মৈৰাবাৰীত বাটৰ কবিতা জানুৱাৰী মাহৰ কাব্য সংকলন উন্মোচন

মৈৰাবাৰীত বাটৰ কবিতা জানুৱাৰী মাহৰ কাব্য সংকলন উন্মোচন

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ‘খাইৰ প্ৰকাশন’ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান ‘বাটৰ কবিতা’ ১০ ফেব্ৰুৱাৰীৰ বিয়লি অতি গাম্ভীৰ্যপূৰ্ণ ৰূপত মৈৰাবাৰী কলেজ ৰোডত ‘খাইৰ প্ৰকাশন’ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হৈ যায়। ব্যতিক্ৰমী কাব্যানুষ্ঠানটি সঞ্চালনা কৰে জেষ্ঠ সাংবাদিক, কবি বদৰুজ জামান আকতাৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে ‘বাটৰ কবিতা’ৰ সমন্বয়ক তথা ‘খাইৰ প্ৰকাশন’ৰ স্বত্বাধিকাৰী কবি খাইৰুল ইছলামে। কাব্যানুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে মোফাচ্ছেল আহমেদ, ইয়াচমিন আৰা বেগম, মুহাম্মাদ আফজাল, খাইৰুল ইছলাম, আতিক আহমেদ, খালিদ মহম্মদ জাকাৰীয়া হুছেইন আৰু সঞ্চালক বদৰুজ জামান আকতাৰে। অনুষ্ঠানত গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে জিন্নাতুল ইছলাম আৰু আশ্ৰাফুল হকে, লগতে কবিতা আবৃত্তি কৰে স্কুলীয়া বিদ্যাৰ্থী মুহাম্মাদ ফাহিমে। অনুষ্ঠানত পঠিত কবিতাসমূহৰ নিৰ্মোহ পৰ্যালোচনা আগবঢ়ায় যুৱ কবি, লেখক মুহাম্মাদ আফজালে। উল্লেখ্য যে আজিৰ কাব্যানুষ্ঠানত খাইৰ প্ৰকাশনৰ উদ্যোগত কবি খাইৰুল ইছলাম আৰু মুহাম্মাদ আফজালৰ সম্পাদনাৰে ২০২২ বৰ্ষৰ ১০ জানুৱাৰীত পঠিত কবিতাসমূহৰ এক সংকলন প্ৰকাশ পায়। ‘বাটৰ কবিতা’ (জানুৱাৰী সংখ্যা) নামেৰে প্ৰকাশিত সংকলনটি শুভ উন্মোচন কৰে কবি বদৰুজ জামান আকতাৰ প্ৰমুখ্যে উপস্থিত বাটৰ কবিসকলে। তৰুণ কবিৰ প্ৰতিভা বিকাশৰ উৎকৃষ্ট ক্ষেত্ৰ এই মাহেকীয়া কাব্যানুষ্ঠানটিত অংশগ্ৰহণ কৰিব বিচৰা আগ্ৰহী কবিসকলে অনুষ্ঠানটিৰ যুটীয়া সমন্বয়ক ক্ৰমে খাইৰুল ইছলামক ৮৪৮৬২-৮৯৪৫৪ আৰু মুহাম্মাদ আফজালক ৯৫০৮১-৫৩৮০২ ফোন নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা খাইৰ প্ৰকাশনে আহ্বান জনাইছে।