কলা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা সংকল্পজিৎ শইকীয়াক লৈ উৎফুল্লিত “সাহিত্য সংবাদ” গোটৰ সাহিত্যিক সকল

কলা শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰা সংকল্পজিৎ শইকীয়াক লৈ উৎফুল্লিত “সাহিত্য সংবাদ” গোটৰ সাহিত্যিক সকল

মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা- পাঠ্যপুথিৰ বাহিৰেও বহিৰা কিতাপ, আলোচনী আৰু বাতৰিকাকতৰ নিয়মীয়া পঢ়ুৱৈ সাহিত্য সংবাদ গোটৰ সদস্য সংকল্পজিৎ শইকীয়া। মঙ্গলবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা সাহিত্য সংবাদ গোটৰ সন্মানীয় সদস্য সংকল্পজিৎ শইকীয়াই অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰাত গোটেই অসম বাসীৰ লগতে সাহিত্য সংবাদ গোটৰ প্ৰতিজন সাহিত্য ক্ষেত্ৰত জড়িত লোকে গৌৰৱ বোধ কৰিছে। প্রথম স্থানপ্রাপ্ত সংকল্পজিৎ শইকীয়া কামপুৰ চাংচকী অঞ্চলৰ নগাঁও সমবায় চেনিকলৰ প্ৰাক্তন কৰ্মচাৰী প্ৰাণজিৎ শ‍ইকীয়া আৰু শিক্ষয়িত্ৰী বৰ্ণালী মজুমদাৰ শইকীয়াৰ একমাত্ৰ পুত্ৰ । কৃতী ছাত্ৰগৰাকীয়ে ইংৰাজীত ৯২ , অসমীয়াত ১০০ , ৰাজনীতি বিজ্ঞানত ৯৯ , শিক্ষা বিজ্ঞানত ১০০ , ভূগোলত ৯৯ আৰু অৰ্থনীতি বিজ্ঞানত ৯৪ নম্বৰেৰে অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় । সাহিত্য চৰ্চা কৰি ভাল পোৱা সংকল্পজিতে অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰতিভা বিকাশমূলক প্রতিযোগিতাসমূহত অংশগ্ৰহণ কৰি নিজৰ কৃতিত্বৰ পৰিচয় দি আহিছিল । ভৱিষ্যতে এজন প্রশাসনিক বিষয়া হোৱাৰ সপোন মনতে পুহি ৰখা সংকল্পজিতে নগাঁও মহাবিদ্যালয়ত নামভৰ্তি কৰিব বুলি জানিবলৈ দিয়ে । চাংচকী শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ সংকল্পজিতে মেট্রিকতো স্থান লাভ কৰাৰ আশাৰে অধ্যয়ন কৰিছিল যদিও ক’ভিডজনিত কাৰণত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল । আজি এই ফলাফল ঘোষণা হোৱাৰ পিছতে সাহিত্য সংবাদ গোটত ব্যাপক ইতিবাচক চৰ্চা কৰে ক্ৰমে সাহিত্য সংবাদ গোটৰ মুখ্য প্ৰশাসক লেখক,কবি আৰু অভিনেতা কাজি শ্বাহাদত ইছলাম, সাহিত্য সংবাদ গোটৰ প্ৰশাসক কবি তথা লেখক এহিয়া আহমেদ, সাহিত্যিক ভাস্কৰজ্যোতি কুটুম্বৰ লগতে বহুতো সাহিত্য ক্ষেত্ৰৰ সৈতে জড়িত লোক সকলে।