এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ

এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুত্বৰ অভিযোগ৷ঘটনাই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷এপিডিচিএলত চাকৰি দিয়াৰ প্ৰলোভনৰে নগাঁৱৰ হীৰুমণি শইকীয়া নামৰ এজন যুৱকৰ পৰা বৃক্ক আদায় কৰিছিল এপিডিচিএলৰ মুখ্য মহা প্ৰৱন্ধক কৰবী বৰা ডেকাই৷ঘটনা অনুসৰি,কৰবী বৰা ডেকাৰ চাকৰি দিয়াৰ প্ৰলোভনত বিগত ৩১ ডিচেম্বৰত গুৱাহাটীৰ এপ’ল’ হাস্পতালত বৃক্কদান কৰিছিল হীৰুমণিয়ে।বৃক্কদান কৰাৰ পাছৰে পৰাই হীৰুমণিৰ লগত কৰবী বৰা ডেকাই কোনো যোগাযোগ কৰা নাই৷তাৰপাছতেই কৰবী বৰা আৰু তেওঁৰ স্বামী দীক্তাক বৰাৰ বিৰুদ্ধে হীৰুমণিয়ে এই অভিযোগ উত্থাপন কৰিছে৷