মহিলা কৰ্মচাৰীয়ে ল’বলগীয়া সতৰ্কতা – শংকৰ দেৱ

Pc Hindustan Times

মহিলা কৰ্মচাৰীয়ে ল’বলগীয়া সতৰ্কতা – (এক আলোকপাত)

শংকৰ দেৱ, দেৰগাঁও

বৰ্তমান সময়ত ভাৰতৰ প্ৰতিটো বিভাগৰ কৰ্মক্ষেত্ৰত মহিলা কৰ্মচাৰীৰ অংশগ্ৰহণ লক্ষণীয়ভাৱে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। বিভিন্ন সমীক্ষা অনুযায়ী, যদিও দেশখনত লক্ষ লক্ষ মহিলা চৰকাৰী আৰু বেচৰকাৰী খণ্ডত কৰ্মৰত হৈ অৰ্থনীতি আৰু সমাজ গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কিন্তু বৰ পৰিতাপৰ বিষয় যে আজিও এই কৰ্মক্ষেত্ৰ সমূহত তেওঁলোকৰ সুৰক্ষা, বৈষম্য আৰু মানসিক চাপৰ দৰে সমস্যা এতিয়াও বিদ্যমান হৈ আছে। এনে পৰিস্থিতিত মহিলা কৰ্মচাৰীয়ে কিছুমান গুৰুত্বপূৰ্ণ সতৰ্কতা অৱলম্বন কৰাটো অতিকৈ প্ৰয়োজনীয়।

প্ৰথমতে, নিজৰ আইনী অধিকাৰ সম্পৰ্কে সচেতন থকাটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাৰতত কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষাৰ বাবে “The Sexual Harassment of Women at Workplace (Prevention, Prohibition and Redressal) Act, 2013” প্ৰযোজ্য আছে। এই আইনৰ অধীনত প্ৰতিটো প্ৰতিষ্ঠানত Internal Complaints Committee (ICC) গঠন কৰা বাধ্যতামূলক। মহিলাসকলে যদি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তেন্তে এই কমিটীৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিব পাৰে।

দ্বিতীয়তে, কৰ্মক্ষেত্ৰত পেছাগত আচৰণ বজাই ৰখা উচিত। অধ্যয়ন অনুসৰি , শালীন আৰু পেছাগত আচৰণে কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি কৰে আৰু বিবাদ কমায়। সহকৰ্মীসকলৰ সৈতে সীমা বজাই ৰখা আৰু অপ্রয়োজনীয় ব্যক্তিগত যোগাযোগ পৰিহাৰ কৰাটো বাঞ্ছনীয়।

তৃতীয়তে, যাতায়াতৰ ক্ষেত্ৰত মহিলা কৰ্মচাৰীৰ সুৰক্ষা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ নগৰ অঞ্চলত হোৱা কিছুমান ঘটনাৰ তথ্য অনুযায়ী নিশা পলমকৈ নিজ গৃহলৈ ওভতি যোৱা সময়ত সতৰ্কতা নোলোৱাত বিপদৰ সম্ভাৱনা বৃদ্ধি পায়। সেয়ে বিশ্বাসযোগ্য যানবাহন ব্যৱহাৰ কৰা, যাতায়ত ব্যৱস্থাৰ বিষয়ে পৰিয়ালক শ্বেয়াৰ কৰা আৰু emergency contact সদায় সজাগ কৰি ৰখাটো উচিত।

চতুৰ্থতে, ব্যক্তিগত তথ্য সুৰক্ষিত ৰখাটোও অত্যন্ত প্ৰয়োজনীয়। বৰ্তমান ডিজিটেল যুগত ছচিয়েল মিডিয়াৰ অপব্যৱহাৰৰ ঘটনা বৃদ্ধি পাইছে। সেইয়ে নিজৰ ব্যক্তিগত তথ্য, ফটো বা location সকলোৰে সৈতে শ্বেয়াৰ নকৰাটো সুৰক্ষাৰ দিশত সহায়ক।

পঞ্চমতে, কৰ্মক্ষেত্ৰত মানসিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটোও এক গুৰুত্বপূৰ্ণ দিশ। WHO-ৰ তথ্য অনুসৰি, কৰ্মসংক্রান্ত মানসিক চাপ বহুতো কৰ্মচাৰীৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সেইয়ে সময়মতে বিশ্ৰাম লোৱা, যোগ-ব্যায়াম কৰা আৰু প্ৰয়োজন হ’লে কাউন্সেলিং লোৱাটো লাভজনক।

ষষ্ঠতে, যিকোনো ধৰণৰ অন্যায় বা হয়ৰানি সহ্য নকৰি তৎক্ষণাৎ প্ৰতিবাদ জনোৱা উচিত। বহু ক্ষেত্ৰত দেখা যায় যে ভয় বা লজ্জাৰ বাবে মহিলা কৰ্মচাৰীয়ে অভিযোগ নকৰে, যাৰ ফলত দোষীয়ে সাহস পায়। সেইয়ে সচেতনতা আৰু সাহস দুয়োটাই সমানেই প্ৰয়োজনীয়।

শেষান্তৰত ক’ব পাৰি যে, মহিলা কৰ্মচাৰীয়ে যদি আইনগত জ্ঞান, ব্যক্তিগত সতৰ্কতা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ে, তেন্তে তেওঁলোকৰ কৰ্মজীৱন অধিক সুৰক্ষিত আৰু সফল হ’ব। একে সময়তে, সমাজ আৰু প্ৰতিষ্ঠান সমূহেও মহিলাৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰাটো অত্যন্ত প্ৰয়োজন। মহিলাৰ সুৰক্ষা মানে কেৱল ব্যক্তিগত বিষয় নহয়, ই এখন সুস্থ সমাজ গঢ়াৰ মূল ভেটি বুলি উল্লেখ কৰিব পাৰি।