মহামাৰী, যুদ্ধৰ দৰে প্ৰত্যাহ্বানইসমূহে ভাৰতৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে: প্ৰধানমন্ত্ৰী

মহামাৰী, যুদ্ধৰ দৰে প্ৰত্যাহ্বানইসমূহে ভাৰতৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু কোভিড-১৯ মহামাৰীৰ দৰে বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহে ভাৰতৰ বাবে আত্মনিৰ্ভৰশীল হোৱাটো অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আজিৰ পৃথিৱীত কেতিয়া কি হ’ব আৰু ই আমাক কেনেদৰে প্ৰভাৱিত কৰিব সেয়া অনুমান কৰা কঠিন।” তেওঁ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰিছিল।