মুক্ৰ কাণ্ডত নিহত বনকৰ্মী বিদ্যাছিং লেকথেৰ বাসগৃহত মন্ত্ৰী যোগেন মোহন

Pc Facebook

মুক্ৰ কাণ্ডত নিহত বনকৰ্মী বিদ্যাছিং লেকথেৰ বাসগৃহত মন্ত্ৰী যোগেন মোহন

ৰঙিলী বাৰ্ত্তাসেৱা- মেঘালয় মুক্ৰ কাণ্ডক লৈ বৰ্তমান অশান্ত হৈ আছে দুয়োখন ৰাজ্য। এই ঘটনা সংঘটিত হোৱা আজি ষষ্ঠটো দিন আৰু বৰ্তমানলৈ অসমৰ পৰা মেঘালয়লৈ বাহনৰ চলাচল বন্ধ ৰখা হৈছে। এই ঘটনাত অসমৰ এজন বনকৰ্মী নিহত হোৱাৰ লগতে মেঘালয়ৰ পাঁচজন লোক নিহত হৈছিল। মুক্ৰ কাণ্ডত নিহত অসমৰ বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হয়। শনিবাৰে নিশা লেকথেৰ ঘৰত উপস্থিত হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুক্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি বিদ্যাছিং লেকথেক বীৰ বুলি ঘোষণা কৰে। লগতে তেখেতে দোষীৰ কঠোৰ শাস্তিৰ পোষকতা কৰে। ইয়াৰোপৰি তেওঁ চৰকাৰক এই ঘটনাৰ চিবিআই তদন্তৰো দাবী জনায়। উল্লেখ্য যে, মন্ত্ৰী যোগেন মোহনেও লেকথেৰ পৰিয়ালক সাক্ষাৎ কৰি বনকৰ্মীজনৰ পৰিয়ালক সংস্থাপন দিয়াৰ আশ্বাস দিয়ে। লগতে তেওঁ কয় যে, সীমা সমস্যাৰ বাবে এই ঘটনা ঘটা নাই। এৰা–ধৰা মাজেৰে সীমা সমস্যা সমাধান হ’ব বুলিও তেওঁ কয়। ইয়াৰোপৰি, মন্ত্ৰী যোগেন মোহনে ঘটনাত আহত ফৰেষ্ট গাৰ্ড অভিমুন্য দাসক ১ লাখ টকাৰ সাহায্য ঘোষণা কৰে। আনহাতে, বন বিভাগৰ পৰা লেকথেৰ পৰিয়ালক ৪ লাখ টকা দিয়া হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। মুক্ৰ’ত লেকথেৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে লেকথেৰ নামেৰে মুক্ৰ’ বন শিবিৰ নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে মন্ত্ৰীজনে।