মিছন বসুন্ধৰাত আবেদন কৰা সকলো  আবেদন ১০ মে’ৰ ভিতৰত চৰকাৰে নিষ্পত্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

Pc Assam career.com

মিছন বসুন্ধৰাত আবেদন কৰা সকলো  আবেদন ১০ মে’ৰ ভিতৰত চৰকাৰে নিষ্পত্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ ৰাজহ বিভাগে যোৱা ২ অক্টোবৰৰ চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ নামজাৰিকে ধৰি যিকোনো ভূমি সম্পৰ্কীয় সেৱা জনসাধাৰণক দিয়াৰ লক্ষ্যৰে মিছন বসুন্ধৰা অভিলাষী আঁচনিখন আৰম্ভ কৰে।৩০ নৱেম্বৰলৈ আবেদন গ্ৰহণৰ অন্তিম দিন ধার্য কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত ৰাজহ বিভাগে অনলাইনযোগে আবেদনৰ সময়সীমা ৭ ডিচেম্বৰৰ মাজনিশা ১২ বজা পর্যন্ত বৃদ্ধি কৰি দিয়ে। সেই অনুসৰি কালি মাজনিশা আবেদন কৰাৰ বৰ্ধিত সময়ৰ অন্ত পৰে। মিছন বসুন্ধৰাত এতিয়ালৈ ৭,৯১,৪৪৩খন আবেদন আহিছে। ইয়াৰে ৪৭,৪৭৫খন আবেদন ইতিমধ্যে নিষ্পত্তি হৈছে। অহা বছৰৰ ১০ মে’ৰ ভিতৰত চৰকাৰে সকলো আবেদন নিষ্পত্তি কৰাৰ লক্ষ্য স্থিৰ কৰিছে।