যোৱা ২৪ ঘন্টাত ভাৰতত পুনৰ ৪১,৩৮৩জন কোৰোনাত আক্ৰান্ত – স্বাস্থ্য মন্ত্ৰণালয়

pc-indiatvnews

অনলাইন বাৰ্ত্তাসেৱা-  ভাৰতত পুনৰ ৪১৩৮৩জন কোৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে এই কেইজন লোক।এই সময়চোৱাত দেশত ৩৮৬৫২জন লোক সুস্থ হোৱাৰ বিপৰীতে কোৰোনাত মৃত্যু ৫০৭জনৰ।স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩১২৫৭৭২০জনলৈ পাইছে বৃদ্ধি।ইফালে, আৰোগ্যৰ সংখ্যা ৩০৪২৯৩৩৯জনলৈ পাইছে বৃদ্ধি।আনহাতে, এতিয়াও কোৰোনাত আক্ৰান্ত হৈ ভাৰতত চিকিৎসাধীন হৈ আছে ৪০৯৩৯৪জন ৰোগী।