মা অন্নপূৰ্ণা মূৰ্তি উত্তৰ প্ৰদেশ মন্দিৰত পুনৰ স্থাপন

Pc- news 18

মা অন্নপূৰ্ণা মূৰ্তি উত্তৰ প্ৰদেশ মন্দিৰত পুনৰ স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা- ১০০ বছৰ আগতে চুৰি কৰা মা অন্নপূৰ্ণা মূৰ্তি পুনৰ উত্তৰ প্ৰদেশ মন্দিৰত স্থাপন কৰা হ’ব।প্ৰায় ১০০ বছৰ পূৰ্বে বাৰাণসীৰ পৰা চুৰি হোৱা মা অন্নপূৰ্ণাৰ এটা অষ্টাদশ শতিকাৰ মূৰ্তি ১৫ নৱেম্বৰত কাশী বিশ্বনাথ মন্দিৰত স্থাপন কৰা হ’ব। মূৰ্তিটো শেহতীয়াকৈ কানাডাৰ পৰা উদ্ধাৰ কৰা হৈছিল। কেন্দ্ৰই বৃহস্পতিবাৰে মূৰ্তিটো উত্তৰ প্ৰদেশ চৰকাৰক হস্তান্তৰ কৰিব বুলি জানিব পৰা গৈছে। ৰাজ্য চৰকাৰে দিল্লীৰ পৰা চাৰিদিনীয়া যাত্ৰা উলিয়াব।