মৰ্মবেদনা – এছ ইছলাম

PC - Pixabay
অণুগল্পঃ
মৰ্মবেদনা
     এছ ইছলাম, বৰপেটা
যতীন মালি অষ্টম শ্রেণীৰ ছাত্র। প্ৰাইভেট বিদ্যালয়ত পঢ়ে। দেউতাক টিউটৰ।স্কুলৰ পৰা আহি পুতেকক ক’লে,– “যতীন, অলপ বজাৰ কৰি লৈ আহা বোপা। — নাই নাই, মই বজাৰ কৰিব নোৱাৰোঁ।”এই বুলি কৈ চাইকেল খন লৈ পকী ৰাস্তাত পাক এটা মাৰোঁতেই নিজে নিজেই এক্সিডেন্ট হৈ হাত-ভৰি ভাঙি বিচনাত পৰি থাকিল।