মহীয়ান
ধ্ৰুৱজ্যোতি বৰা
টটয়া গাঁও, মাজুলী
তুমি কথা,
তুমি সুৰ,
তুমি গীত,
তুমি সংগীত…
তুমি যাযাবৰ,
তুমি সুধাকণ্ঠ,
তুমি অসম ৰত্ন।
কি উপমাৰে চিনাকি দিম তোমাক?
আকিবলৈ নাই কোনো শব্দালংকাৰ।
এন্ধাৰৰ ভেঁটা ভাঙি তুমিয়েই বোৱাব পাৰিছিলা পোহৰৰ ধাৰ,
অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তুমিয়েই তো সাৰ।
লুইতৰ দুয়োপাৰ জিলিকাই তুমি
অসমী আইৰ এমুঠি জোনাক।
তোমাৰ শব্দত জীৱন্ত জাতি-জনজাতিৰ মহামিলনৰ গাথা,
তোমাৰ আহ্বানতে
পাহাৰ-ভৈয়াম একতাৰ সূতাৰে বান্ধি,
হৃদয়ে হৃদয়ে বোৱাব পাৰা প্ৰশান্তিৰ এমুঠি লহৰ।
তোমাৰ যাযাবৰী যাত্ৰা লুইতৰ পৰা গংগালৈ, ভল্গাৰ পৰা মিছিছিপিলৈ—
সুৰেৰে গানেৰে সাত সাগৰ সাঁতুৰি-নাদুৰি,
সমন্বয়ৰ ডোলেৰে বান্ধি নানা জাতি-উপজাতি
তুমি উৰুৱালা চহৰে-নগৰে, দেশে-বিদেশে অসমীয়াৰ স্বাভিমানৰ নিচান।
তোমাৰ গানত আহিছিল বহাগ,
তোমাৰ গানত সৰিছিল শৰতৰ শেৱালি,
তোমাৰ গানতেই নামিছিল ফাগুন,
তোমাৰ গানতেই সৰিছিল নিয়ৰ।
তুমি কৈ ফুৰিছিলা গীতৰ সুৰেৰে—
পৃথিৱী তোমাৰ ঘৰ,
পৃথিৱী তোমাৰ প্ৰেম।
তুমি গানত একাকাৰ হৈ পৰিছিল
আমাৰ দুখবোৰ,
যি দুখ তুমি সাৱটি ৰাখিলা ওৰে জীৱন।
শব্দৰ মায়াৰে,
সুৰৰ ফেহুজালি মেলি তুমি লুকুৱাই ৰাখিলা চকুপানীবোৰ।
তুমি গাই গ’লা মানুহক জগোৱা গান—
“আমি অসমীয়া নহওঁ দুখীয়া।”
তুমি কৈ গ’লা—
“মোৰ গান হ’ওক বহু আস্থাহীনতাৰ বিপৰীতে
এক গভীৰ আস্থাৰ গান।”
জাতিৰ সত্তাক জগাই তুমি গ’লা
জীৱন জিনাৰ গান।
জাতিৰ সত্তাক জগাই তুমি গ’লা
জীৱন জিনাৰ গান।
