মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পাছতেই প্রধানমন্ত্ৰীৰ বক্তব্যৰ ভূয়সী প্রশংসা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

p.c.- Deccan herald

মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পাছতেই প্রধানমন্ত্ৰীৰ বক্তব্যৰ ভূয়সী প্রশংসা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘মন কী বাত’ অনুষ্ঠানটোত কোকৰাঝাৰ চহৰত থকা এখন ফ্লাইঅভাৰ সদায় পৰিস্কাৰ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় ৰাইজক প্রশংসা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  মন কী বাত অনুষ্ঠান শেষ হোৱাৰ পাছতেই প্রধানমন্ত্ৰীৰ বক্তব্যৰ ভূয়সী প্রশংসা কৰে। প্রধানমন্ত্রীয়ে স্বচ্ছ ভাৰত অভিযানক এক জনজাগৰণৰ ৰূপ দিয়া বুলি মুখ্যমন্ত্রী ড° শৰ্মাই মত পোষণ কৰে।দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ অসম ভ্ৰমণত ব্যস্ত হৈ থকা বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ পৰা মন কী বাত অনুষ্ঠানৰ অংশীদাৰ হয়। আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই প্রধানমন্ত্ৰীৰ মন কী বাতৰ প্ৰসংগ উল্লেখ কৰি কয় যে তেওঁ প্ৰতিটো মন কী বাতৰ অনুষ্ঠান শুনে। প্রধানমন্ত্ৰীৰ মন কী বাতত সদায় বিভিন্ন ক্ষেত্ৰৰ শ্ৰেষ্ঠ, অনুকৰণীয় বিষয়সমূহে স্থান পায়। মন কী বাতৰ প্ৰতিটো খণ্ডত অসমৰ এটা হলেও উদাহৰণ প্রধানমন্ত্রী মোদীয়ে দাঙি ধৰে। মন কী বাতৰ এনে বিষয় সদায় হৃদয়স্পর্শী হয়। মন কী বাতৰ এনে বিষয়ে নিঃসন্দেহে আমাৰ মন চুই যায়। মাতৃভাষাৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ বিষয়ে প্রধানমন্ত্রী মোদীয়ে দুবাৰকৈ উল্লেখ কৰিছে।