বিশ্বাস ভৰা এখনি আকাশ – যমুনা দুলু বৈশ্য

PC treehugger
বিশ্বাস ভৰা এখনি আকাশ
যমুনা দুলু বৈশ্য, শুৱালকুছি
অবুজ মনটো
মৰমৰ গভীৰতাত সাঁতুৰি
ধুমুহা ,প্লাৱন বুকু জুৰি বৈ যায়
উটুৱাই মনৰ উছন ভেটি  ।
হৃদয়ত উদ্ভাসিত হোৱা
অনুভৱনা বোৰে
আল্পনাৰে আঁকে এখনি আকাশ
সময় যে নেথাকে ৰয়
ঘোঁৰা চেঁকুৰা দি যায় আগুৱাই ।
মৰমৰ দীঘেৰে
চেনেহৰ বাণীৰে
আপোনজনক পাবলৈ
এৰাব নোৱাৰা সম্পৰ্কেৰে গাথে
হেঁপাহৰ মিলন বান্ধোন
তাতে বিচাৰি পায়
ভালপোৱাৰে মাদকতা ।
মৰম আকুলতাৰ
ইজনে-সিজনক অন্তঃ আলাপৰ
আনন্দৰ চকুলো নিগৰে
কুৰুকি ,কুৰুকি
ভাৱ প্ৰকাশৰ ছবি ।