মানৱতা
বাহাৰুল ইছলাম
ধৰ্ম ধৰ্ম আৰু ধৰ্ম
নকৰিবা কদাপি গৰ্ব।
থাকে যদি মানৱতা
জাগি উঠে শালীনতা ।
মানুহ মানুহৰ বাবে
যদিহে অলপ ভাবে
ক্ষণস্থায়ী জীৱন-যৌৱন
কৰিবই লাগিব গমন।
নাছিলোঁ এদিন
আছোনো কেইদিন?
ৰৈ আছে কৰ্ম কত
সময় যে অবিৰত।
আপোনত্ব লোৱা কৰি
তেহে ৰ’ব মন ভৰি
একে দেহা একে তেজ
লয় মাথোঁ ভিন্ন বেশ।
