাচলি নি চহৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিলে। তেনেকৈয়ে তাৰ ঘৰখন সুন্দৰকৈ চলি আছে। নন্দৰ লগত একেলগে পাচলিৰ ব্যৱসায়ত যোগ দিবলৈ মুনক পৰামৰ্শ দিলে। গোটেই কথাবোৰ জনাৰ পিচত মুনে মাকৰ মতামত বিচাৰিলে। মাকেও দুয়ো বন্ধুৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰিলে।
সেয়াই আৰম্ভণী। দুয়ো বন্ধুই লগ লাগি গুৱাহাটীত ঘাৰাঘৰ এটা লৈ থাকিব ল’লে। চাকৰিৰ আশা এৰি বেংকৰ ঋণ লৈ এখন অটোভেন কিনি ললে। প্ৰতি শুক্ৰবাৰে মুনে ওচৰৰ গাওঁবোৰৰ পৰা পাচলি কিনি গুৱাহাটীলৈ লৈ আহে। এনেদৰে সুন্দভৱে দুপয়ো বন্ধুৰ পৰিয়াল চলি আছে।
নন্দই বন্ধৰ কথাকোৱৰ লগে লগে মুনৰ চিন্তা লাগিল যোৱা এমাহমান আগৰ পৰা দুয়ো গম পাই আছে বাতৰি কাকত আৰু টিভিমাধ্যমত। পৃথিৱীৰ বিভিন্ন দেশত নতুন ভাইৰাছৰ আৱিৰ্ভাৱ হৈছে। বহু মানুহৰ মৃত্যু ঘটিছে। ক’ৰ’না ভাইৰছে ইতিমধ্যে মহামাৰী ৰূপ ধাৰন কৰিছে। গোটেই পৃথিৱী ক’ৰ’নাৰ ভয়ত ত্ৰস্তমান হৈ পৰিছে। এই খবৰবোৰ অৱশ্যে মুনহঁতেও অলপ অচৰপ গম পাই আছে। এই বেমাৰৰ কোনো দৰব হেনো আৱিস্কাৰ হোৱা নাই।
– কিন্তু নন্দ এটা কথা হ’ল নহয়। গাওঁৰ পৰা পাচলি আনিবতো যাব লাগিব। বৰিবাৰৰ বজাৰত বিক্ৰী কৰাৰ বাবে আমি শুক্ৰবাৰে পাচলিখিনি আনিব লাগিব। নহয় জানো· নন্দৰ উত্তৰৰ অপেক্ষাত মুখৰফালে চাই মুনে কথাখিনি ক’লে। নন্দইও এক মুহুৰ্ত্ত দেৰী নকৰিলে। মুনৰ খং উঠাবলৈ ক’লে।
– অ’ বুজিছো দে তোৰ কথা। ঘৰত সুবিধাটো হেৰোৱা চিন্তা লাগিছে। নহয় জানো· হ’বদে দুয়ো জনতা সান্ধ্য আইনৰ আগদিনা অৰ্থাৎ বৃহস্পতি বাৰে গাওঁলৈ যাম।
– মোক জোকাব নালাগে। তইতো যাম বুলি কলি দেখোন। ঠিক আছে সেয়াই হ’ব। ঘৰৰ বাবে দৰকাৰ হোৱা বস্তুবোৰ আজিয়ে বজাৰ কৰিম। আকৌ বা কি হয় তাৰ কোনো ঠিকনা নাই।
কথামতে কাম। দুয়ো গাওঁলৈ গৈ অটোভেন ভৰ্ত্তি কৰি শাক-পাচলি লৈ আহিল। গধূলি নিজৰ ৰূমত ভালদৰে ৰাখি থলে। ভাৰাঘৰৰ মালিকে ইমানবোৰ পাচলি কিয় আনিলি বুলি নন্দক সোধাত অহা এক সপ্তাহৰ ভিতৰত বিক্ৰী হৈ যাব বুলি জনালে।
– কিন্তু এটা কথা হ’ল নহয় বৰিবাৰৰ পৰা দেশত লকডাউন ঘোষণা কৰিছে নহয় চৰকাৰে। গতিকে বজাৰ সমাৰ দেখোন বন্ধ থাকিব। মানুহক ঘৰৰ বাহিৰত ওলাবলৈ মানা কৰিছে। গতিকে–
– দাদা, লকডাউন কি আকৌ· একো ভালদৰে বুজি পোৱা নাই। অলপ বুজাই কওকচোন। কথাৰ মাজতে মুনে প্ৰশ্ন কৰিলে।
চৰকাৰে ঘোষণা কৰা লকডাউনৰক নীতি-নিয়মৰ কথাবোৰ বুজি পোৱাৰ পিচত নন্দই মাত লগালে।
– অ’ মুন বুজি পালিনে কথাবোৰ। বেমাৰ বিয়পাৰ বাবে চৰকাৰে এই জনহিতকৰ ব্যৱস্থা কৰিছে। পিছে আমাৰ কি হ’ব এতিয়া। ইমানবোৰ পাচলি আনিলো। তিনি সপ্তাহলৈ বিক্ৰী নহলে নষ্ট হৈ নাজাব জানো·
– এৰা অ’ নন্দ। কি কৰা যায় এতিয়া বাৰু· পাচলিবোৰ নষ্ট হৈ গ’লে বহুত লোকচান হ’ব ভাই।
দুয়ো চিন্তাত কপালে মূৰে হাত দিয়া দেখা পাই মালিকে ক’লে– ইমান চিন্তা কৰিব নালাগে। ভালদৰে মুকলিকৈ আমাৰ ঘৰৰ ভিতৰতে থৈ দে এতিয়া। চাচোন পৰিৱেশ কেনেকুৱা হয়। মানুহে পাচলি খাব লাগিবই। লকডাউনৰ মাজত কিবা ব্যৱস্থা চৰকাৰেও নিশ্চয় কৰিব। যা এতিয়া শুই থাকগৈ।
প্ৰণৱ দাস [মালিক]ৰ কথাখিনি শুনি দুয়ো বন্দুই স্বস্তিৰ নিশ্বাস পেলাই মনে মনে ভগবানক স্মৰন কৰিলে।
লকডাউন আৰম্ভ হ’ল। ৰাস্তাত মানুহৰ চলন ফুৰন কমি গ’ল। অনাহকত ঘৰৰ পৰা বাহিৰ ওলাব চৰকাৰৰ তৰফৰ পৰা মানা কৰাৰ বাবে ৰাস্তাবোৰ জনশূণ্য হৈ পৰিল। যি দুই চাৰিজন ৰাস্তালৈ ওলাই গৈছিল কৰ্ত্তব্যৰত পুলিচে ওভতাই পঠিয়ালে। মুন আৰু নন্দ দুয়ো ঘৰতে আছিল। ই২৬া কৰি বিচনাত পৰি আছিল। অইন দিনাৰ দৰে ৰাতিপুৱা উঠি বজাৰলৈ যোৱাৰ দৰে সাজু হোৱা নাছিল। জীৱনত নেদেখা নুশুনা কথাবোৰ শুনি দুয়ো সেইবোৰকে আলোচনা কৰি আছিল। এনেতে মুনৰ মোবাইল ফোনটো বাজি উঠিল। ভনীয়েকৰ ফোন। লকডাউনৰ বাবে গুৱাহাটীত কি হৈছে সেই বিষয়ে জনাৰ কাৰণে ফোন কৰিছে। লগতে বজাৰলৈ যাবলৈ মানা কৰিলে। মুনেও ঘৰৰ সকলোকে ভালদৰে থাকিব কৈ ফোনটো ৰাখিব ক’লে।
এইবোৰ কথাকে নাভাবো বুলি ভাবিও মুনে নন্দৰ আগত একে প্ৰসঙ্গঁকে উলিয়ালে। বাধা দি নন্দই ক’লে– হ’বদে যি হয় হ’ব। চাহ কৰ দুয়ো খাওঁ। মুখখন ধুই আহ। ৰাতিপুৱা চাৰে আঠ বাজিল। মুনে ক’লে।
আপোনমনে দুয়ো বন্ধুৱে চাহ খাই উঠিছে এনেতে কোনোবা মানুহে মুনক নাম কাঢ়ি মতা শুনিনে। দৰ্জাখন খুলি দেখে যে বাহিৰত বহুকেইজন মানুহ। নন্দই উঠি গৈ সিহঁতক বিচৰাৰ কাৰণ কি সুধিলে। সি জানিব পাৰিলে যে মানুহবোৰে পাচলি বিচাৰি আহিছে।
বাহিৰত মানুহৰ জুম দেখি প্ৰণৱ দাস ওলাই আহিল আৰু এজন এজনকৈ আহি দূৰত্ব বজাই ৰাখি পাচলি ল’বলৈ ক’লে। ছাৰৰ কথা শুনাৰ পিচত নন্দ আৰু মুন বিক্ৰী কৰাৰ বাবে সাজু হ’ল। নন্দই তৰ্জু হাতত ল’লে আৰু মুনক পইচা লোৱাৰ দায়ীত্ব দিলে। মুনে দেখি আচৰিত হ’ল যে সকলো মানুহে দেখোন হাতে হাতে আজি মোনা লৈ আহিছে। তাতোকৈ বেছি আচৰিত হ’ল যেতিয়া মানুহবোৰে মোনাখন নন্দৰ হাতত দি অইন দিনা লোৱাতকৈ দুগুণ তিনিগুণ বস্তু লব বিচাৰিল। আনকি আজি কোনেও দৰদাম কৰিব বিচৰা নাই। নন্দই দগা-পাল্লা মুনৰ হাতলৈ ঠেলি দি তাক ওজন কৰিব কৈ নিজে ম’বাইল উলিয়াই কেলকুলেটৰ খুলি হিচাপ কৰি পইচা লবলৈ ধৰিলে। কোনোও একো নোকোৱাকৈ মাথো কিমান লাগে সেয়াহে জনালে আৰু মুনে জুখি দিব ধৰিলে। প্ৰত্যেকজনে তিনিশ টকাৰ ওপৰৰ পাচলি লৈ এজন এজনকৈ গুচি গ’ল। মানুহবোৰ যোৱাৰ পিচত দুয়ো পইচাৰ হিচাপ কৰিবলৈ ধৰিলে। পাচলিবোৰ বিক্ৰী হোৱাৰ বাবে দুয়ো স্বস্তিৰ নিশ্বাস পেলালে। বিক্ৰী নহ’লে পাচলিবোৰ নষ্ট হোৱাৰ দুঃচিন্তাৰ পৰাও মুক্ত হ’ল। প্ৰণৱ দাসৰ ঘৰত গৈ নন্দই পাচলি দি আহি দুয়ো পইচাবোৰ উলিয়াৰ বহি ললে। মুনে নন্দৰ পকেটৰ পৰা উলিয়াই বিচনাত থোৱা টকাবোৰ দেখি একপ্ৰকাৰ আচৰিত হ’ল আৰু ৰব নোৱাৰি সুধি পেলালে।
– নন্দ আজি দেখো বহুত টকা। ইমান বিক্ৰী হ’লনে বাৰু·
– এৰা ময়ো সুবিধাতো ললো।
– মানে·
মানে আৰু কি। অইন দিনা পাচলি কিনিব অহা মানুহবোৰে কোনো বস্তুৰেই দাম সুধিব খোজা নাই। মাথো অমুক দুই কিলো তমুক তিনি কিলো লাগে বুলি কৈ আছে। সেই সুযোগতে মই দুগুণ দাম ধৰিলো।
কোনো কথা কোৱাৰ পৰা মানা কৰি মুনে বিৰক্ত ভাবেৰে খং কৰি নন্দক ধমক দি ক’লে–
মনে মনে থাক। ইমান দিনে সততাৰে তোৰ লগত ব্যৱসায় কৰি আছো। লকডাউনৰ বাবে মানুহৰ অসুবিধা হোৱা তই নিশ্চই বুজি পাইছ। বস্তু নাপাব বুলি ভাবি অলপ বেছিকৈ লৈছে। অথচ তই……ছিঃ। বেয়া পালো তোক।
কথাখিনি কৈ মুন ভিতৰলৈ সোমাই গ’ল। অন্তৰাত্মাৰ দংশনত সি ইফাল সিফাল কৰি বিচনাখনত বহি থাকিল। নন্দলৈ কেৰাহীকৈ চালে। নন্দৰ প্ৰাতি তাৰ খং মাৰ যোৱা নাই। নিজকে শান্ত কৰাৰ বাবে কিছুসময় নিৰৱে বহি থকাৰ কথা ভাবিলে।
ঃঃ–ঃঃ